ঢাকা (বাংলাদেশ)
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ মঙলবাৰে পুৱা ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকৰ জৰিয়তে তেওঁৰ দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টিয়ে এই কথা নিশ্চিত কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।
BNPৰ তথ্য অনুসৰি, ফজৰ নামাজৰ কিছু সময়ৰ পিছতে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৬:০০ বজাত বেগম খালেদা জিয়াৰ মৃত্যু হয়। দলটোৱে নিজৰ ফেচবুক পেজত লিখিছে, "ফজৰৰ নামাজৰ কিছু সময়ৰ পিছতে পুৱা প্ৰায় ৬ বজাত খালেদা জিয়াৰ মৃত্যু হয়। আমি তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো আৰু সকলোকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছো।"
যোৱা ২৩ নৱেম্বৰত হাওঁফাওঁৰ সংক্ৰমণৰ বাবে খালেদা জিয়াক ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। দীৰ্ঘদিন ধৰি হৃদৰোগ, ডায়েবেটিছ, বাতবিষ, লিভাৰ চিৰ’ছিছ, বৃক্কৰ জটিলতা আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। চলিত মাহৰ আৰম্ভণিতে তেওঁক উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ বিমানেৰে লৈ যোৱা হৈছিল।
যোৱা বছৰৰ জুলাই মাহত হোৱা বিদ্ৰোহৰ পিছত ৰাজনৈতিক পৰিস্থিতি উত্তাল হৈ থকাৰ সময়ত তথা বাংলাদেশে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে তেওঁৰ মৃত্যু ঘটে।
খালেদা জিয়াৰ মৃত্যুৰ কিছু সময়ৰ পূৰ্বে তেওঁৰ পুত্ৰ তথা BNP নেতা তাৰিকে ৰহমানেও বছৰ বছৰ ধৰি নিৰ্বাসিত হৈ থকাৰ পিছত বাংলাদেশলৈ উভতি আহে। ২০০৭–০৮ চনত গ্ৰেপ্তাৰ হোৱাৰ পিছত তাৰিক ৰহমানে দেশ এৰি পলায়ন কৰিছিল আৰু মুক্তিৰ পিছত লণ্ডনত বসবাস কৰিছিল। যোৱা বছৰ শ্বেইখ হাছিনা চৰকাৰক উৎখাত কৰাৰ পিছত আৱামি লীগৰ শাসনৰ সময়ত দাখিল কৰা কেইবাটাও গোচৰৰ পৰা তেওঁক দোষমুক্ত ঘোষণা কৰা হয়, যাৰ ফলত তেওঁৰ স্বদেশলৈ উভতি অহাৰ পথ মুকলি হয়।
যোৱা সপ্তাহত বাংলাদেশত উপস্থিত হোৱা তাৰিক ৰহমানক বিমানবন্দৰৰ সমীপত দলৰ বৃহৎ সংখ্যক নেতা-সমৰ্থকে আদৰণি জনায়। আগন্তুক নির্বাচনৰ পূর্বে এই ঘটনাক এক উল্লেখযোগ্য ৰাজনৈতিক দিশ বুলি গণ্য কৰা হয়৷ দেশলৈ উভতি অহাৰ পিছত এভাৰকেয়াৰ হাস্পতালত মাতৃৰ ওচৰলৈও যায় তেওঁ।
উল্লেখ্য যে, খালেদা জিয়াই দুবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, প্ৰথমে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু দ্বিতীয়তে ২০০১ চনৰ পৰা ২০০৬ চনলৈকে। খালেদা জিয়াই ১৯৮৪ চনত BNP দলটোৰ দায়িত্ব লৈছিল। ১৯৯১ চনত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচনত জয়ী হৈ বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হৈছিল খালেদা জিয়া। খালেদা জিয়াৰ মৃত্যুত বাংলাদেশৰ ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল।