নতুন দিল্লী
পুনৰ ভাৰতক প্ৰশংসাৰে ওপচাই তুলিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ মুকলিকৈ প্ৰশংসা কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ প্ৰশংসা কৰি ট্ৰাম্পে আমেৰিকাৰ নিৰ্বাচনক লৈ পুনৰ এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। ট্ৰাম্পে কয় যে, ভাৰতত ভোটাৰৰ পৰিচয় নিশ্চিত কৰাৰ বাবে ফটো পৰিচয় পত্ৰ ব্যৱহাৰ কৰা হয় আৰু আমেৰিকায়ো নিৰ্বাচনী প্ৰক্ৰিয়াত একেধৰণৰ কঠোৰ নিয়ম গ্ৰহণ কৰা উচিত।
মঙলবাৰে ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়াত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সৈতে হোৱা শেহতীয়া বাৰ্তালাপত এই কথা উল্লেখ কৰে। ট্ৰাম্পৰ মতে, ভাৰতীয় মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আমেৰিকাৰ প্ৰশাসনক প্ৰশ্ন কৰিছিল যে বৈধ ফটো পৰিচয় পত্ৰ অবিহনে আমেৰিকাত কেনেকৈ নিৰ্বাচনত ভোটদান কৰিব পাৰি।
ড’নাল্ড ট্ৰাম্পে নিজৰ পোষ্টত আৰু লিখিছে যে ভাৰতৰ যোৱা সাধাৰণ নিৰ্বাচনলৈ চালে দেখা যায়, তাত প্ৰায় ৬৪.৬ কোটি লোকে ভোটদান কৰিছিল আৰু প্ৰতিগৰাকী ভোটাৰৰ বাবে বৈধ ফটো পৰিচয় পত্ৰ থকাটো বাধ্যতামূলক আছিল।
উল্লেখযোগ্য যে, ট্ৰাম্পে এই উদাহৰণৰ ভিত্তিত আমেৰিকাৰ কংগ্ৰেছক ‘SAVE America Act’ শীঘ্ৰে গৃহীত কৰিবলৈ আহ্বান জনায়। তেওঁ জোৰ দি কয় যে আমেৰিকাৰ নিৰ্বাচনত কেৱল আমেৰিকাৰ নাগৰিকসকলেহে অংশগ্ৰহণ কৰা উচিত।