নতুন দিল্লী
ইৰান আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমেৰিকাৰ পৰা ডাঙৰ খবৰ আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পক হত্যাৰ ষড়যন্ত্ৰ উন্মোচিত হৈছে। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সৈতে জড়িত এজন সন্ত্ৰাসবাদীয়ে এই কথা প্ৰকাশ কৰিছে, যে তেওঁ কাচেম ছলেমানীৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। আমেৰিকাৰ তদন্তকাৰী সংস্থাৰ মতে, আই আৰ জি চিৰ সৈতে জড়িত এজন অভিযুক্তই ইভাংকাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। ধৃত অভিযুক্তজনে ইভাংকাৰ ঘৰৰ মানচিত্ৰ লৈ ঘূৰি ফুৰিছিল।
মন কৰিবলগীয়া যে অভিযুক্তই ইৰাকৰ নাগৰিক মহম্মদ বাকৰ আল সাদি বুলি জানিব পৰা গৈছে। তেওঁ কাতাইব হিজবুল্লাহ নামৰ সংগঠনটোৰ জ্যেষ্ঠ সদস্য।সমগ্ৰ আমেৰিকাৰ বিভিন্ন স্থানত বিস্ফোৰণ সংঘটিত কৰিবলৈ সাজু হৈছিল কাতাইব হিজবুল্লাহ। এই আক্ৰমণ সন্দৰ্ভত আমেৰিকাৰ নিৰাপত্তা সংস্থাসমূহে আশংকা কৰিছে যে ট্ৰাম্পৰ পৰিয়ালৰ সদস্যক লক্ষ্য কৰি লোৱা হ’ব পাৰে।
প্ৰতিবেদন অনুসৰি ইভাংকা ট্ৰাম্পক হত্যা কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৩২ বছৰীয়া মহম্মদ বেকাৰ সাদ দাউদ আল-সাদিয়ে।তেওঁৰ পৰা ইভাংকা ট্ৰাম্পৰ ফ্ল’ৰিডাস্থিত ঘৰৰ ব্লুপ্ৰিণ্টো উদ্ধাৰ কৰিছে সংস্থাটোৱে।আল-সাদিৰ উদ্দেশ্য আছিল ড্ৰোন আক্ৰমণত নিহত ইৰাণৰ সামৰিক সেনাধ্যক্ষ কাচেম ছলেমানীৰ মৃত্যুৰ প্ৰতিশোধ লোৱা।
ৱাশ্বিংটনত থকা ইৰাকৰ দূতাবাসৰ প্ৰাক্তন বিষয়া এন্টিফাদ কানবাৰে এটা সাক্ষাৎকাৰত কৈছিল যে, কাচেম ছলেমানীৰ হত্যাৰ পিছত আল-ছাদীয়ে মানুহক ইভাংকা ট্ৰাম্পক হত্যা কৰিব লাগে বুলি কৈ ঘূৰি ফুৰিছিল,যাতে ড’নাল্ড ট্ৰাম্পেও সেই আঘাত অনুভৱ কৰক, যি আঘাত তেওঁলোকে পাইছে। ইৰাকৰ নাগৰিক মহম্মদ বাঘেৰ সাদ দাউদ আল ছাদীয়ে কাছেম ছলেমানীৰ মৃত্যু হোৱা আমেৰিকাৰ ড্ৰ’ন আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিছিল। তেওঁৱেই ইভাংকাক হত্যা কৰাৰ প্ৰতিজ্ঞা কৰিছিল বুলি অভিযোগ উঠিছে।