মেক্সিকো
দক্ষিণ মেক্সিকোত যোৱা নিশা সংঘটিত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৯৮ জন লোক আহত হয়। ইয়াৰ ফলত প্ৰশান্ত মহাসাগৰক মেক্সিকো উপসাগৰৰ সৈতে সংযোগ কৰা ৰে’লপথৰ যাতায়াত ব্যাহত হৈ পৰিছে।
জানিব পৰা মতে, অ’আক্সাকা আৰু ভেৰাক্ৰুজ ৰাজ্যক সংযোগ কৰা ট্ৰেন্সঅ’চেনিক ৰে’লখন নিজাণ্ডা চহৰৰ ওচৰৰ এটা পথত ৰে’লখন লাইনচ্যুত হয়। দেওবাৰে এক্সত দিয়া এক বাৰ্তাত অ’আক্সাকা ৰাজ্যৰ গৱৰ্নৰ ছলমন জাৰাই কয় যে, আহতসকলক সহায় কৰিবলৈ কেইবাটাও চৰকাৰী সংস্থা সেই স্থানত উপস্থিত হৈছে।
বিষয়াসকলে কয় যে দক্ষিণ মেক্সিকোত এক ৰে'ল দুৰ্ঘটনাত কমেও ১৩ জন লোকৰ মৃত্যু হয় আৰু বহুতো লোক আহত হয়, যাৰ ফলত প্ৰশান্ত মহাসাগৰ আৰু মেক্সিকো উপসাগৰ সংযোগ কৰা ৰে'লপথ বন্ধ হৈ পৰে।
বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনত ২৪১ জন যাত্ৰী আৰু ৯ জন চালক দলৰ সদস্য আছিল। ২০২৩ চনত এই ট্ৰেন্সঅ’চেনিক ৰে’লখন উদ্বোধন কৰিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰে। দক্ষিণ মেক্সিকোত ৰেল যাত্ৰাৰ প্ৰসাৰ আৰু প্ৰশান্ত মহাসাগৰ আৰু মেক্সিকো উপসাগৰৰ মাজৰ সংকীৰ্ণ জলদ্বীপ টেহুয়াণ্টেপেক জলদ্বীপৰ কাষৰ আন্তঃগাঁথনি উন্নয়নৰ বহল প্ৰচেষ্টাৰ অংশ এই ৰে’ল সেৱা।