কেপ্টেইন স্মিট মাচ্চাৰৰ অসাধাৰণ বীৰত্ব: ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ প্ৰশংসা আৰু স্বাধীনতা দিৱসলৈ বিশেষ আমন্ত্ৰণ

Story by  atv | Posted by  [email protected] • 1 h ago
স্মিট মাচ্চাৰ আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহু
স্মিট মাচ্চাৰ আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহু
 
নতুন দিল্লী
 
আকাশমাৰ্গত এক অভাবনীয় আৰু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈও অসাধাৰণ সাহস আৰু ধৈৰ্যৰ পৰিচয় দিয়া ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰলৈ ফোনযোগে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে। শনিবাৰে হোৱা এই বাৰ্তালাপত নেতান্যাহুৱে কেপ্টেইন মাচ্চাৰৰ বীৰত্বক ভূয়সী প্ৰশংসা কৰাৰ লগতে ইজৰাইলৰ পৰৱৰ্তী স্বাধীনতা দিৱসলৈ তেওঁক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষভাৱে আমন্ত্ৰণ জনায়।
 
ঘটনাটো সংঘটিত হৈছিল যোৱা ৩০ ছেপ্টেম্বৰত। ডুবাইৰ পৰা টেল আভিভলৈ উৰা মৰা ফ্লাইডুবাইৰ এফ জেড ১০৭৩ বিমানখনৰ মুখ্য পাইলট আছিল কেপ্টেইন স্মিট মাচ্চাৰ। বিমানখন আকাশৰ বুকুত স্বাভাৱিকভাৱে উৰি থকাৰ সময়তে ককপিটৰ ভিতৰত সংঘটিত হৈছিল এক শিহৰণকাৰী ঘটনা। কেপ্টেইন মাচ্চাৰে নেতান্যাহুক জনোৱা অনুসৰি, উৰণৰ মাজতে ওমানৰ মূলৰ সহ-পাইলটজনে প্ৰাৰ্থনা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। সহকৰ্মীৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতি সন্মান জনাই কেপ্টেইন মাচ্চাৰে সমুখলৈ চাই নিজৰ কামত মনোযোগ দিছিল আৰু সহ-পাইলটজনক প্ৰাৰ্থনা কৰিবলৈ সুবিধা কৰি দিছিল।
 
কিন্তু প্ৰায় ৪-৫ মিনিটৰ পাছতেই পৰিস্থিতিয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰে। হঠাতে কেপ্টেইন মাচ্চাৰে নিজৰ মূৰৰ পিছফালে এক প্ৰচণ্ড আৰু শক্তিশালী আঘাত অনুভৱ কৰে। প্ৰথম অৱস্থাত তেওঁ ভাবিছিল যে হয়তো বিমানখনত কিবা ডাঙৰ কাৰিকৰী বিজুতি ঘটিছে বা কোনো বিস্ফোৰণ হৈছে। কিন্তু মুহূৰ্তৰ ভিতৰতে তেওঁ উপলব্ধি কৰিলে যে সেয়া কোনো কাৰিকৰী বিজুতি নাছিল, বৰঞ্চ ককপিটত ৰখা জৰুৰীকালীন ‘ক্ৰেচ এক্স’ৰে তেওঁৰ নিজৰেই সহ-পাইলটে তেওঁৰ ওপৰত অতৰ্কিতে প্ৰাণঘাতী আক্ৰমণ চলাইছে।
 
এই ভয়ংকৰ আৰু ৰক্তাক্ত আক্ৰমণৰ সন্মুখীন হৈয়ো কেপ্টেইন মাচ্চাৰে অকল্পনীয় স্থিৰতা আৰু সংযম বজাই ৰাখে। মূৰৰ গুৰুতৰ আঘাতৰ বাবে তেওঁৰ দৃষ্টিশক্তি অত্যন্ত ম্লান হৈ পৰিছিল যদিও নিজৰ জীৱনৰ বিপৰীতে যাত্ৰীসকলৰ নিৰাপত্তাক অগ্ৰাধিকাৰ দি তেওঁ আক্ৰমণকাৰীক বাধা দিবলৈ প্ৰাণপণে চেষ্টা কৰে। এই আক্ৰমণৰ মাজতে বিমানখনৰ জৰুৰীকালীন সংকেত সক্ৰিয় হৈ পৰে, যাৰ ফলত বিমানখনে হঠাতে ৩৪,০০০ ফুট উচ্চতাৰ পৰা ১৭,০০০ ফুটলৈ দ্ৰুতগতিত তললৈ নামি আহে। এই সাময়িক বিশৃংখলতা আৰু বিমানৰ ৰাডাৰৰ ক্ষতিসাধন হোৱা সত্ত্বেও, অদম্য মনোবলৰ অধিকাৰী কেপ্টেইন মাচ্চাৰে চৌদি আৰৱত বিমানখনৰ সফল জৰুৰীকালীন অৱতৰণ কৰাবলৈ সক্ষম হয় আৰু বহুকেইজন নিৰীহ যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে।
 
ককপিটৰ ভিতৰত তেওঁ প্ৰদৰ্শন কৰা এই উপস্থিত বুদ্ধি আৰু নিস্বাৰ্থ সাহসিকতাক স্বীকৃতি দি প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে টেলিফোনিক বাৰ্তালাপত তেওঁক ভূয়সী প্ৰশংসা কৰে। নেতান্যাহুৱে কয়, "আমাৰ পৰৱৰ্তী স্বাধীনতা দিৱসত উদযাপনৰ মশাল জ্বলোৱাৰ বাবে মই আপোনাক আৰু মোৰ প্ৰিয় বন্ধু, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছো। আপুনি কেৱল ভাৰত আৰু ইজৰাইলৰ সাহসী জনসাধাৰণৰেই প্ৰকৃত নায়ক নহয়, আপুনি সমগ্ৰ বিশ্বৰ বাবেই এক আদৰ্শ নায়ক। মই আপোনাৰ আশু আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিছো।"
 
মৃত্যুকো নেওচি আনৰ জীৱন ৰক্ষা কৰা কেপ্টেইন স্মিট মাচ্চাৰৰ এই বীৰত্বৰ কাহিনীয়ে এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰিছে আৰু সকলোৰে বুকুত গৌৰৱৰ সঞ্চাৰ কৰিছে।