আজি অসম-মেঘালয়সহ উত্তৰ-পূৰ্বাঞ্চলত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা; সতৰ্কতা জাৰি বতৰ বিজ্ঞান বিভাগৰ

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
দেওবাৰে অসম আৰু মেঘালয়সহ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিচ্ছিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে। ইয়াৰ লগতে কেইবাটাও অঞ্চলত বজ্ৰপাত, ধুমুহা আৰু প্ৰচণ্ড বতাহ বলাৰ সম্ভাৱনাও আছে।
 
বতৰ বিজ্ঞান বিভাগৰ মতে, সোমবাৰ, ৭ ছেপ্টেম্বৰতো অসম আৰু মেঘালয়সহ উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাইত বতৰ সেমেকা হৈ থাকিব। অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বজ্ৰপাতৰ সৈতে ধুমুহা হোৱাৰ সম্ভাৱনা আছে।
দেশৰ অন্যান্য অঞ্চলতো দেওবাৰে মৌচুমী বায়ু সক্ৰিয় হৈ থাকিব। দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ কেইবাটাও অঞ্চলত বিচ্ছিন্নভাৱে প্ৰচণ্ড বৰষুণ হ’ব পাৰে। দিল্লীত দেওবাৰে আকাশ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। অৱশ্যে দিল্লীৰ বাবে কোনো ৰঙীন সতৰ্কতা জাৰি কৰা হোৱা নাই। আনহাতে, গুৰুগ্ৰাম, ফৰিদাবাদ, গাজিয়াবাদ আৰু নয়ডাত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে।
 
যোৱা দুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দিল্লী-এনচিআৰৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বান হোৱাৰ লগতে গুৰুগ্ৰামত ব্যাপক যানজঁটৰ সৃষ্টি হৈছে। দেওবাৰে বিহাৰ, পূব মধ্যপ্ৰদেশ, পূব ৰাজস্থান, গংগেয় পশ্চিমবংগ, জম্মু-কাশ্মীৰ, লাডাখ, কৰ্ণাটক, উপ-হিমালয় পশ্চিমবংগ আৰু ছিকিমৰ কিছু অঞ্চলতো বজ্ৰপাত আৰু ধুমুহাৰ সৈতে ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে।
 
সোমবাৰে অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, বিহাৰ, পূব মধ্যপ্ৰদেশ, পূব উত্তৰ প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা, উপ-হিমালয় পশ্চিমবংগ আৰু ছিকিম, উত্তৰাখণ্ড আৰু পশ্চিম মধ্যপ্ৰদেশৰ বিচ্ছিন্ন অঞ্চলত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ আন কেইবাটাও অঞ্চলত বজ্ৰপাত আৰু ধুমুহাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে।