উৱেইছ আলী খান: এজন সাধাৰণ ছাত্ৰৰ পৰা ভাৰতৰ জনপ্ৰিয় চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 2 h ago
উৱেইছ আলী খান
উৱেইছ আলী খান
 
বিদুশী গৌৰ/নতুন দিল্লী
 
উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাৰ কীৰ্ত্তাৰপুৰৰ এখন সৰু গাঁৱৰ পৰা আৰম্ভ হৈছিল উৱেইছ আলী খানৰ স্বপ্ন যাত্ৰা। এই সাধাৰণ যুৱকজনে কোনো দিশ-নিৰ্দেশ নোহোৱাকৈ শিক্ষা আগবঢ়াই আজি তেওঁ দেশৰ এগৰাকী অতি জনপ্ৰিয় চাৰ্টাৰ্ড একাউণ্টেণ্ট হবলৈ সক্ষম হৈছে। উৱেইছৰ নিজে নিজৰ ভাগ্য গঢ়াৰ দৃঢ় মনোবলেৰ বাবে এইয়া সম্ভৱ হৈ উঠিছিল।   
 
উৱেইছ আলী খানে মনত জীৱনত সফল হোৱাৰ সপোন পুহি ৰাখিছিল। তেওঁৰ এই সফলতাৰ যাত্ৰা আৰম্ভ হৈছিল, যেতিয়া তেওঁ দিল্লীত তেওঁৰ জ্যেষ্ঠ ভাতৃৰ সৈতে থাকিবলৈ গৈছিল। উৱেইছে কয়, "শিক্ষাৰ ক্ষেত্ৰত মোৰ কোনো মাগদৰ্শন নাছিল। দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত মই কোনটো পথ নিৰ্বাচন কৰিব লাগে, মই জনা নাছিলো।" 
 
উৱেইছে দিল্লীলৈ আহি জ্যেষ্ঠ ভাতৃৰ সৈতে থাকিবলৈ লোৱাৰ পিছতহে তেওঁ সঠিক পথৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে। প্ৰথমতে আইন অধ্যয়নৰ পৰিকল্পনা কৰিছিল যদিও সেই সময়তে তেওঁ 'চাৰ্টাৰ্ড একাউণ্টেন্সি প্ৰগ্ৰাম' পাঠ্যক্ৰমৰ বিষয়ে জানিব পাৰিছিল। ইয়াৰ পিছত তেওঁ এই পাঠ্যক্ৰম অধ্যয়ন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল।   
 
Covid মহামাৰীৰ সময়ত আয়োজন কৰা উৱেইছ আলী খানৰ "Free Covid Tele Consultation"
 
আজি উৱেইছ এজন জনপ্ৰিয় চাৰ্টাৰ্ড একাউণ্টেণ্ট, যিগৰাকীৰ যাত্ৰা অধ্যৱসায় আৰু উদ্দেশ্যৰ প্ৰতীকস্বৰূপ। তেওঁ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ২০০৭ চনত চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু তেওঁৰ এই যাত্ৰা ইমানো সহজ নাছিল। যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে 'চাৰ্টাৰ্ড একাউণ্টেণ্ট'ৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেতিয়া তেওঁ বিফল হৈছিল। এনে পৰিপ্ৰেক্ষিতত হয়তো বহু লোকে হতাশ হৈ পৰিলেহেঁতেন। কিন্তু উৱেইছে তেওঁৰ প্ৰচেষ্টা দুগুণে বৃদ্ধি কৰিছিল আৰু দৈনিক ২২ ঘণ্টা অধ্যয়ন কৰিবলৈ লৈছিল।  
 
তেওঁ এই অধ্যৱসায়ৰ ফল হিচাপে তেওঁ ২০১২ চনত পৰীক্ষাত উত্তীৰ্ণ হয়, আনকি কৰৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈও সক্ষম হয়। উৱেইছে কয়, "মই স্কুলত কেতিয়াও অসাধাৰণ ছাত্ৰ নাছিলো। কিন্তু যেতিয়া প্ৰয়োজন হৈছিল, তেতিয়া মই জনা সকলোখিনি উজাৰি দিবলৈ প্ৰয়াস কৰিছিলো। কঠোৰ পৰিশ্ৰমে সঁচাকৈ আপোনাৰ ভাগ্য সলনি কৰিব পাৰে।"  
 
