শ্ৰেণীকোঠাত সহপাঠীৰ গুলীচালনা, ২ জন ছাত্ৰৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 h ago
শ্ৰেণীকোঠাত সহপাঠীৰ গুলীচালনা, ২ জন ছাত্ৰৰ মৃত্যু
শ্ৰেণীকোঠাত সহপাঠীৰ গুলীচালনা, ২ জন ছাত্ৰৰ মৃত্যু
 
নতুন দিল্লী
 
পুনৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাত গুলিছালনাৰ ঘটনা সংঘটিত হৈছে। ফিলিপাইনছৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। ফিলিপাইনছৰ মেনিলাৰ জাম্বোয়াংগা অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ত মঙলবাৰে পুৱা সংঘটিত হয় এই ঘটনা।
 
জানিব পৰা মতে, এই ঘটনাত দুজন ছাত্ৰৰ মৃত্যু হৈছে। একাধিক সূত্ৰৰ মতে, একেখন বিদ্যালয়ৰ এজন ছাত্ৰই গুলীচালনা কৰে। এই ঘটনাই অঞ্চলটোত ব্যাপক উত্তেজনা বিয়পাইছে। ঘটনাস্থলীৰ পৰা এটা অত্যাধুনিক আগ্নেয়াস্ত্ৰ উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
 
সূত্ৰ অনুসৰি মঙলবাৰে পুৱা দক্ষিণ ফিলিপাইনছৰ জাম্বোয়াংগা অঞ্চলৰ জাম্বোয়াংগা বিশ্ববিদ্যালয়ৰ কাষৰীয়া এখন ব্যক্তিগত বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ শ্ৰেণীকোঠাৰ ভিতৰত এজন ছাত্ৰই গুলীচালনা কৰে। ঘটনাস্থলীৰ পৰা এটা অত্যাধুনিক আগ্নেয়াস্ত্ৰও উদ্ধাৰ কৰা হৈছে। খবৰ অনুসৰি মৃত ছাত্ৰ দুজনো সপ্তম শ্ৰেণীৰ ছাত্ৰ। যদিও আৰক্ষীয়ে ছাত্ৰসকলৰ নাম-পৰিচয় প্ৰকাশ কৰা নাই।
 
জাম্বোয়াংগা চহৰৰ মেয়ৰ খাইৰমান আডান ওলাছ’ই ডি জে এম এম ৰেডিঅ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা নিশ্চিত কৰে। তেওঁ কয় যে সপ্তম শ্ৰেণীৰ এজন ছাত্ৰই এটা শ্ৰেণীকোঠাৰ ভিতৰত সহপাঠী দুজনলৈ গুলীচালনা কৰে। ছাত্ৰ দুজনৰ থিতাতে মৃত্যু হয়। আৰক্ষীয়ে লগতে এই ঘটনাৰ তদন্ত অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে।
 
জাম্বোয়াংগা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আৰ্নল্ড আণ্ডালে এক বিবৃতিত কয় যে এই কাণ্ডত দুজন ছাত্ৰৰ মৃত্যু হৈছে। অৱশ্যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। বিশ্ববিদ্যালয় চৌহদত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
 
এই সন্দৰ্ভত আৰক্ষী বিষয়া শ্বেলামী চাঙে কয় যে বিদ্যালয়ৰ গুলীচালনাত দুজন ছাত্ৰৰ মৃত্যু হৈছে। অৱশ্যে বাকীবোৰ নিৰাপদ। ঘটনাৰ তদন্ত অব্যাহত আছে। ছাত্ৰজনে ক’ৰ পৰা আগ্নেয়াস্ত্ৰ লাভ কৰিছিল তাৰ তদন্ত চলি আছে। বিদ্যালয়খনৰ ভিতৰত গুলীচালনাৰ কাৰণৰো তদন্ত অব্যাহত আছে।
 
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ জুন মাহত টাক্ল’বান চহৰৰ এখন স্কুলত গুলীচালনা সংঘটিত হৈছিল। সেই ঘটনাত তিনিজন ছাত্ৰৰ মৃত্যু হয়। আহত হয় কমেও ২০ জন ছাত্ৰ-ছাত্ৰী। ঘটনাৰ তদন্তকাৰী আৰক্ষীয়ে জনোৱা মতে, কাজিয়াৰ সময়ত দুই সহপাঠীয়ে ইজনে সিজনলৈ গুলীচালনা কৰিছিল। দুমাহৰ ভিতৰত ফিলিপাইনছত এইটো দ্বিতীয়টো এনে ঘটনা।