বিদেশী বুলি বাংলাদেশলৈ বিতাড়ন কৰা নগাঁৱৰ মহিলাক ঘূৰাই আনিবলৈ অসম চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ
গুৱাহাটী
বিদেশী বুলি সন্দেহ কৰি বাংলাদেশলৈ বিতাড়ন কৰা নগাঁৱৰ জুৰীয়াৰ এগৰাকী মহিলাক ঘূৰাই আনিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মহিলাগৰাকীক বিতাড়ন কৰাৰ সমগ্ৰ পৰিস্থিতিক অতি গুৰুত্বসহকাৰে লৈ আদালতে কৰ্তৃপক্ষক মহিলাগৰাকীৰ স্বামীক ২ লাখ টকাৰ অন্তৱৰ্তীকালীন ক্ষতিপূৰণ প্ৰদান কৰিবলৈকো নিৰ্দেশ দিছে।
মমতাজ বেগম বুলি চিনাক্ত হোৱা ভুক্তভোগী মহিলাগৰাকী নগাঁও জিলাৰ জুৰীয়াৰ বাসিন্দা। আনহাতে, বিদেশী নাগৰিক বুলি সন্দেহ কৰি জাহানাৰা খাতুন নামৰ আন এগৰাকী মহিলাকো একেদৰেই বাংলাদেশলৈ বিতাড়ন কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।
উচ্চ ন্যায়ালয়ৰ এই হস্তক্ষেপে বিদেশী বুলি সন্দেহ কৰা লোকসকলক চিনাক্ত আৰু বিতাড়ন কৰাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই গ্ৰহণ কৰা সৰ্বমুঠ প্ৰক্ৰিয়াটোৰ ওপৰত এক ডাঙৰ প্ৰশ্নৰ অৱতাড়না কৰিছে৷
লগতে, ভুলৱশতঃ বিদেশী নাগৰিক হিচাপে চিনাক্ত হ'ব পৰা প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ বাবে থকা আইনী সুৰক্ষাকৱচৰ দিশটোৰ প্ৰতিও এই সমগ্ৰ বিষয়টোৱে দৃষ্টি আকৰ্ষণ কৰিছে।