হাছিনাৰ বিৰুদ্ধে বিশেষ ন্যায়াধিকৰণৰ ৰায়দানৰ পূৰ্বে বাংলাদেশত সষ্টম নিৰাপত্তা সংস্থা

Story by  atv | Posted by  [email protected] • 2 h ago
বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা
বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা
 
ঢাকা

বিগত বৰ্ষত চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ অভিযোগত অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ বিৰুদ্ধে বিশেষ আদালতৰ ৰায়দানৰ পূৰ্বে বাংলাদেশৰ নিৰাপত্তা সংস্থাসমূহ সষ্টম হৈ পৰিছে।
 
চৰকাৰী সংবাদ সংস্থা BSS-এ গৃহ উপদেষ্টা জাহাংগীৰ আলম চৌধুৰীৰ উদ্ধৃতি দি কয়, "দেশজুৰি অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে আইন বলবৎকাৰী সংস্থাসমূহে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে"।
 
বাংলাদেশৰ গৃহ উপদেষ্টা জাহাংগীৰ আলম চৌধুৰী
 
বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ বিচাৰপীঠ (ICT-BD)-এ সোমবাৰে ৭৮ বছৰীয়া হাছিনাৰ বিৰুদ্ধে ৰায়দান কৰিব। হাছিনা, তেওঁৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কামাল আৰু তাৰ পিছত আৰক্ষী মহাপৰিদৰ্শক(IGP) চৌধুৰী আব্দুল্লা আল-মামুনক পাঁচটা গোচৰৰ অধীনত অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। প্ৰথমটো আছিল হত্যাৰ অভিযোগ, হত্যাৰ চেষ্টা, নিৰ্যাতন আৰু অন্যান্য অমানৱীয় কাৰ্যকলাপ।
 
ন্যায়াধিকৰণত তেওঁলোকৰ বিচাৰ চলিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু কামালক আদালতে পলাতক বুলি ঘোষণা কৰি তেওঁলোকৰ অনুপস্থিতিত বিচাৰ চলাইছিল। মামুন ব্যক্তিগতভাৱে বিচাৰৰ সন্মুখীন হৈছিল যদিও তেওঁ অনুমোদনকাৰী বা ৰাজ সাক্ষী হিচাপে আত্মপ্ৰকাশ কৰিছিল।
 
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ৰ প্ৰতিবেদন অনুসৰি, যোৱা বছৰৰ ১৫ জুলাইৰ পৰা ১৫ আগষ্টৰ ভিতৰত ১,৪০০ জন লোকক হত্যা কৰা হৈছিল (যি জুলাইৰ বিদ্ৰোহ বুলি অভিহিত), য’ত হাছিনাৰ চৰকাৰে প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰাৰ নিৰ্দেশ দিছিল।
 
যোৱা বছৰ গণ বিক্ষোভৰ সময়ত মানৱতাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ আঁৰৰ “মাষ্টাৰমাইণ্ড আৰু মূল হোতা” বুলি হাছিনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মুখ্য অধিবক্তা মহম্মদ তাজুল ইছলামে হাছিনাৰ মৃত্যুদণ্ড দাবী কৰে। ইপিনে, হাছিনাৰ সমৰ্থকসকলে তেওঁৰ বিৰুদ্ধে থকা অভিযোগসমূহ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি প্ৰকাশ কৰে।
 
হাছিনাৰ সমৰ্থকসকল
 
২৮ দিন ধৰি চলি থকা এই গোচৰৰ শুনানি ২৩ অক্টোবৰত সামৰণি পৰে। ৫৪ জন সাক্ষীয়ে আদালতৰ আগত ৫ আগষ্ট, ২০২৪ তাৰিখে হাছিনাৰ আৱামী লীগৰ চৰকাৰক উৎখাত কৰা 'জুলাই বিদ্ৰোহ’ নামৰ ছাত্ৰ নেতৃত্বাধীন আন্দোলনটোক কিদৰে মষিমূৰ কৰাৰ চেষ্টা কৰা হৈছিল সেই বিষয়ে বৰ্ণনা কৰে।
 
