গুৱাহাটী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অসমৰ ৰাজ্যপালৰ অনুমোদনৰ পিছত নৱগঠিত মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰ আবণ্টনৰ ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে জাৰি কৰা অধিসূচনাত উল্লেখ কৰা অনুসৰি, শৰ্মাই গৃহ আৰু ৰাজনৈতিক, লোক নিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ), লোক নিৰ্মাণ বিভাগ (পথ), শক্তি, তথ্য আৰু জনসংযোগ, মুদ্ৰণ আৰু লিখন-সামগ্ৰী আদি গুৰুত্বপূৰ্ণ বিভাগসমূহ নিজৰ হাতত ৰাখিছে। ইয়াৰ উপৰিও, আন কোনো মন্ত্ৰীক নিৰ্দিষ্টভাৱে আৱণ্টন নকৰা যিকোনো বিভাগৰ দায়িত্বও মুখ্যমন্ত্ৰীয়েই চম্ভালিব।
গুৰুত্বপূৰ্ণ দপ্তৰ বণ্টনৰ ভিতৰত, জয়ন্ত মল্ল বৰুৱাক বিত্ত, পৰিৱেশ আৰু বন, তথা খনি আৰু খনিজ সম্পদ বিভাগৰ দায়িত্ব দিয়া হৈছে। আনহাতে, অশোক সিংহলে পূৰ্বৰ দৰেই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্ব বহন কৰিব।
ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতীয় পৰিক্ৰমা (ভৈয়াম অঞ্চল) আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। পীযূষ হাজৰিকাই কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব লাভ কৰিছে। কেশৱ মহন্তই ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, লগতে সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব চম্ভালিব।
বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, আৰু এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগ আৱণ্টন কৰা হৈছে। বিশ্বজিৎ দৈমাৰীয়ে হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম উদ্যোগ, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যোগিতা, আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব লাভ কৰিছে।
কৌশিক ৰায়ক খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিক্ৰমা, আৰু সমবায় বিভাগ দিয়া হৈছে। কৃষ্ণেন্দু পলে জনস্বাস্থ্য কাৰিকৰী, পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব চম্ভালিব।
নীলমা দেৱীক পশুপালন আৰু পশু চিকিৎসা, আৰু মীন বিভাগ আৱণ্টন কৰা হৈছে। সুশান্ত বৰগোহাঁইয়ে জল সম্পদ আৰু ন্যায় বিভাগৰ দায়িত্ব লাভ কৰিছে। অশ্বিনী ৰায় চৰকাৰে সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, আৰু সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব পাইছে।
মন্ত্ৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰে যে নতুন মন্ত্ৰী পৰিষদে নিষ্ঠা আৰু দায়বদ্ধতাৰে অসমৰ জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰিব আৰু ৰাজ্যখনৰ উন্নয়ন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক ত্বৰান্বিত কৰিব।
ইয়াৰ পোৰ্বে মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে শপত গ্ৰহণ কৰা আন চাৰি জ্যেষ্ঠ মন্ত্ৰীৰ ভিতৰত অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, আৰু আবকাৰী বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
আনহাতে, ৰামেশ্বৰ তেলীক ৰূপান্তৰণ আৰু উন্নয়ন, শ্ৰমিক কল্যাণ, আৰু চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব দিয়া হৈছে আৰু চৰণ বড়োক পৰিবহণ আৰু বডোলেণ্ডৰ কল্যাণৰ দপ্তৰ আবণ্টন দিয়া হৈছে।