ৱাশ্বিংটন
ভাৰতে পাৰমাণৱিক শক্তি খণ্ডত ব্যক্তিগত অংশগ্ৰহণৰ পথ মুকলি কৰাৰ পাছত শান্তি আইন কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা খচৰা নিয়ম আৰু বিধি সন্দৰ্ভত আমেৰিকাৰ পাৰমাণৱিক উদ্যোগে ভাৰত চৰকাৰৰ ওচৰত এক বিস্তৃত প্ৰস্তাৱ দাখিল কৰিবলৈ সাজু হৈছে।
যোৱা সপ্তাহত যোৱা সপ্তাহত পাৰমাণৱিক শক্তি বিভাগে ভাৰত পৰিৱৰ্তনৰ বাবে পাৰমাণৱিক শক্তিৰ বহনক্ষম ব্যৱহাৰ আৰু উন্নীতকৰণ আইন (শান্তি) আইনৰ খচৰা নিয়ম আৰু বিধি প্ৰকাশ কৰি সংশ্লিষ্ট পক্ষসমূহৰ পৰা মতামত আহ্বান কৰিছিল। মতামত দাখিলৰ অন্তিম তাৰিখ ৪ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।
এই বছৰৰ আৰম্ভণিতে অসামৰিক পাৰমাণৱিক শক্তি খণ্ডত সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ আমেৰিকাৰ পাৰমাণৱিক উদ্যোগৰ প্ৰতিনিধিৰ এটা দলক ভাৰতলৈ লৈ অহা আমেৰিকা-ভাৰত কৌশলগত অংশীদাৰিত্ব মঞ্চই বৃহস্পতিবাৰে ভাৰতৰ আইন বিশেষজ্ঞ আৰু ৱাশ্বিংটনত অৱস্থিত পাৰমাণৱিক শক্তি প্ৰতিষ্ঠানৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে।
ইউএছআইএছপিএফে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক পোষ্টত কয়, "৪ ছেপ্টেম্বৰৰ সময়সীমাৰ ভিতৰত ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি বিভাগৰ ওচৰত উদ্যোগটোৰ হৈ এক বিস্তৃত প্ৰস্তাৱ দাখিলৰ সমন্বয় কৰি আছে ইউএছআইএছপিএফ।"
ইয়াৰ উপৰি, শেহতীয়াকৈ প্ৰকাশিত শান্তি আইনৰ খচৰা নিয়ম আৰু বিধি সন্দৰ্ভত ইউএছআইএছপিএফে ইয়াৰ পাৰমাণৱিক উদ্যোগ সমিতিৰ বাবে এক ভাৰ্চুৱেল বৈঠকৰো আয়োজন কৰে।
ইউএছআইএছপিএফৰ মতে, ভাৰ্চুৱেল বৈঠকখনত পাৰমাণৱিক শক্তি খণ্ডৰ বিভিন্ন পৰ্যায়ৰ জ্যেষ্ঠ উদ্যোগপতিসকলে অংশগ্ৰহণ কৰে। বৈঠকত খচৰা শান্তি নিয়ম আৰু বিধিৰ গুৰুত্বপূৰ্ণ দিশ, উদ্যোগসমূহৰ বাবে ইয়াৰ অৰ্থ, ব্যক্তিগত খণ্ডৰ প্ৰৱেশ, অনুজ্ঞাপত্ৰ, দায়বদ্ধতা আৰু প্ৰকল্পৰ গাঁথনিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ লগতে চৰকাৰক আগবঢ়াবলগীয়া মতামত আৰু উদ্যোগটোৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা হয়।
ভাৰ্চুৱেল বৈঠকত বিশেষজ্ঞ হিচাপে দিল্লীস্থিত পিএলআৰ চেম্বাৰ্ছৰ বিশেষজ্ঞ অতিথি বক্তা ছুহান মুখাৰ্জী আৰু পাৰমাণৱিক শক্তি প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ জ্যেষ্ঠ সঞ্চালক টেড জ’নছে বক্তব্য আগবঢ়ায়।
খচৰা নিয়মসমূহ হৈছে ভাৰতৰ পাৰমাণৱিক শক্তি খণ্ড ব্যক্তিগত উদ্যোগৰ বাবে মুকলি কৰাৰ দিশত গ্ৰহণ কৰা প্ৰথমটো বিস্তৃত পদক্ষেপ। ইয়াত অনুজ্ঞাপত্ৰ, বীমা আৰু অনুমোদন সম্পৰ্কীয় বিভিন্ন প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে সংবেদনশীল ক্ষেত্ৰসমূহত চৰকাৰৰ নিয়ন্ত্ৰণ অব্যাহত থাকিব।
শান্তি আইনে ভাৰতৰ অসামৰিক পাৰমাণৱিক শক্তি খণ্ডত ব্যক্তিগত কোম্পানী আৰু যৌথ উদ্যোগৰ প্ৰৱেশৰ পথ মুকলি কৰিছে। ইয়াৰ অধীনত ব্যক্তিগত প্ৰতিষ্ঠানসমূহে পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণ, মালিকানা আৰু পৰিচালনাৰ লগতে সেইবোৰ বন্ধ কৰা আৰু পাৰমাণৱিক গৱেষণা তথা উন্নয়নৰ কামতো অংশগ্ৰহণ কৰিব পাৰিব।
ইয়াৰ উপৰি, ব্যক্তিগত প্ৰতিষ্ঠানসমূহক পাৰমাণৱিক ইন্ধন উৎপাদন আৰু বিদ্যুৎ উৎপাদনৰ বাহিৰেও ঔষধ, কৃষি আৰু অন্যান্য উদ্যোগত আয়নাইজিং ৰেডিয়েচন ব্যৱহাৰৰ অনুমতিও দিয়া হৈছে।
ভাৰতে ২০৪৭ চনৰ ভিতৰত ১০০ গিগাৱাট পাৰমাণৱিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। লগতে ২০৩৩ চনৰ ভিতৰত কমেও পাঁচটা দেশীয় ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ (SMR) স্থাপনৰ লক্ষ্য লোৱা হৈছে। ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ হৈছে আধুনিক পাৰমাণৱিক বিভাজন প্ৰযুক্তিৰ ওপৰত আধাৰিত সৰু আকাৰৰ পাৰমাণৱিক ৰিয়েক্টৰ, যিয়ে সৰ্বাধিক প্ৰায় ৩০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পাৰে।