বহুমুখী প্ৰতিভাৰ গৰাকী বিশ্বৰ অন্যতম ধনী মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধনা

Story by  atv | Posted by  Munni Begum • 1 Months ago
 মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধনা
মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধনা
 
শান্তি প্ৰিয় ৰয়চৌধুৰী
 
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ছুপাৰষ্টাৰ স্মৃতি মান্ধনা। মহিলা ক্ৰিকেট দলৰ এইগৰাকী ছুপাৰষ্টাৰৰ কেৱল ভাৰতীয় ক্ৰিকেটতে নহয়, বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ মাজতো এক সুকীয়া পৰিচয় আছে। এই সুন্দৰী ছুপাৰষ্টাৰ খেলুৱৈগৰাকী হৈছে বহুমুখী প্ৰতিভাৰ গৰাকী। যি হয়তু বহুতে নাজানে। আজিৰ এই প্ৰতিবেদনত স্মৃতি মান্ধনা সম্পৰ্কে এনে বহু নজনা কথা উল্লেখ কৰা হৈছে।  
 
স্মৃতি মান্ধনাই যেতিয়া ক্ৰিকেটৰ জগতৰ বাহিৰত থাকে, তেতিয়া তেওঁ আন যিকোনো ভাৰতীয়ৰ দৰেই চিনেমা ভালপায় আৰু গান শুনে। তেওঁৰ প্ৰিয় অভিনেতা হৈছে ঋতিক ৰৌশন আৰু প্ৰিয় গায়ক হৈছে অৰিজিত সিং। আজৰি সময়ত মান্ধনাই ফিফা আৰু অন্যান্য খেল খেলি ভাল পায়।  
 
তদুপৰি মান্ধনা হৈছে এগৰাকী ভ্ৰমণ প্ৰিয় যুৱতী। তেওঁৰ অৱসৰৰ সময়ত ভ্ৰমণ কৰা প্ৰিয় ঠাইবোৰৰ শীৰ্ষত আছে ছুইজাৰলেণ্ডৰ পোষ্টকাৰ্ডৰ দৰে নিখুঁত প্ৰাকৃতিক দৃশ্য আৰু অষ্ট্ৰেলিয়াৰ বৈচিত্ৰময় ভূখণ্ড। ইয়াৰ বাহিৰেও ভাৰতবৰ্ষত বিভিন্ন পৰ্যটনস্থলী অন্তৰ্ভুক্ত।
 
ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মান্ধনা
 
স্মৃতি মান্ধনাই  উল্লেখ কৰি কয় যে, ভ্ৰমণে তেওঁক জীৱনৰ বহু গুৰুত্বপূৰ্ণ শিক্ষা দি আহিছে। তেওঁ জীৱনটোক এক দীঘলীয়া যাত্ৰা বুলি অনুভৱ কৰে আৰু এই যাত্ৰাত ভ্ৰমণৰ গুৰুত্ব অপৰিসীম। কিন্তু ক্ৰিকেটাৰ নহোৱা হ'লে স্মৃতিয়ে আন এক হাই-প্ৰফাইল কেৰিয়াৰহে বাছি ল'লেহেঁতেন।   
 
স্মৃতিয়ে কয়, "ৰন্ধা-বঢ়াৰ প্ৰতি মোৰ খুবেই আকৰ্ষণ আছে। মই যদি ক্ৰিকেটাৰ নহ'লোহেঁতেন তেন্তে মই ৰন্ধা-বঢ়া কৰি নিজাকৈ ৰেষ্টুৰেণ্ট এখন আৰম্ভ কৰিলোঁহেঁতেন।" 
 
সৌভাগ্যক্ৰমে মান্ধনাই ৰান্ধনী জগতখনত প্ৰৱেশ কৰা নাছিল, নহ’লে আমাৰ ক্ৰিকেটৰ জগতখনত বহু ক্ষতি সাধন হ’লহেঁতেন। বহু ভাৰতীয় যুৱক-যুৱতীৰ দৰে ক্ৰিকেটাৰ মান্ধনা গেমিং ধাৰাৰ অনুৰাগী এগৰাকী বৃহৎ অনুৰাগী। বিশেষকৈ বিপুল জনপ্ৰিয় বেটলগ্ৰাউণ্ডছ ম’বাইল ইণ্ডিয়া (বিজিএমআই)ৰ তেওঁ  অনুৰাগী। 
 
মান্ধনাই বিজিএমআইৰ কৌশল আৰু দ্ৰুত প্ৰতিফলন উপভোগ কৰে, যিবোৰ ক্ৰিকেটৰ বাবে অতি ভাল দক্ষতা, য’ত সময় আৰু স্প্লিট ছেকেণ্ডৰ সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ। এগৰাকী এ-২৩ এম্বেছাদৰ হিচাপে তেওঁ দায়িত্বশীল গেমিংক প্ৰচাৰ কৰিবলৈ আগ্ৰহী।
 
ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মান্ধনা
 
ভাৰতীয় ক্ৰিকেটাৰৰ দৰে স্মৃতি মান্ধনাৰ গাড়ী ক্ৰয় কৰাৰ ক্ষেত্ৰতো আগ্ৰহী। অৱশ্যে দামী বিলাসী গাড়ী কিনা ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ ক্ৰিকেটাৰৰ দৰে মান্ধনা নহয়। তেওঁৰ গাড়ীবোৰ ইমান দামী নহয়। তেওঁৰ গেৰেজত আছে এখন চুইফট ডিজাইৰ (মূল্য - ৯ লাখ টকা), হুণ্ডাই ক্ৰেটা (মূল্য - ১৭ লাখ টকা), হুণ্ডাই এলিট আই২০ (মূল্য - ১০ লাখ টকা) আৰু মহিন্দ্ৰা এক্সইউভি৫০০ (মূল্য - ১৬ লাখ টকা)। 
 
ক্ৰিকেটৰ বাহিৰত স্মৃতি মান্ধনাই সামাজিক মাধ্যমৰ এগৰাকী যথেষ্ট প্ৰভাৱশালী ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। ইনষ্টাগ্ৰামত ১ কোটি ১৫ লাখ অনুসৰণকাৰীৰ সৈতে তেওঁ অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছে, যিয়ে লাভজনক ব্ৰেণ্ড এণ্ডাৰছমেণ্ট চুক্তিলৈ  ৰূপান্তৰিত হৈছে।  
 
মান্ধনাই এছবিআই, হুণ্ডাই, ডেইৰী মিল্ক, মেগী, টাটা টি গোল্ড, হাৰ্বেল লাইফ আৰু এ-২৩ ৰুমীকে ধৰি কেইবাটাও হাই প্ৰফাইল ব্ৰেণ্ডৰ সৈতে সহযোগিতা আগবঢ়াই আহিছে। মানি কণ্ট্ৰলৰ তথ্য অনুসৰি মান্ধনাই প্ৰতিটো ব্ৰেণ্ডৰ বাবে ৪০ লাখৰ পৰা ১ কোটি টকালৈকে এণ্ডাৰছমেণ্ট মাচুল লাভ কৰে, যিয়ে তেওঁৰ প্ৰভাৱ আৰু বিপণন যোগ্যতাক উজ্জ্বল কৰি তুলিছে।   
 
আন বিভিন্ন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি,  মান্ধনাৰ সম্পত্তিৰ পৰিমাণ ৩২ৰ পৰা ৩৩ কোটিৰ ভিতৰত। তেওঁৰ সম্পদৰ উৎস কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ পৰা - টেষ্ট, এদিনীয়া আৰু টি-২০ ফৰ্মেটত টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰাৰ বাবে তেওঁৰ বাৰ্ষিক দৰমহা, মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অধিনায়ক হিচাপে তেওঁৰ উপাৰ্জন আৰু তেওঁৰ অসংখ্য ব্ৰেণ্ড এণ্ডাৰছমেণ্ট চুক্তি। এই বিত্তীয় পৰ্টফলিঅ’ই তেওঁক বিশ্বৰ অন্যতম ধনী মহিলা ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিছে।