'দেউল'ত ৰঙীন বৰপেটা সত্ৰ

Story by  atv | Posted by  [email protected] • 1 h ago
'দেউল'ত ৰঙীন বৰপেটা সত্ৰ
'দেউল'ত ৰঙীন বৰপেটা সত্ৰ
 
স্বপ্না দাস 
 
মহাপুৰুষ মাধৱদেৱৰ পিছতে সত্ৰৰ দ্বায়িত্ব গ্ৰহণ কৰা মথুৰা দাস বুঢ়া আতাৰ দিনত বৈকুণ্ঠৰ আৰ্হিত দৌলযাত্ৰা আৰম্ভ হয় 'দ্বিতীয় বৈকুণ্ঠপুৰী' খ্যাত বৰপেটা সত্ৰত। তেতিয়াৰে পৰা আজিলৈকে বৰপেটা সত্ৰত উচাহ আৰু আড়ম্বৰৰেৰে 'দেউল' উৎসৱ অনুষ্ঠিত হৈ আহিছে। বৰপেটা সত্ৰত দৌল গোৱিন্দ আৰু শ্যামৰায়ৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা দিনৰে পৰা বিগ্ৰহকেন্দ্ৰিকভাৱে 'দেউল' উৎসৱ পালন কৰা হৈ আহিছে। 
 
নক্ষত্ৰ গণনা অনুসৰি ফাগুন মাহৰ পূৰ্ণিমা তিথিত 'দেউল' হ'লে চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ আৰু চ'ত মাহৰ পূৰ্ণিমা তিথিত আৰম্ভ হ'লে তিনিদিনীয়াকৈ 'দেউল' পালন কৰা হয় বৰপেটা সত্ৰত। ফাগুনত হোৱা দৌলোৎসৱক 'ডেকা দেউল' আৰু চ'তত হোৱা দৌলোৎসৱক 'বুঢ়া দেউল' হিচাপে উদযাপন কৰি আহিছে বৰপেটাবাসীয়ে। 
 
দৌলোত্‍সৱৰ প্ৰথম দিনটোৰ 'গন্ধযাত্ৰা' বা 'বহ্নোৎসৱ' বা 'গন্ধ', দ্বিতীয় দিনটোৰ 'ভৰ দেউল' আৰু তাৰ পাছৰ দিনাৰ 'সুঁৱেৰী' বা 'ফাঁকুৱা' এই সকলোবোৰ সামৰিয়েই সত্ৰীয়া পৰম্পৰাৰে উদযাপন কৰা হয় বৰপেটাৰ দেউল। গন্ধোৎসৱৰ দিনা দৌলগোবিন্দ আৰু শ্যামৰায় (কৈলা বাবা) দুয়োটা বিগ্ৰহক মণিকূটৰ পৰা 'চলে কানু বিৰিন্দাবনে' গীত গাই গাই পৰম্পৰাগত নীতি-নিয়ম অনুসৰি গায়ন-বায়নে সত্ৰৰ বাহিৰলৈ উলিয়াই আনি মঠৰ চোতালত বৰ শৰাইত ৰাখে আৰু তাতে গোঁসাইক অধিবাস আৰু স্নান কৰায়। ইয়াৰ পাছত টুপৰ চোতালত নল, খাগৰি, ইকৰাবনেৰে সজোৱা মেজিত জুই লগাই মেজিৰ চাৰিওফালে দুয়োটা 'গহে'ক (বৰপেটাত 'গোঁসাই'ক 'গহে' বোলে।) খোল-তাল বজাই সাংস্কৃতিক শোভাযাত্ৰাৰে সাতবাৰকৈ প্ৰদক্ষিণ কৰায়। ইয়াকে স্থানীয়ভাৱে 'গহেক মাগ্ (মাঘ) পুওৱা' বুলি কোৱা হয়।  
 
