ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প(ফাইল ফটো)
নতুন দিল্লী
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰী বাসগৃহত প্ৰায় ৯১ টা ড্ৰ’নেৰে ইউক্ৰেইনে আক্ৰমণ চলায়৷ এই দাবী ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰাভৰ। তেওঁ কয় যে, ইউক্ৰেইনে ৰাছিয়াৰ নভগ’ৰড প্ৰদেশত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰী বাসগৃহত আক্ৰমণৰ চেষ্টা চলায়। ২৮ৰ পৰা ২৯ ডিচেম্বৰৰ ভিতৰত পুটিনৰ বাসগৃহত ৯১টা দীৰ্ঘ দূৰত্বৰ ড্ৰ’ন নিক্ষেপ কৰিছে ইউক্ৰেইনে। এই কাৰ্যক তেওঁ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী কাৰ্য বুলি অভিহিত কৰে। অৱশ্যে এই সময়ত তেওঁ কোনো প্ৰমাণ দাখিল কৰা নাই।
তেওঁ আৰু কয় যে, সাম্ভাব্য শান্তি চুক্তি সন্দৰ্ভত আলোচনা চলি থকাৰ মাজতে এই আক্ৰমণ সংঘটিত হৈছে। ৰাছিয়াই আলোচনা কৰিব যদিও নিজৰ স্থিতি পুনৰ মূল্যায়ন কৰিব। অৱশ্যে এই আক্ৰমণত কোনো হতাহতি হোৱা নাই। বৈদেশিক মন্ত্ৰীগৰাকীৰ মতে, এই ড্ৰ’নসমূহ ৰাছিয়াই ধ্বংস কৰি পেলাইছে।
অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ এই অভিযোগ মিছা বুলি খাৰিজ কৰে। তেওঁ কয় যে, এনে অভিযোগ উত্থাপন কৰি ৰাছিয়াই আমাৰ চৰকাৰী বাসগৃহসমূহত আক্ৰমণ কৰিবলৈ সাজু হৈছে। গতিকে সকলো সজাগ হোৱা প্ৰয়োজন।
ইপিনে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে সোমবাৰে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনে ড্ৰোনেৰে তেওঁৰ বাসভৱনত আক্ৰমণ কৰা বুলি তেওঁক জনাইছিল। অৱশ্যে, কিয়েভে এই দাবী অস্বীকাৰ কৰে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৰ সৈতে ফ্ল'ৰিডাৰ মাৰ-এ-লাগো ৰিজ'ৰ্টত হোৱা বৈঠকৰ পূৰ্বে সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে ৰাছিয়াৰ নেতাগৰাকীয়ে দিনটোৰ আৰম্ভণিতে এটা ফোন কলৰ সময়ত এই বিষয়টো উত্থাপন কৰিছিল।
ড্ৰ’ন আক্ৰমণৰ অভিযোগ সন্দৰ্ভত ট্ৰাম্পে কয়, "মোক কোনে কৈছিল জানেনে? ৰাষ্ট্ৰপতি পুটিনে পুৱা কৈছিল যে তেওঁৰ ওপৰত আক্ৰমণ চলোৱা হৈছে। এয়া ভাল কথা নহয়। মই ক্ষুব্ধ হৈ পৰিছো"। অৱশ্যে এই দাবীটো অসত্য হ'ব পাৰে বুলি তেওঁ উল্লেখ কৰাৰ লগতে আক্ৰমণ কৰাটো যে "সম্ভৱ" নহয়, সেয়াও স্বীকাৰ কৰে।