ৰূপামণি গড়ে এভাৰেষ্ট শৃংগ জয় কৰা অসমৰ প্ৰথম মহিলা হিচাপে ইতিহাস ৰচিলে

Story by  atv | Posted by   Imtiaz Ahmed • 2 h ago
ৰূপামণি গড় এভাৰেষ্টৰ শিখৰত; (সোঁফালে) দিল্লীৰ ITBPৰ মুখ্য কাৰ্যালয়ত অভিযানৰ ফ্লেগ অফৰ সময়ত ভনীতা তিমুংপি
ৰূপামণি গড় এভাৰেষ্টৰ শিখৰত; (সোঁফালে) দিল্লীৰ ITBPৰ মুখ্য কাৰ্যালয়ত অভিযানৰ ফ্লেগ অফৰ সময়ত ভনীতা তিমুংপি
গুৱাহাটী

অসমৰ লখিমপুৰ জিলাৰ লীলাবাৰীৰ কন্যা ৰূপামণি গড়ে ইতিহাস ৰচনা কৰি অসমৰ প্ৰথম মহিলা হিচাপে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হৈছে। ভাৰত-তিব্বত সীমা আৰক্ষী বাহিনী (ITBP)-ৰ সৰ্বমহিলা অভিযানকাৰী দলৰ অংশ হিচাপে তেওঁ এই অসাধাৰণ সফলতা অৰ্জন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই তথ্য প্ৰকাশ কৰে।

জানিব পৰা মতে, ৰূপামণিয়ে বৃহস্পতিবাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগটোৰ শিখৰত উপনীত হৈ এই ঐতিহাসিক কৃতিত্ব লাভ কৰে। তেওঁৰ এই সাফল্যত সমগ্ৰ অসম গৌৰৱান্বিত বুলি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে। আন এগৰাকী অসমৰ মহিলা ভনিতা তিমুংপিয়ে দলৰ নেত্ৰী হিচাপে এই অভিযানৰ নেতৃত্ব দিছিল।

সামাজিক মাধ্যমত দিয়া এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, “অসমৰ জীয়ৰীয়ে আজি পৃথিৱীৰ শীৰ্ষ স্পৰ্শ কৰিছে। ITBP-ৰ সৰ্বমহিলা অভিযানকাৰী দলৰ সদস্যা হিচাপে এভাৰেষ্ট শৃংগ আৰোহণ কৰি অসমৰ প্ৰথম মহিলা হিচাপে ইতিহাস গঢ়া ৰূপামণি গড়লৈ আন্তৰিক অভিনন্দন। তেওঁৰ এই ঐতিহাসিক সফলতা অসমৰ বাবে অপাৰ গৌৰৱৰ বিষয় আৰু আমাৰ যুৱ সমাজক ডাঙৰ সপোন দেখিবলৈ তথা নতুন উচ্চতা জয় কৰিবলৈ প্ৰেৰণা যোগাব।”
সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ৰূপামণি গড়ে লীলাবাৰীতেই অতি সাধাৰণ পৰিৱেশত ডাঙৰ-দীঘল হয়। তেওঁৰ পিতৃ জয়সিং গড় কৃষিকাৰ্যৰ সৈতে জড়িত, আনহাতে মাতৃ কমলাৱতী এগৰাকী অংগনৱাড়ী সহায়িকা হিচাপে কৰ্মৰত।

কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰা ৰূপামণিয়ে ২০২০ চনত ITBP-ত যোগদান কৰে। চাকৰিৰ সমান্তৰালভাৱে তেওঁ শৈশৱৰ পৰাই লালন কৰি অহা দু:সাহসিক ক্ৰীড়া আৰু পৰ্বতাৰোহণৰ প্ৰতি থকা গভীৰ আগ্ৰহ অব্যাহত ৰাখে বুলি তেওঁৰ পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়ে।

ইফালে, অসম মাউণ্টেইনিয়াৰিং এছ’চিয়েচনৰ উপদেষ্টা সত্যেন শৰ্মাই ৰূপামণি গড় আৰু ভনিতা তিমুংপীক এই নজিৰবিহীন সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। 
তেওঁ কয়, “ITBP-ৰ সৰ্বমহিলা অভিযানকাৰী দলক সফলভাৱে নেতৃত্ব দি ভনিতা তিমুংপীয়ে এভাৰেষ্ট শৃংগৰ শিখৰত উপনীত হোৱা খবৰ পাই মই আবেগাপ্লুত, আনন্দিত আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াৰ লগতে অসমৰ আন এগৰাকী জীয়ৰী, ৰূপামণি গড়ো এই সফল দলটোৰ অংশ আছিল বুলি জানি মোৰ বাবে সেয়া এক অবিশ্বাস্য অনুভূতি।”

সৰ্মাই লগতে কয়, “ভনিতা আৰু ৰূপামণি দুয়োগৰাকী অতি সাধাৰণ পৰিৱেশৰ পৰা আগবাঢ়ি অহা। তেওঁলোকৰ এই শিখৰত উপনীত হোৱাৰ আঁৰত কিমান সংগ্ৰাম, কষ্ট আৰু অধ্যৱসায় জড়িত আছে, সেয়া মই নিজ চকুৰে প্রত্যক্ষ কৰিছোঁ। পৰ্বতাৰোহণৰ এই সৰ্বোচ্চ সফলতা লাভ কৰিবলৈ তেওঁলোকে বছৰ বছৰ ধৰি অক্লান্ত পৰিশ্ৰম কৰিছে।”

অসম মাউণ্টেইনিয়াৰিং এছ’চিয়েচনৰ আজীৱন সদস্য আৰু পৰ্বতাৰোহণপ্ৰেমী হিচাপে তেওঁ এই সৰ্বমহিলা দলটোৰ সফলতাত গভীৰ আনন্দ প্ৰকাশ কৰি কয়, “বিশেষকৈ ই এটা সৰ্বমহিলা দল হোৱাৰ বাবেই এই সফলতা অধিক তাৎপৰ্যপূর্ণ। ই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে পৰ্বতাৰোহণৰ দৰে সুন্দৰ আৰু প্ৰত্যাহ্বানমূলক ক্ৰীড়াক্ষেত্ৰত মহিলাসকল সমান অংশীদাৰ আৰু সমান সক্ষম। যদিও পৰ্বতাৰোহণ দৰ্শকবিহীন ক্ৰীড়া, তথাপিও এই সাহসী, দক্ষ আৰু দৃঢ়চেতা যুৱতীসকলৰ মই এজন ডাঙৰ অনুৰাগী। তেওঁলোকৰ এই অসামান্য কৃতিত্ব সকলোৰে বাবে অনুপ্ৰেৰণা হৈ থাকিব। শৃংগৰ পৰা শৃংগলৈ তেওঁলোকৰ এই জয়যাত্ৰা অব্যাহত থাকক।”



শেহতীয়া খবৰ