উৱেইছে তেওঁৰ এই সফলতাৰ লগতে তেওঁ নিজৰ চহৰৰ প্ৰথমজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপেও পৰিগণিত হয়। যদিও তেওঁৰ কেৰিয়াৰে অতি সোনকালেই গতি লাভ কৰিছিল, তথাপিও তেওঁ নিজৰ ভিতৰতে কোনোবা অংশত নিজকে অসম্পূৰ্ণ বুলি অনুভৱ কৰিছিল। তেওঁ কয়, "মই  জীৱিকা উপাৰ্জন কৰাৰ বাহিৰেও পৃথক কিবা এটা কৰিব বিচাৰিছিলো। মই আনৰ বাবে সুযোগ সৃষ্টি কৰিব বিচাৰিছিলো।" 
 
উৱেইছে নিজৰ চাকৰি ত্যাগ কৰি নতুন দিল্লীৰ লক্ষ্মী নগৰৰ এটা সৰু এপাৰ্টমেণ্টৰ পৰা নিজাৰ ব্যৱসায় আৰম্ভ কৰিছিল। বন্ধুবৰ্গ আৰু বেংকৰ পৰা ঋণ লৈ তেওঁ কেৱল এটা কোম্পানীয়ে নহয়, বৰং সমাজলৈ পৰিৱৰ্তন কঢ়িয়াই নিব পৰা এখন মঞ্চ সৃষ্টি কৰাৰ  কাম আৰম্ভ কৰিছিল।
 
উৱেইছে এক অতি সহজ কিন্তু শক্তিশালী ধাৰণাত বিশ্বাস কৰিছিল। যিটো আছিল যে, “কোনো ব্যক্তিক মৌলিক দক্ষতা প্ৰদান কৰিলে, তেওঁৰ বাবে নিয়োগৰ পথ মুকলি হ’ব পাৰে আৰু সেই এটা সুযোগে এটা সমগ্ৰ পৰিয়ালৰ ভৱিষ্যতক সলনি কৰিব পাৰে।”
 
উৱেইছ আলী খান
 
তেওঁৰ কাৰ্যালয়টো অতি শীঘ্ৰেই এক শিক্ষণৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছিল। এসময়ত তেওঁৰ দৰেই দিশহীন জীৱিকাৰ পথ বিচাৰি ফুৰা বহু যুৱক-যুৱতী তথা পুৰুষ-মহিলাই পথ প্ৰদৰ্শনৰ বাবে তেওঁৰ ওচৰলৈ আহিছিল। উৱেইছে তেওঁলোকক এক্সেল, একাউণ্টেন্সিৰ মূল কথাবোৰ আৰু কাৰ্যালয়ৰ কামৰ মৌলিক কথাবোৰ শিকাবলৈ আৰম্ভ কৰিছিল। বহু শিক্ষাৰ্থীয়ে কেৱল নতুন দক্ষতা অৰ্জন কৰায়ে নহয়, সন্মানীয় প্ৰতিষ্ঠানত চাকৰিৰ দ্বাৰাও উপকৃত হৈছিল। 
 
উৱেইছে গৌৰৱেৰে কয়, "কোনোবাই সহায় বিচাৰি আহিলে মই কেতিয়াও না বুলি নকওঁ। দিল্লীৰ দৰে চহৰত নিজে তিষ্ঠি থাকিব পৰা নোহোৱালৈকে মই তেওঁলোকক প্ৰশিক্ষণ দিওঁ, পথ প্ৰদৰ্শন কৰো, আনকি আৰ্থিকভাৱেও সহায় কৰো। যি সহায়েই তেওঁলোকক নিজৰ ভৱিষ্যত গঢ়াৰ আত্মবিশ্বাস প্ৰদান কৰে।"
 
তেওঁৰ কাম যিমানেই বাঢ়ি আহিছিল, সিমানেই তেওঁৰ জীৱনটোও আগবাঢ়ি গৈ আছিল। লক্ষ্মী নগৰৰ এটি সৰু কোঠাৰ পৰা আৰম্ভ কৰি লাজপত নগৰৰ এটা ঘৰলৈকে, আৰু এতিয়া নিউ ফ্ৰেণ্ডছ কলনীৰ এটা বৃহৎ কাৰ্যালয়লৈকে আদি সকলোবোৰে উৱেইছৰ ব্যক্তিগত বিকাশ, সমাজৰ প্ৰতি তেওঁৰ সেৱাৰ লগত জড়িত হৈ আছে।   
 
আজি তেওঁৰ কাৰ্যালয় কেৱল এখন কৰ্মক্ষেত্ৰ নহয়; ই অগণন যুৱক-যুৱতীৰ বাবে কেৰিয়াৰৰ গঢ়াৰ বাবে এক পটভূমি হৈ পৰিছে। উৱেইছে কয়, "পূৰ্বে মই মোৰ জীৱনটো সলনি কৰিবলৈ বহু কষ্ট কৰিলোঁ। আৰু এতিয়া মই আনৰ জীৱন সলনি কৰিবলৈ আৰু অধিক কষ্ট কৰি আছো।" 
 
