নতুন দিল্লী
আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছে তুলসী গাবাৰ্ডে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ প্ৰেৰণ কৰা এখন পত্ৰত তেওঁ কয় যে তেওঁৰ পদত্যাগ অহা ৩০ জুনৰ পৰা কাৰ্যকৰী হ’ব।
পদত্যাগ পত্ৰত গাবাৰ্ডে পদত্যাগ কৰাৰ কাৰণ উল্লেখ কৰিছে। তেওঁৰ স্বামী হাড়ৰ কেন্সাৰ ৰোগত আক্ৰান্ত বুলিও কয়। আগন্তুক দিনবোৰ তেওঁৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক হ’ব। এই সময়ত তেওঁ স্বামীৰ কাষত থাকিবলৈ চাকৰিৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।
আমেৰিকা প্ৰশাসনৰ এটা অংশই কৈছে যে তুলসীয়ে প্ৰকৃততে স্বামীৰ অসুস্থতাক চোৰাংচোৱা মুৰব্বীৰ পৰা পদত্যাগ কৰাৰ সুযোগ হিচাপে ব্যৱহাৰ কৰিছে। তেওঁ আচলতে কামটো উপভোগ কৰা নাছিল।
ইয়াৰ মূল কাৰণ হ’ল ড’নাল্ড ট্ৰাম্পৰ অবিশ্বাস। ইৰানৰ সৈতে আমেৰিকাৰ নতুন সংঘাত আৰম্ভ হোৱাৰ পৰাই চোৰাংচোৱা মুৰব্বীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ পৰিছে ট্ৰাম্প। ইৰানৰ হাতত কোনো বিপজ্জনক পাৰমাণৱিক অস্ত্ৰ নাই বুলি চোৰাংচোৱা মুৰব্বীগৰাকীয়ে দিয়া প্ৰতিবেদনত ট্ৰাম্প অতিশয় ক্ষুব্ধ হৈ পৰিছিল। তেওঁ ৰাজহুৱাভাৱে কয় যে তেওঁক কোনো ধৰণৰ চোৰাংচোৱা প্ৰতিবেদনৰ প্ৰয়োজন নাই। ইৰাণ কিমান বিপদজনক তেওঁ নিজৰ উৎসৰ পৰাই জানে।
ইৰানৰ সৈতে আমেৰিকাৰ চলি থকা যুদ্ধৰ মাজতে চোৰাংচোৱা মুৰব্বীগৰাকীৰ পদত্যাগৰ ঘোষণাই আমেৰিকা প্ৰশাসনত তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
আমেৰিকান কংগ্ৰেছৰ প্ৰাক্তন ডেম’ক্ৰেট সদস্য তুলসীক ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ পিছত ৰিপাব্লিকান ৰাষ্ট্ৰপতি ট্ৰাম্পে চোৰাংচোৱা বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে। আমেৰিকাৰ নিৰাপত্তা ব্যৱস্থাত চোৰাংচোৱা মুৰব্বীৰ পদটো অতি গুৰুত্বপূৰ্ণ। ২০০১ চনৰ ১১ ছেপ্টেম্বৰত টুইন টাৱাৰত হোৱা আক্ৰমণৰ পিছত আমেৰিকাৰ প্ৰশাসনে এই পদৰ সৃষ্টি কৰিছিল।
আমেৰিকান কংগ্ৰেছৰ সদস্য হোৱাৰ আগতে তুলসী সেই দেশৰ সামৰিক বাহিনীত আছিল। দীৰ্ঘদিন ইৰাকত সেৱা আগবঢ়াইছিল। যিহেতু মাতৃ হিন্দু ধৰ্মৰ হোৱা বাবে তুলসীয়েও সেই পৰম্পৰাগত ধৰ্ম পালন কৰে।