মানৱতা বিৰোধী অপৰাধৰ বাবে বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক মৃত্যুদণ্ড

Story by  atv | Posted by  [email protected] • 2 h ago
মৃত্যুদণ্ডৰে দণ্ডিত বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা
মৃত্যুদণ্ডৰে দণ্ডিত বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা
 
ঢাকা

বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক আন্তৰ্জাতিক অপৰাধ ন্যায়াধীকৰণে মানৱতাৰ বিৰোধী অপৰাধৰ বাবে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। বিগত বৰ্ষৰ ছাত্ৰ বিদ্ৰোহৰ সময়ত বহু লোকক হত্যা কৰাটো ইয়াৰ ভিতৰত এটা উল্লেখযোগ্য অপৰাধ আছিল৷ যাৰ ফলত হাছিনাৰ চৰকাৰ পতন হয়।
 
ইপিনে, হাছিনাৰ অনুপস্থিতিত অনুষ্ঠিত হোৱা মাহজোৰা বিচাৰ প্ৰক্ৰিয়াৰ পিছত দিয়া এই ৰায়ক হাছিনাই পক্ষপাতিত্বমূলক আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে৷
 
২০২৪ চনৰ ৫ আগষ্টত অপসাৰিত হোৱাৰ পিছত বৰ্তমান নতুন দিল্লীত নিৰ্বাসিত হৈ থকা ৭৮ বছৰীয়া আৱামী লীগৰ নেত্ৰীগৰাকীক তিনিটা অভিযোগত দোষী সাব্যস্ত কৰা হয়। প্ৰথটো অভিযোগ হিংসাৰ বাবে প্ৰৰোচিত কৰা, দ্বিতীয় আন্দোলনকাৰীসকলক হত্যাৰ নিৰ্দেশ প্ৰদান কৰা আৰু তৃতীয়টো অভিযোগ ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহৰ সময়ত হিংসা ৰোধ কৰাত ব্যৰ্থ হোৱা।
 
প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খানকো মৃত্যুদণ্ড বিহা হয়। আনহাতে, প্ৰাক্তন আৰক্ষী অধীক্ষগৰাকী ৰাজ সাক্ষী হোৱাৰ পিছত আৰু দোষ স্বীকাৰ কৰাৰ পিছত তেওঁক পাঁচ বছৰৰ কাৰাদণ্ড দিয়া হয়।
 
বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা
 
ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে অনুষ্ঠিত হ'বলগীয়া সংসদীয় নিৰ্বাচনৰ পূৰ্বেই দিয়া এই ঐতিহাসিক ৰায়দানে বাংলাদেশৰ ৰাজনৈতিক ক্ষেত্ৰখনক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। উক্ত নিৰ্বাচনত হাছিনাৰ আৱামী লীগক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰা হৈছে৷ এই ৰায়দানৰ ফলত বাংলাদেশত নতুন অশান্তি সৃষ্টি হ'ব পাৰে বুলি বিশ্লেষকসকলে সতৰ্ক কৰি দিছে।
 
তিনিজনীয়া ন্যায়াধিকৰণে ভয়ংকৰ দমনমূলক অভিযান চলোৱাত হাছিনাৰ ভূমিকাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিছে। হাছিনাৰ বিৰুদ্ধে উচটনিমূলক ভাষণ প্ৰদান কৰা, প্ৰতিবাদকাৰীক “নিঃশেষ” কৰাৰ বাবে মাৰাত্মক অস্ত্ৰ, ড্ৰ’ন, হেলিকপ্টাৰ ব্যৱহাৰকে ধৰি প্ৰত্যক্ষ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল। আদালতে হাছিনাক হত্যা, নিৰ্যাতন, নিৰুদ্দেশ আৰু ৰাজ্যিক বাহিনীৰ দ্বাৰা সংঘটিত অগ্নিসংযোগৰ বাবে দায়ী কৰে। এই আক্ৰমণবোৰ "নাগৰিকসকলৰ বিৰুদ্ধে কৰা হৈছিল", "বিস্তৃত আৰু পৰিকল্পিত" আছিল আৰু মানৱতা বিৰোধী অপৰাধৰ আইনী সংজ্ঞাৰ পৰিপূৰক আছিল বুলি ন্যায়াধিকৰণে উল্লেখ কৰে।
 
"প্ৰতিবাদকাৰীসকলক হত্যা আৰু গুৰুতৰভাৱে আহত কৰাৰ অভিযোগত অভিযুক্ত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই তেওঁৰ উচটনিমূলক আদেশৰ দ্বাৰা মানৱতা বিৰোধী অপৰাধ সংঘটিত কৰিছে আৰু অভিযোগ ১ ৰ অধীনত প্ৰতিৰোধী আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে", - ন্যায়াধিকৰণে কয়। শ্বেইখ হাছিনাই মানৱতাৰ বিৰুদ্ধে অপৰাধৰ সংঘটিত কৰি ড্ৰোন, হেলিকপ্টাৰ আৰু মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিছিল বুলি ন্যায়াধিকৰণে উল্লেখ কৰে।
 
ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক প্ৰতিবেদনত এই সংঘৰ্ষত ১,৪০০ জন লোকৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল। আনহাতে, অস্থায়ী চৰকাৰৰ স্বাস্থ্য বিষয়ক উপদেষ্টাগৰাকীয়ে এই ঘটনাত ৮০০ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৪,০০০ জন লোক আহত হোৱা বুলি উল্লেখ কৰিছিল। হাছিনাই এই সংখ্যাসমূহ নাকচ কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ এক স্বতন্ত্ৰ তদন্তৰ আহ্বান জনাইছিল।
 
শ্বেইখ হাছিনাই এক বিবৃতিত তেওঁৰ মৃত্যুদণ্ডৰ ৰায়দানক ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰোণোদিত বুলি অভিহিত কৰে। তেওঁ কয়, "মই মোৰ অভিযুক্তসকলৰ মুখামুখি হ'বলৈ ভয় নকৰো, য'ত প্ৰমাণসমূহ ন্যায়সংতভাৱে পৰীক্ষা কৰা হ'ব পাৰে।’’ হাছিনা আৰু তেওঁৰ দলে ন্যায়াধিকৰণক "কেংগাৰু আদালত" বুলি আখ্যা দিয়ে৷
 
ৰায়দানৰ পূৰ্বে ঢাকাত সষ্টম নিৰাপত্তা বাহিনী 
 
উল্লেখ্য যে সোমবাৰৰ ৰায়দানৰ পূৰ্বে হাছিনাই সমৰ্থকসকলক "নাৰ্ভাছ" নহ’বলৈ আহ্বান জনোৱাৰ লগতে বন্ধৰ আহ্বান জনাইছিল। ঢাকাৰ লগতে দেশজুৰি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হয়, হাজাৰ হাজাৰ সৈনিক, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী মোতায়েন কৰা হয়।
 
যোৱা সপ্তাহত দেশজুৰি প্ৰায় ৫০খন বাহনত অগ্নিসংযোগ আৰু কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনাৰ পিছত ঢাকাৰ আৰক্ষী প্ৰধান শ্বেইখ মহম্মদ ছাজাত আলীয়ে অগ্নিসংযোগ বা ক্ৰড বোমাৰে আক্ৰমণ কৰাৰ চেষ্টা কৰা প্ৰতিজন লোকৰ বিৰুদ্ধে “শ্বুট অন চাইট”ৰ নিৰ্দেশ জাৰি কৰে।
 
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ সৈতে প্ৰধানমন্ত্ৰী হিচাপে চৰকাৰী ভ্ৰমণকালত শ্বেইখ হাছিনা(ফাইল ফটো)
 
ইপিনে, সোমবাৰে বাংলাদেশে আনুষ্ঠানিকভাৱে ভাৰতক অপসাৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক তৎকালে দেশখনক হস্তান্তৰ কৰিবলৈ দাবী জনায়। দ্বি-পাক্ষিক প্ৰত্যৰ্পণ চুক্তিৰ অধীনত নতুন দিল্লীয়ে এনে কৰিবলৈ বাধ্য বুলি দেশখনে কয়। যোৱা বছৰ দেশজুৰি হোৱা ছাত্ৰ বিদ্ৰোহৰ ওপৰত ভয়ানক দমন কাৰ্য চলোৱাৰ বাবে আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণ(আইচিটি)-এ হাছিনাক মৃত্যুদণ্ডৰ ৰায় দিয়াৰ কেইঘণ্টামান পিছতে দেশখনে ভাৰতক এই দাবী জনায়।
 
প্ৰতিবাদৰ সময়ত ঢাকাৰ পৰা পলায়ন কৰা হাছিনা ২০২৪ চনৰ আগষ্ট মাহৰ পৰা ভাৰতত থকা বুলি অনুমান কৰা হৈছে। এটা প্ৰেছ বিবৃতিত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয় যে এই ৰায়দানত প্ৰাক্তন নেতাগৰাকীক জুলাই মাহৰ হত্যাকাণ্ডৰ সৈতে জড়িত “মানৱতা বিৰোধী অপৰাধৰ দোষী” বুলি ঘোষণা কৰা হৈছে। এনেস্থলত যিকোনো দেশেই তেওঁক আশ্ৰয় প্ৰদান কৰিলে “এয়া অত্যন্ত অবন্ধুত্বপূৰ্ণ কাৰ্য আৰু ন্যায়ৰ প্ৰতি অৱজ্ঞা” হ’ব বুলি মন্ত্ৰ্যালয়ে সকীয়াই দিয়ে।