উভতাই দিয়াৰ প্ৰবৃত্তিটো উৱেইছৰ অন্তৰত গভীৰভাৱে শিপাই আছে। কাৰণ তেওঁ এনে এটি পৰিয়ালত ডাঙৰ-দীঘল হৈছিল, যিটো পৰিয়ালে সদায় সমাজসেৱাৰ লগত জড়িত হৈ আছিল। এই মূল্যবোধ তেওঁৰ সকলো কামৰ মূলতে নিহিত হৈ আছে।
 
সমাজকল্যাণমূলক কামত জড়িত উৱেইছ আলী খান
 
ক’ভিড-১৯ মহামাৰীৰ সময়ত যেতিয়া ভয় আৰু ক্ষুধাই দিল্লীক আগুৰি ধৰিছিল, তেতিয়া উৱেইছে ব্যক্তিগতভাৱে ৰেচন বিতৰণ অভিযান আৰম্ভ  কৰিছিল। তেওঁ কয়, "চৰকাৰে নিজৰ দায়িত্ব পালন কৰিছিল, যদিও আমিও আমাৰ কাম কৰি আছিলোঁ। আমি কেইবামাহো ধৰি ৩০০ কুইণ্টল চাউল, আটা আৰু দাইল বিতৰণ কৰিছিলোঁ। যিবোৰ সকলোৰে বাবে বিনামূলীয়া আছিল।"
 
তেওঁৰ সহানুভূতি ইমানতে শেষ হোৱা নাছিল। বিগত ৮ বছৰে প্ৰতিমাহৰ অন্তিম বৃহস্পতিবাৰে তেওঁ দৰিদ্ৰ লোকসকলৰ বাবে বিৰিয়ানী প্ৰস্তুত কৰি বিতৰণ কৰি আহিছে। উৱেইছে কয়, "মই এই কাম কেতিয়াও বন্ধ কৰা নাছিলো, এবাৰৰ বাবেও বন্ধ কৰা নাছিলো। কাৰণ মই এই কামৰ জৰিয়তে সেইসকল লোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব বিচাৰো, যিসকল প্ৰায়েই অৱহেলিত হৈ আহিছে।"
 
এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে উৱেইছে নিজৰ দক্ষতাক জনসাধাৰণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰাটো তেওঁৰ কৰ্তব্য বুলি অনুভৱ কৰি আহিছে। ভাৰতত যেতিয়া সামগ্ৰী আৰু সেৱা কৰ (GST) নতুনকৈ প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়া ক্ষুদ্ৰ ব্যৱসায়ী আৰু দোকানীসকলৰ মাজত বহু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। উৱেইছে স্থানীয় বিক্ৰেতাসকলৰ বাবে নতুন ব্যৱস্থাটোৰ বিষয়ে সহজ ভাষাত ব্যাখ্যা কৰিবলৈ এখন সন্মিলনৰ আয়োজন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ কয়, "এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে মোৰ সমাজখনক সম্ভৱপৰ সকলো দিশতে পথ প্ৰদৰ্শন কৰাটো মোৰ কৰ্তব্য আছিল।" 
 
তেওঁৰ বাবে দান-বৰঙণি আগবঢ়োৱাটো হৈছে সেৱাৰ এটা  মাত্ৰ অংশ। তেওঁৰ বৃহত্তৰ দৃষ্টিভংগী হৈছে সৱলীকৰণ। তেওঁৰ বাবে কাৰোবাক খাদ্য যোগান ধৰা বা বিয়াৰ খৰচ বহন কৰাত সহায় কৰাটো এক অতি ভাল লগা কাম আছিল। তেওঁ কয়,"মোৰ মূল লক্ষ্য আছিল মানুহক নিয়োগযোগ্য কৰি তোলা। কিয়নো দক্ষতা আৰু কৰ্মসংস্থাপনে স্থায়ী পৰিৱৰ্তন আনিব পাৰে। নিয়োগে কেৱল এজন ব্যক্তিকত জীয়াই ৰখাই নহয় বৰং ই সমগ্ৰ পৰিয়ালক উন্নীত কৰে আৰু সমাজখনক শক্তিশালী কৰে।
 
এগৰাকী দিকভ্ৰান্ত ছাত্ৰৰ পৰা এগৰাকী পৰিৱৰ্তনকাৰী ব্যক্তিলৈ... উৱেইছ আলী খানৰ যাত্ৰাই ইয়াকে প্ৰমাণ কৰে যে,  নিজৰ বাবে কি অৰ্জন কৰিছো সেয়া প্ৰকৃত সফলতা নহয়, আমি আনক কি হ’বলৈ সহায় কৰিছো সেয়াহে প্ৰকৃত সফলতা।