বিগত বৰ্ষৰ ৫ আগষ্টত উদ্ভৱ হোৱা অশান্তিৰ মাজতে হাছিনাই বাংলাদেশ এৰি পলায়ন কৰে আৰু বৰ্তমান তেওঁ ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে। কামালেও চুবুৰীয়া দেশত আশ্ৰয় লৈ আছে।
 
মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে হাছিনাৰ প্ৰত্যৰ্পণৰ বাবে দাবী জনাই আহিছে যদিও ভাৰতে তেওঁৰ দাবীৰ প্ৰতি সঁহাৰি জনোৱা নাই।
 
হাছিনা আৰু আন দুজনৰ বিৰুদ্ধে পাঁচটা গোচৰৰ অধীনত অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। প্ৰথমটো অভিযোগ আছিল হত্যা, হত্যাৰ চেষ্টা, নিৰ্যাতন আৰু অন্যান্য অমানৱীয় কাৰ্যৰ।
 
দ্বিতীয়টো গোচৰত হাছিনাৰ বিৰুদ্ধে প্ৰতিবাদকাৰীক 'নিঃশেষ' কৰাৰ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল। তৃতীয় গোচৰৰ অধীনত উত্তেজনামূলক মন্তব্য কৰা আৰু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে মাৰাত্মক অস্ত্ৰ ব্যৱহাৰৰ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। বাকী কেইটা অভিযোগৰ অধীনত, অভিযুক্তসকলক ঢাকা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসহ ছজন নিৰস্ত্ৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।
 
বিগত বৰ্ষৰ আগষ্ট মাহত ছাত্ৰ-ছাত্ৰীসকলৰ নেতৃত্বত হোৱা ব্যাপক আন্দোলনৰ পিছত হাছিনাক বহিষ্কাৰ কৰাৰ পিছত হাছিনাৰ বিৰুদ্ধে বাংলাদেশত বহু গোচৰ ৰুজু কৰা হয়।
 
আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত
 
শেহতীয়াকৈ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত হাছিনাই ICT-BDক 'কেংগাৰু আদালত' বুলি অভিহিত কৰে।
 
ব্ৰিটেইনৰ আগশাৰীৰ আইন সংস্থা ডাউটি হাউছ চেম্বাৰ্ছে শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ ওচৰত “জৰুৰী আবেদন” দাখিল কৰি কয় যে হাছিনাৰ বিচাৰ 'ৰাজনৈতিক প্ৰতিশোধৰ পৰিৱেশত, কোনো গণতান্ত্ৰিক নিৰ্দেশ অবিহনে অ-নিৰ্বাচিত অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত' চলি আছে।
 
যোৱা মাহত আৱামী লীগে হেগস্থিত ICCৰ ওচৰত এখন আবেদন দাখিল কৰি ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰক মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰাৰ অভিযোগ উত্থাপন কৰিছিল, য’ত সদস্যসকলক হত্যা আৰু স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ আছিল।
 
১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুঁজৰ সময়ত পাকিস্তানী সৈন্যৰ সহযোগীসকলৰ বিচাৰ কৰাৰ বাবে পূৰ্বৰ চৰকাৰে ICT-BD গঠন কৰিছিল, তেতিয়া তাজুল অভিযুক্তসকলৰ পক্ষ ল’বলৈ মূল অধিবক্তা হিচাপে উপস্থিত হৈছিল।
 
ইউনুছৰ প্ৰশাসনে ICT-BD আইন সংশোধন কৰি হাছিনাকে ধৰি পূৰ্বৰ শাসনৰ নেতাসকলৰ বিচাৰ কৰিবলৈ তাজুলক ইয়াৰ মুখ্য অধিবক্তা হিচাপে নিযুক্তি দিয়ে।
 
আৱামী লীগৰ অধিকাংশ নেতা আৰু পূৰ্বৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ ব্যক্তি এতিয়া কাৰাগাৰত আছে বা দেশ-বিদেশত আত্মগোপন কৰি আছে।