তিনিচুকীয়া
জম্মু-কাশ্মীৰৰ বুলি দাবী কৰা ৪৪ জনীয়া এটা সন্দেহজনক লোকৰ দলক সোমবাৰে অসমৰ নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত আটক কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
দলটো চণ্ডীগড় এক্সপ্ৰেছেৰে আহি তিনিচুকীয়াত উপস্থিত হোৱাত স্থানীয় যুৱক কেইজনমানে তেওঁলোকৰ সন্দেহ হোৱাত দলটোক আটক কৰে। ঘটনা সন্দৰ্ভত চৰকাৰী ৰে’ল আৰক্ষী (GRP) আৰু হিজুগুৰি থানাৰ আৰক্ষীক অৱগত কৰাত GRP আৰু হিজুগুৰি আৰক্ষী ঘটনাটোৰ তদন্ত কৰিবলৈ ৰে’ল ষ্টেচনত উপস্থিত হয়।
এজন ঠিকাদাৰৰ নিমন্ত্ৰণক্ৰমে জম্মু-কাশ্মীৰৰ পৰা তেওঁলোক অহা বুলি উল্লেখ কৰে যদিও তেওঁলোকৰ কোনোজনেই ঠিকাদাৰৰ নাম স্পষ্টকৈ উল্লেখ কৰিব নোৱাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
সোধা-পোছাৰ সময়ত, দলটোৰ একাংশই তেওঁলোক প্ৰথমবাৰৰ বাবে তিনিচুকীয়ালৈ অহা বুলি উল্লেখ কৰি টাৱাৰ নিৰ্মাণ আৰু মাটি খন্দা কামৰ লগতে অৰুণাচলত প্ৰকল্পত শ্ৰমিক হিচাপে কাম কৰিবলৈ অহা বুলি কয়। আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰি আছে বুলি জানিবলৈ দিছে।