২০ নৱেম্বৰত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰে

Story by  atv | Posted by  [email protected] • 3 h ago
পুনৰবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে
পুনৰবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে
 
বিহাৰ

২০ নৱেম্বৰত পাটনাত বিহাৰৰ নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। সূত্ৰ অনুসৰি, নীতিশ কুমাৰে পুনৰবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ সম্ভাৱনা আছে।
 
সোমবাৰে বিহাৰত বিদায়ী NDA চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিধানসভা ভংগ কৰাৰ “কৰ্তৃত্ব” প্ৰদান কৰা হয়। নীতিশ কুমাৰৰ অধ্যক্ষতাত ১০ মিনিট ধৰি চলা বৈঠকত এই সন্দৰ্ভত এক প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়৷
 
সংবাদ সংস্থা PTI-এ এটা সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰে, ‘মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিবলৈ বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যপাল আৰিফ মহম্মদ খানক সাক্ষাৎ কৰে। ১৯ নৱেম্বৰত নীতিশ কুমাৰে বিদায়ী চৰকাৰৰ মুৰব্বী হিচাপে ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিব।’’
 
বিহাৰ বিধানসভাৰ নিৰ্বাচনত ২৪৩ খন আসনৰ ভিতৰত ২০০খনৰো অধিক আসন লাভ কৰি NDA-এ শাসনলৈ আহে। বিজেপিয়ে সৰ্বাধিক ৮৯খন আসন লাভ কৰাৰ বিপৰীতে JD(U)-এ ৮৫খন আসন লাভ কৰে।