নতুন দিল্লী
বিশ্বকাপত আদবাটতে থমকিল চাম্বাৰ দেশৰ স্বপ্নৰ দৌৰ। বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰৰ পৰা বাহিৰ হ’ল ৫ বাৰৰ চেম্পিয়ন ব্ৰাজিল। পুনৰ এবাৰ ভংগ হ’ল ব্ৰাজিলৰ ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয়ৰ সপোন। ব্ৰাজিলক ২-১ গ’লত পৰাস্ত কৰে নৰৱে’ই।
বিশ্বজুৰি লক্ষ্য লক্ষ্য অনুৰাগীক কন্দুৱাই বিদায় মাগিলে ব্ৰাজিলে। আৰ্লিং হালাণ্ডৰ বিক্ৰমত স্তব্ধ হৈ পৰিল ব্ৰাজিলৰ গতি। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ৭৯ মিনিটত সুন্দৰ হেডেৰে প্ৰথমটো গ’ল কৰে আৰ্লিং হালাণ্ডে। কিন্তু সমতা স্থাপনৰ বাবে নৰৱে’ৰ অভেদ্য ৰক্ষণ ভাঙিবলৈ হাবাথুৰি খাই থাকিবলগীয়া হ’ল ফুটবলৰ পাৱাৰহাউছ ব্ৰাজিলে।
উত্তেজনাপূৰ্ণ মেচখনত নিৰ্ধাৰিত ৯০ মিনিটত নৰৱে’ ১-০ গ’লত আগবাঢ়ি থকাৰ সময়তে ইঞ্জুৰি টাইমৰ আৰম্ভণিতে ব্ৰাজিলৰ জয়ৰ পথ ৰুদ্ধ কৰি দ্বিতীয়টো গ’ল কৰিলে নৰৱে’ৰ তাৰকা হালাণ্ডে। ৭০ মিনিটত খেল পথাৰত নমা নেইমাৰ নিস্প্ৰভ হৈ ৰ’ল।
অৱশ্যে খেলখনক শেষ মুহূৰ্ত লাভ কৰা এটা পেনাল্টি গ’ল বক্সত ভৰাবলৈ সক্ষম হয় নেইমাৰ। কিন্তু নেইমাৰৰ সেই গ’লটো ব্ৰাজিলক আগুৱাই নিবলৈ পৰ্যাপ্ত নহ’ল। ব্ৰাজিলক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে নৰৱে’ই।
ইউৰোপৰ উদীয়মান শক্তি নৰৱে’ৰ পৰাক্ৰমত ধৰাশায়ী হোৱা ব্ৰাজিলৰ ২০২৬ বিশ্বকাপৰ যাত্ৰা ইমানতে যতি পৰিল। ১৯৯০ চনৰ পিছত নকআউট মেছৰ পৰা এয়াই প্ৰথম বিদায় ব্ৰাজিলৰ। ২০০২ চনৰ পিছত ষষ্ঠটো খিতাপ জয়ৰ অপেক্ষা আৰু দীঘলীয়া হ’ল ব্ৰাজিলৰ। এই অপ্ৰত্যাশিত বিদায়ৰ পাছত খেলপথাৰতে কান্দোনত ভাগি পৰে নেইমাৰ।