বৰপেটা সত্ৰৰ দৌল উৎসৱ
 
একে সময়তে দৌলগৃহত থকা চোতালত বৰপেটাৰ থলুৱা আতচবাজীৰ প্ৰদৰ্শন কৰা হয় আৰু ফানুচ উৰুওৱা হয়, যিটো বৰপেটাৰ দৌলোৎসৱৰ অন্য এক আকৰ্ষণীয় পৰম্পৰা। 'মাঘ পুওৱা'ৰ অন্তত গোসাঁইক 'যোগমোহন' গৃহত ৰখা হয়। ইয়াক 'গহে জিৰণি লোৱা' বুলি কয়। গন্ধৰ নিশাই নিৰ্দিষ্ট সময়ত নক্ষত্র মিলিলে কলিয়া গোঁসাইক দৌলগৃহত আৰোহণ কৰোৱা হয়; সমানেই হোলী গীতেৰে মুখৰ হয় কীৰ্ত্তন ঘৰৰ চৌদিশ।
 
"ফাগু খেলায় কৰুণাময় এ নন্দকুমাৰ।
দেৱৰ দুৰ্লভ কেলি ফাগুৰ বিহাৰ।।"
 
পূৰ্বফাল্গুনী আৰু উত্তৰফাল্গুনী নক্ষত্ৰৰ মাজৰ সময়খিনি গহে (গোঁসাই) দৌলতে থাকে। তেতিয়াৰ পৰাই 'ভৰ দেউল' আৰম্ভ হয় আৰু নক্ষত্ৰৰ স্থানান্তৰত ভিত্তি কৰিয়েই 'ভৰ দেউল' এদিন, দুদিন বা তিনিদদিনীয়াও হয়। এই 'ভৰ দেউল'ৰ দিনকেইটাত ভক্তপ্ৰাণ লোকসকলে দৌল গৃহত অধিৰোহিত গোসাঁইৰ চৰণত আশিস বিচাৰি সেৱা জনাই আৰু আবিৰ ছটিয়াই গোঁসাই দর্শন কৰে। 
 
দেউলৰ শেষৰ দিনটো সুঁৱেৰী বা ফাকুৱা। সেইদিনা ডেকা-বুঢ়া সকলোৱে মিলি এগৰাকীয়ে আনএগৰাকীক শ্ৰদ্ধা আৰু স্নেহভাৱেৰে আবিৰৰ ৰং সানি আনন্দ কৰে। ইপিনে সেইদিনাই দৌলত থকা গোঁসাইদ্বয়ক দোলাত উঠাই 'সুঁৱেৰী ফুৰাব'লৈ বৰপেটা সত্ৰৰ পৰা দক্ষিণ পিনে থকা কলবাৰী সত্ৰলৈ 'হেকেতা' খুৱাবলৈ নিয়ে। তাৰ পৰা গোসাঁইদ্বয়ক ওভতাই আনি পুনৰ বৰপেটা সত্ৰত প্ৰৱেশ কৰোৱাৰ পৰত লক্ষ্মীপক্ষৰ ভক্তসকলে গোসাঁইদ্বয়ক বাটচ'ৰাতে চাৰিডাল ভলুকা বাঁহেৰে ভেটা দিয়ে। ইয়াৰ কাৰণ-- লক্ষ্মীৰ অলক্ষিতে শ্ৰীকৃষ্ণই ঘুনুচাবাৰীত থাকি অহাৰ বাবে শ্ৰীকৃষ্ণ লক্ষ্মীৰ ৰোষত পৰে! লক্ষ্মীপক্ষৰ লোকে গোসাঁইক সত্ৰৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰিবলৈ দিয়া ভলুকা বাঁহৰ হেঙাৰ আঁতৰাবলৈ কৃষ্ণপক্ষ আৰু লক্ষ্মীপক্ষৰ মাজত হোৱা টনা-আঁজোৰাত বাঁহ ভাঙি গোসাঁইক সত্ৰত প্ৰৱেশ কৰায়।
 
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ
 
ভক্তিৰস জড়িত থকা বাবেই বাঁহ কেৱল হাতেৰেহে ভঙা হয়; কোনো লোকে ভৰিৰে স্পৰ্শ নকৰে। এই বাঁহৰ টুকুৰা ঘৰত ৰাখিলে চ'তৰ বৰদৈচিলাই ঘৰৰ হানি-বিঘিনি ঘটাব নোৱাৰে বুলি প্ৰচলিত জনবিশ্বাসৰ বাবেই বাঁহৰ টুকুৰা ৰাইজে নিজৰ ঘৰলৈ পবিত্র জ্ঞান কৰি লৈ যায়। ইয়াৰ পাছত গোসাঁইদ্বয়ক কীৰ্তন ঘৰৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰোৱা হয় আৰু উত্তৰ দুৱাৰেদি নি মণিকূটত প্ৰতিষ্ঠা কৰে। গোসাঁই মণিকুটত প্ৰতিষ্ঠা কৰাৰ পিচত ১০৮বাৰ দবা কোবোৱা হয় আৰু এনেদৰেই উলহ-মালহেৰে দৌল উৎসৱৰ সামৰণি পৰে।  
 
৫৫০ বছৰৰো অধিক পূৰ্বৰ পৰম্পৰাৰে আজিও একেদৰেই উদযাপন কৰা হয় বৰপেটাৰ 'দেউল' উৎসৱ। 'দেউল'ৰ শেষৰ দিনাখন ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰে সত্ৰনগৰী বৰপেটা । ফল্গুৎসৱৰ কেইদিন মনপৰশা, ছন্দোময় সুৰীয়া হোলীগীতেৰে গুঞ্জৰিত হৈ থাকে বৰপেটাবাসীৰ মন-প্ৰাণ, আকাশ-বতাহ। শাস্ত্ৰীয় উপকৰণ মিশ্ৰিত বৰপেটাৰ প্ৰাণোচ্ছল হোলীগীতবোৰে ৰাজ্যৰ উপৰি প্ৰান্তে প্ৰান্তে গুৰুত্ত্বপূৰ্ণ স্থান দখল কৰি বৰপেটাৰ এক সুকীয়া পৰিচয় বহন কৰি আহিছে।
 
মাখিবাহা সভা মহোৎসৱৰ এটি মুহূৰ্ত
 
"গকুল মাজে আজিহে গকুল মাজে মধুৰ,
মধুৰ মুৰুলী বাজে।
নন্দেৰ নন্দন ব্ৰজেৰ জীৱন 
ফাগু ৰসে খেলন খেলায়...।।"
 
প্ৰায়বোৰ উৎসৱৰ লগতেই সেই ঠাইৰ পৰম্পৰাগত খাদ্যৰো থাকে এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। দৌল উৎসৱক কেন্দ্র কৰি অসমৰ ঠায়ে ঠায়ে পৰম্পৰাগত নানাবিধ লাড়ু-পিঠা, জলপানৰ প্ৰস্তুতি আৰু পৰিবেশন ব্যৱস্থা কৰাৰ উপৰি বৰপেটাত বিশেষকৈ প্ৰচলিত 'ৰাঙাডিমা', বগৰীৰ চপ, 'আলুভাজা'ৰ জুতি ল'বলৈ সকলো আগ্ৰহী।
 
শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ মহৎ সৃষ্টি 'চিহ্নযাত্ৰা'ৰ সমাপ্তিৰ পিছত মাত্ৰ একুৰি এবছৰ বয়সতে বৰদোৱা সত্ৰত সাতোটা চিৰিৰ দৌল নিৰ্মাণ কৰি, কলপুলি পুতি চন্দ্ৰতাপেৰে বেৰি সত্ৰীয়া নীতি আৰু বৈকুণ্ঠৰ আংগিকেৰে ফল্গুৎসৱৰ শুভাৰম্ভ কৰিছিল হেনো। তেতিয়াৰে পৰা দৌল উৎসৱ পৰম্পৰাগতভাৱে আৰু উলহ-মালোহেৰে আজিও পালন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ উপৰি বৰপেটা ৰোড শাখা সত্ৰকে আদি কৰি আটাইকেইখন সত্ৰ, আন আন শাখা সত্ৰ আৰু বহুকেইখন থানত পৰম্পৰাগত পদ্ধতিৰে দৌল উৎসৱ পালন কৰা হয়। তদুপৰি ৰাজহুৱা স্থানত বা ৰাজ্যৰ চুবুৰীয়ে চুবুৰীয়েও অতি আনন্দ-উল্লাসেৰে ৰঙৰ উৎসৱ উদযাপন কৰা হয়।  
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)