আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলাৰ দলৰ পৰা বাদ পৰিল ঋষভ পণ্ট

Story by  PTI | Posted by   Imtiaz Ahmed • 48 m ago
ঋষভ পন্ত
ঋষভ পন্ত
গুৱাহাটী

আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ বাবে ভাৰতীয় দলত বৃহৎ ৰদবদল কৰিছে। মঙলবাৰে ঘোষণা কৰা দলত তাৰকা উইকেটকিপাৰ-বেটছমেন ঋষভ পন্তক আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ টেষ্টৰ বাবে ভাৰতীয় টেষ্ট দলৰ উপ-দলপতিৰ পদৰ পৰা অপসাৰণ কৰাৰ লগতে তিনিখনীয়া এদিনীয়া শৃংখলাৰ দলৰ পৰাও বাদ দিয়া হৈছে।

শুভমন গিলৰ নেতৃত্বাধীন ভাৰতীয় টেষ্ট দলৰ নতুন উপ-দলপতি হিচাপে দায়িত্ব লাভ কৰিছে কে এল ৰাহুলে।

দল ঘোষণা কৰাৰ সময়ত মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ নেতৃত্বাধীন নিৰ্বাচন সমিতিয়ে জনায় যে, দ্ৰুত ব’লিংৰ মুখ্য ভৰসা যশপ্ৰীত বুমৰাহক চাপ নিয়ন্ত্ৰণৰ অংশ হিচাপে টেষ্ট আৰু এদিনীয়া — দুয়োখন শৃংখলাৰ পৰাই বিশ্ৰাম দিয়া হৈছে। অৱশ্যে এই গ্ৰীষ্মকালৰ পিছত ইংলেণ্ড ভ্ৰমণত তেওঁ পুনৰ দললৈ উভতি আহিব। জ্যেষ্ঠ অল-ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাকো আগন্তুক টেষ্টখনৰ বাবে বিশ্ৰাম দিয়া হৈছে।

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঘৰুৱা শৃংখলাখন ৬ জুনৰ পৰা মুলানপুৰত অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ টেষ্টেৰে আৰম্ভ হ’ব। ইয়াৰ পিছত ১৪ জুনৰ পৰা ধৰ্মশালা, লক্ষ্ণৌ আৰু চেন্নাইত তিনিখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব।

দল ঘোষণা কৰাৰ পিছত সংবাদমেলত অজিত আগৰকাৰে কয়, “ইংলেণ্ড ভ্ৰমণৰ সময়ত বুমৰাহ পুনৰ দলত যোগ দিব। বৰ্তমান তেওঁ নিজৰ কামৰ বোজা বা চাপ নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

টেষ্ট দলত প্ৰথমবাৰৰ বাবে সুযোগ লাভ কৰিছে স্পিনাৰ মানব সুতাৰ আৰু পেচাৰ গুৰনূৰ ব্ৰাৰে। দুয়োগৰাকী খেলুৱৈ আইপিএল ফ্ৰেঞ্চাইজি গুজৰাট টাইটানছৰ সতীৰ্থ। আনহাতে, এদিনীয়া দলত নতুন মুখ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে প্ৰিন্স যাদৱক। ঈশান কিষাণক দ্বিতীয় উইকেটকিপাৰ হিচাপে দলত স্থান দিছে।

ভাৰতৰ টেষ্ট দলঃ শুভমন গিল (অধিনায়ক), কে এল ৰাহুল (উপ-দলপতি), যশস্বী জয়ছোৱাল, ছাই সুদৰ্শন, ঋষভ পন্ত, দেবদত্ত পাড়িক্কল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, মানব সুতাৰ, গুৰনূৰ ব্ৰাৰ, হৰ্ষ দুবে, ধ্ৰুৱ জুৰেল।

ভাৰতৰ এদিনীয়া দলঃ শুভমন গিল (অধিনায়ক), শ্রেয়াছ আয়াৰ (উপ-দলপতি), কে এল ৰাহুল (উইকেটকিপাৰ), ঈশান কিষাণ (উইকেটকিপাৰ), ৰোহিত শর্মা, বিৰাট কোহলি, হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, হৰ্ষ দুবে, কুলদীপ যাদৱ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, প্ৰিন্স যাদৱ, গুৰনূৰ ব্ৰাৰ।