ইৰানে ক'তো বিক্ৰী কৰিব নোৱাৰিব তেল; কঠোৰ নিষেধাজ্ঞা আমেৰিকাৰ

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
হৰমুজত তিনিখনকৈ বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত তীব্ৰ সামৰিক উত্তেজনাৰ সৃষ্টি হৈছে। এই আক্ৰমণৰ ঘটনাত ক্ষুব্ধ হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকান সেনাই ইৰানৰ ওপৰত এক বৃহৎ আক্ৰমণ চলায়।
 
আমেৰিকাৰ বায়ুসেনাই ইৰানৰ অত্যন্ত গুৰুত্বপূৰ্ণ তথা কৌশলগত বন্দৰ চহৰ বন্দৰ আব্বাছক লক্ষ্য কৰি তীব্ৰ বিমান আক্ৰমণ চলায় আৰু তাত ধাৰাবাহিকভাৱে বোমাবৰ্ষণ কৰে।এই সামৰিক কাৰ্যপন্থাৰ সমান্তৰালভাৱে আমেৰিকাই ইৰানৰ অৰ্থনীতিৰ কঁকাল ভাঙিবলৈ এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।
 
ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰানৰ তেল ৰপ্তানিৰ ওপৰত পুনৰ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। যোৱা জুন মাহত যুদ্ধবিৰতি সময়ত তেল বিক্ৰীৰ বাবে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি উঠাই লৈছে আমেৰিকাই। যাৰ ফলত ইৰানে বিশ্ব বজাৰত খাৰুৱা তেল বিক্ৰী কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ বাধাৰ সৃষ্টি হ'ব। আমেৰিকাৰ এই আক্ৰমণ আৰু নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ বিপৰীতে ইৰানেও ইয়াক সহজভাৱে লোৱা নাই।
 
তেহৰানে এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি আমেৰিকাক ওলোটাই ভয়াৱহ পৰিণতিৰ ভাবুকি প্ৰদান কৰিছে। মাত্ৰ কেইটামান দিনৰ ভিতৰতে সংঘটিত হোৱা এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাবোৰে সমগ্ৰ মধ্যপ্ৰাচ্যতে পুনৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ইয়াৰ প্ৰভাৱ বিশ্বৰ ৰাজনীতি তথা অৰ্থনীতিত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।