হৰমুজ প্ৰণালীৰ পথত বাণিজ্যিক জাহাজত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

Story by  atv | Posted by  [email protected] • 4 h ago
হৰমুজ প্ৰণালীৰ পথত বাণিজ্যিক জাহাজত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ
হৰমুজ প্ৰণালীৰ পথত বাণিজ্যিক জাহাজত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ
 
নতুন দিল্লী
 
এতিয়াও এমাহ হোৱা নাই। ইৰানে হৰমুজ প্ৰণালীত আক্ৰমণ বন্ধ কৰিবলৈ সন্মত হৈছিল। সেই সন্দৰ্ভত আমেৰিকাৰ সৈতে চুক্তিও স্বাক্ষৰ কৰিছিল। অৱশ্যে ইৰানৰ শেহতীয়া কাৰ্যকলাপে পৰিস্থিতি আৰু জটিল কৰি তুলিব বুলি আশংকা কৰা হৈছে। কিয়নো ইৰানৰ ৰিভল্যুচনেৰী গাৰ্ডে এই জলপথেৰে পাৰ হৈ যোৱা কমেও দুখন বাণিজ্যিক জাহাজত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে।
 
বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। এই আক্ৰমণত দুয়োখন জাহাজৰ ক্ষতিসাধন হয়। অৱশ্যে কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই।
 
কাটাৰৰ মধ্যস্থতাত তেহৰান আৰু ৱাশ্বিংটনৰ মাজত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জলপথত সংঘাত স্থগিত ৰখাৰ এক সপ্তাহৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ কিছু সময়ৰ পিছতে এই ঘটনা সংঘটিত হয়।
 
ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছিল যে “আমি ভাল মানুহ বুলিয়েই” আমেৰিকাই ইৰানক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে “এসপ্তাহজোৰা বিৰতি” দিছে। ইয়াৰ কিছু সময়ৰ পাছতে এই আক্ৰমণ সংঘটিত হয়। চলিত বৰ্ষৰ আৰম্ভণিতে যুদ্ধৰ প্ৰথম দিনটোত আমেৰিকা-ইজৰাইলৰ যৌথ বিমান আক্ৰমণত নিহত ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আলী খামেনেইৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰেক্ষাপটত ট্ৰাম্পে এই মন্তব্য কৰিছিল।
 
ইয়াৰ উপৰিও মঙলবাৰে পুৱা ওমানৰ উপকূলৰ নাতি দূৰৰ জলদ্বীপত চলাচল কৰা এখন টেংকাৰত প্ৰজেক্টাইলৰ খুন্দাত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ব্ৰিটিছ সেনাই প্ৰকাশ কৰিছে।
 
ইৰানে শেহতীয়াকৈ ওমানৰ সমীপৰ হৰমুজ প্ৰণালীৰ মাজেৰে যাত্ৰা কৰা আন কমেও দুখন জাহাজকো লক্ষ্য কৰি লোৱাৰ সন্দেহ কৰা হৈছে। বিশেষকৈ উপসাগৰীয় অঞ্চলত শান্তিৰ বাবে আলোচনাৰ প্ৰচেষ্টা চলোৱাৰ পিছতো তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে বাণিজ্যিক জাহাজৰ ওপৰত শেহতীয়া আক্ৰমণ আৰু টেংকাৰৰ অগ্নিকাণ্ডৰ ঘটনা কৌশলগত জলপথটোৰ নিৰাপত্তাকলৈ উদ্বেগ আৰু বৃদ্ধি কৰিছে।