চূড়ান্ত হ'ল আইপিএল ২০২৬ ৰ প্লে অফৰ সূচী

Story by  atv | Posted by  [email protected] • 2 h ago
চূড়ান্ত হ'ল আইপিএল ২০২৬ ৰ প্লে অফৰ সূচী
চূড়ান্ত হ'ল আইপিএল ২০২৬ ৰ প্লে অফৰ সূচী
 
নতুন দিল্লী
 
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ ৰ প্লে অফৰ সূচী চূড়ান্ত কৰা হৈছে ৷ ১৬ পইণ্ট লাভ কৰি ৰাজস্থান ৰয়েলছ প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হৈছে৷ দেওবাৰে অনুষ্ঠিত হোৱা লীগৰ অন্তিমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ৩০ ৰাণত পৰাস্ত কৰে৷ মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক নিৰ্ধাৰণ কৰি দিয়া ২০৬ ৰাণৰ লক্ষ্যত দলটো উপনীত হোৱাত ব্যৰ্থ হয়৷ ৰাজস্থান ৰয়েলছৰ জয়ৰ পাছত পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।
 
ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে ইতিমধ্যে প্লে অফৰ বাবে স্থান নিশ্চিত কৰিছিল৷ পইণ্ট তালিকাত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু প্ৰথম, গুজৰাট টাইটানছ দ্বিতীয়, ছানৰাইজাৰ্ছ হায়দৰাবাদ তৃতীয় আৰু ৰাজস্থান ৰয়েলছ চতুৰ্থ স্থানত আছে।
 
আইপিএল ২০২৬ৰ কোৱালিফায়াৰ-১ ২৬ মে’ মঙলবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব। এই মেচত বিজয়ী দলে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব। কোৱালিফায়াৰ-১ত পৰাজিত দলটোৱে দ্বিতীয়বাৰৰ বাবে কোৱালিফায়াৰ-২ত খেলাৰ সুযোগ লাভ কৰিব। ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হোৱা এলিমিনেটৰ মেচত বিজয়ী দলে কোৱালিফায়াৰ-২ত অৱৰ্তীণ হ’ব। কোৱালিফায়াৰ-২ৰ বিজয়ী দলে চূড়ান্ত মেচত কোৱালিফায়াৰ-১ৰ বিজয়ী দলৰ বিৰুদ্ধে চেম্পিয়নশ্বিপ খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।
 
কোৱালিফায়াৰ-১ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। নিউ চণ্ডীগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ক্ৰমে ২৭ মে’ আৰু ২৯ মে’ত অনুষ্ঠিত হ’ব এলিমিনেটৰ আৰু কোৱালিফায়াৰ-২ মেচ । ৩১ মে’ত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন।