আৱাজ - দ্য ভইচ অসম ব্যুৰো
ৰণবীৰ সিঙৰ 'ধুৰন্ধৰ’ ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। মাত্ৰ ২৪ দিনতে একচন থ্ৰিলাৰ ছবিখনে বিশ্বজুৰি ১,০৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰি এতিয়ালৈকে ভাৰতীয় ব্লকবাষ্টাৰৰ অন্যতম বৃহৎ ছবি হিচাপে আত্মপ্ৰকাশ কৰিছে। ২৮ ডিচেম্বৰ অৰ্থাৎ চতুৰ্থটো দেওবাৰে ছবিখনে বিশ্বজুৰি বক্স অফিচত ১,০৬৪ কোটি টকা উপাৰ্জন কৰি শ্বাহৰুখ খানৰ 'পাঠান' আৰু প্ৰভাসৰ 'কল্কী 2898 AD' ৰ অভিলেখ ভংগ কৰে। ইয়াৰ লগে লগে ছবিখন সৰ্বকালৰ সপ্তম সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, মাত্ৰ ২৪ দিনতে এই স্পাই থ্ৰিলাৰখনে ভাৰতীয় বক্স অফিচত ৬.৯ বিলিয়ন টকা উপাৰ্জন কৰিছে আৰু দেশখনত সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবি হিচাপে পৰিগণিত হৈছে। আদিত্য ধৰ পৰিচালিত ছবিখনে সপ্তাহৰ পিছত সপ্তাহ ধৰি অভিলেখ সৃষ্টি কৰি আহিছে। দ্বিতীয় আৰু তৃতীয় সপ্তাহত ঐতিহাসিক সংখ্যক বক্স অফিচ কালেচনৰ পিছত ধুৰন্ধৰে চতুৰ্থ সপ্তাহৰ শেষৰ ফালে ৬২ কোটি টকা উপাৰ্জন কৰি আন এক অভূতপূৰ্ব সাফল্য অৰ্জন কৰে।
'ধুৰন্ধৰ’ ছবিখনৰ এক দৃশ্য
Sacnilk.com ৰ তথ্য অনুসৰি ঘৰুৱা বক্স অফিচত ছবিখনে ৬৯০.২৫ কোটি টকা আয় কৰিছে। বাণিজ্য বিশ্লেষকসকলে আশা কৰিছে যে অনাগত দিনত হিন্দী ছবিখনে ভাৰতত ৭০০ কোটি টকাৰ নেট কালেচনৰ সীমা অতিক্ৰম কৰিব।
বিদেশত বৰদিনৰ ছুটীৰ সময়ছোৱাত ছবিখনে অধিক উপাৰ্জন কৰিবলৈ সক্ষম হয়। আন্তৰ্জাতিকভাৱে ছবিখনে এতিয়ালৈকে ২৬ মিলিয়ন ডলাৰৰো অধিক উপাৰ্জন কৰি বিশ্বব্যাপী মুঠ উপাৰ্জন ১০০০ কোটি টকাৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। বিদেশত লাভ কৰা এই সঁহাৰিৰ বাবে বিশ্বজুৰি সফল ভাৰতীয় ছবিৰ তালিকাত 'ধুৰন্ধৰ’-এ শীৰ্ষ স্থান লাভ কৰিছে।
কেৱল দেওবাৰে ছবিখনে সমগ্ৰ বিশ্বত ৩০ কোটি টকাৰো অধিক উপাৰ্জন কৰি 'Kalki 2898 AD’ (১,০৪২ কোটি টকা) আৰু পাঠান (১,০৫৫ কোটি টকা) ৰ উপাৰ্জনৰ সংখ্যা অতিক্ৰম কৰে। ধুৰন্ধৰে এতিয়া 'জোৱান', 'KGF Chapter 2' আৰু 'RRR'ৰ দৰে উপাৰ্জন কৰাৰ লক্ষ্য ৰাখিছে যদিও 'দংগল', 'বাহুবলী-২' আৰু 'পুষ্পা-২' উপাৰ্জনৰ ক্ষেত্ৰত বৰ্তমানো বহুদূৰ আগবাঢ়ি আছে।
অক্ষয় খান্না
আদিত্য ধৰে পৰিচালনা কৰা 'ধুৰন্ধৰ’ত ৰণবীৰ সিঙে 'হামজা’ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে এজন ভাৰতীয় এজেণ্ট হিচাপে কৰাচীৰ অপৰাধ জগত তথা উগ্ৰপন্থীৰ নেটৱৰ্কত প্ৰৱেশ কৰে। ছবিখনত অক্ষয় খান্না, অৰ্জুন ৰামপাল, সঞ্জয় দত্ত আৰু আৰ মাধৱনেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে। উল্লেখ্য যে, 'ধুৰন্ধৰ’ ছবিখন এই বৰ্ষৰ 'পুষ্পা-২’-ৰ ডাবিং সংস্কৰণৰ পিছত দ্বিতীয়খন হিন্দী ছবি যিয়ে দেশীয়ভাৱে সৰ্বোচ্চ আয় কৰিবলৈ সক্ষম হৈছে।
ইতিমধ্যে ইয়াৰ ছিকুৱেলৰ কাম চলি থকাৰ সময়তে ২০২৬ চনৰ মাৰ্চ মাহত ছবিগৃহত মুক্তি পোৱাৰ সম্ভাৱনা আছে 'ধুৰন্ধৰ: পাৰ্ট ২’। বৰ্তমানৰ গতি-প্ৰতিকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ফ্ৰেঞ্চাইজিটো আৰু অধিক বৃহৎ হ’ব বুলি অনুমান কৰা হৈছে।
আনহাতে, 'ধুৰন্ধৰ’-এ অভিলেখ সৃষ্টিকাৰী ছবি 'চাভা’ক অতিক্ৰম কৰেিছে। উল্লেখ্য যে এই বছৰৰ আৰম্ভণিতে নাগপুৰত সংঘটিত ঘটনাৰ বাবে এই ছবিখনৰ মোগল সম্ৰাট ঔৰংজেৱৰ চৰিত্ৰটোকে দায়ী কৰা হৈছিল।
ৰণবীৰ সিং, প্ৰভাস আৰু শ্বাহৰুখ খান
'চাভা’ আৰু এতিয়া 'ধুৰন্ধৰ’ ছবিৰ সাফল্যই নাটক, জাতীয়তাবাদ আৰু ৰাজ্যভিত্তিক কাহিনী কিদৰে বৃহৎ পৰিমাণৰ নাট্য উপাৰ্জনলৈ ৰূপান্তৰিত হয় তাকেই প্ৰতিপন্ন কৰে।
'ধুৰন্ধৰ’-এ শ্বাহৰুখ খানৰ ব্লকবাষ্টাৰ 'পাঠান' আৰু 'জোৱান'ক অতিক্রম কৰিছে। এই ছবি দুখনে ২০২৩ চনত একচন ধাৰাটো পুনৰুজ্জীৱিত কৰিছিল। এই দুয়োখন ছবিকে অতি-জাতীয়তাবাদী ধাৰণাৰ বাবে সঘনাই সমালোচনা কৰা হৈছিল। 'পাঠান' ছবিখনে দেশীয় বক্স অফিচত ৫.৪৩ বিলিয়ন টকা উপাৰ্জন কৰিছিল।
দেশীয় বক্স অফিচত পূৰ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি "ছাভা"ত অভিনয় কৰাৰ পিছত অক্ষয় খান্নাই একে বছৰত হিন্দী চিনেমাৰ ক্ষেত্ৰত দুখনকৈ সৰ্বাধিক উপাৰ্জনকাৰী ছবি উপহাৰ দিয়াৰ কৃতিত্ব লাভ কৰিছে। এই কৃতিত্বই তেওঁক শ্বাহৰুখ খানৰ সৈতে একেই শাৰীত ৰাখিছে৷ শ্বাহৰুখ খানে ২০২৩ চনত ‘পাঠান’ আৰু ‘জোৱান’ৰ সৈতে এই কৃতিত্ব অৰ্জন কৰিছিল।