গুৱাহাটী
ৰাজ্যত বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ'লেও বহু অঞ্চলত এতিয়াও উদ্ধাৰ, সাহায্য আৰু পুনৰসংস্থাপনৰ কাম পূৰ্ণ গতিত চলি আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে সামাজিক মাধ্যমত লাইভ যোগে ৰাজ্যবাসীক সম্বোধন কৰি তেওঁ কয়, পথ আৰু নৌপথেৰে যাব নোৱাৰা বহু দুৰ্গম অঞ্চললৈও চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, ভাৰতীয় বায়ুসেনাই বানত বিচ্ছিন্ন হৈ পৰা দুৰ্গম অঞ্চলসমূহলৈ আকাশপথেৰে সাহায্য সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহায় কৰি আহিছে। শনিবাৰে শিৱসাগৰ জিলাৰ নাজিৰাত সাহায্য বিতৰণ কৰাৰ পিছত দেওবাৰেও শিৱসাগৰৰ আন কেইবাটাও দুৰ্গম অঞ্চলত বায়ুসেনাৰ হেলিকপ্টাৰেৰে সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে।
তেওঁ কয়, বহু বানাক্ৰান্ত অঞ্চল এতিয়াও পথ বা নাৱেৰে সহজে পোৱা সম্ভৱ হোৱা নাই। এনে পৰিস্থিতিত আকাশপথেৰে সাহায্য সামগ্ৰী প্ৰেৰণ কৰাটোৱেই আটাইতকৈ ফলপ্ৰসূ উপায় হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যজুৰি উদ্ধাৰ অভিযান অব্যাহত আছে আৰু প্ৰয়োজন অনুসৰি বিভিন্ন সংস্থাই নাৱেৰে লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি আছে।
মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে, বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় মূল্যায়নকাৰী দলে দেওবাৰৰ পৰা অসম ভ্ৰমণ আৰম্ভ কৰিছে। দলটোৱে বানপীড়িত জিলাসমূহ পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিব আৰু সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব, যাতে পৰৱৰ্তী সাহায্য আৰু পুনৰনিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।
সাহায্য সামগ্ৰী বিতৰণত পলম হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, চৰকাৰে কোনো বানপীড়িত অঞ্চলক অৱহেলা কৰা নাই। অৱশ্যে বানৰ বাবে কিছুমান অঞ্চললৈ প্ৰশাসনৰ দল এতিয়াও পোৱাত অসুবিধা হৈছে বুলি তেওঁ স্বীকাৰ কৰে।
তেওঁ কয়, সাহায্য লাভত পলম হোৱাত বানপীড়িত লোকসকলৰ অসন্তুষ্টি স্বাভাৱিক। কিন্তু পৰিস্থিতি অনুকূল হোৱাৰ লগে লগে প্ৰতিগৰাকী ক্ষতিগ্ৰস্ত পৰিয়ালৰ ওচৰলৈ চৰকাৰ পোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
বানৰ প্ৰভাৱ শিক্ষা খণ্ডতো পৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বহু বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু চৌহদ বানপানী নামি যোৱাৰ পিছত বোকা আৰু পলসে ঢাকি পেলাইছে।
এই বিদ্যালয়সমূহ পুনৰ সচল কৰাৰ বাবে চৰকাৰে জৰুৰী আৰ্থিক সাহায্য আগবঢ়োৱাৰ বিষয়টো বিবেচনা কৰি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। বিদ্যালয়সমূহলৈ পোনপটীয়াকৈ ধন স্থানান্তৰৰ ব্যৱস্থা কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মেৰামতিৰ কাম দ্ৰুতগতিত সম্পন্ন কৰাৰ পৰিকল্পনা চলি আছে।
ইফালে, বানপীড়িত লোকসকলৰ সহায়ৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে বিশেষকৈ বিজেপিৰ কৰ্মীসকলক সাহায্য অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, ৰাজ্যত থকা প্ৰায় ৫০ লাখ বিজেপি সদস্যৰ স্বেচ্ছা অনুদানৰ জৰিয়তে প্ৰায় ১২ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
সংগ্ৰহ কৰা এই ধনেৰে বানপীড়িত মহিলাসকলৰ বাবে চাদৰ-মেখেলা আৰু শিশুসকলৰ বাবে পেণ্ট-টি-চাৰ্ট আদি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, চলি থকা অসম বিধানসভাৰ বাজেট অধিৱেশন শেষ হোৱাৰ পিছত ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীক শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটৰ দৰে অধিক ক্ষতিগ্ৰস্ত জিলাসমূহলৈ প্ৰেৰণ কৰা হ'ব। প্ৰতিগৰাকী মন্ত্ৰীয়ে নিৰ্দিষ্ট জিলাৰ পুনৰসংস্থাপন আৰু আন্তঃগাঁথনি পুনৰনিৰ্মাণৰ কামৰ তদাৰক কৰিব, যাতে বানৰ ফলত হোৱা ক্ষতি দ্ৰুতগতিত পূৰণ কৰিব পৰা যায়।