গুৱাহাটী
গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত ১ জুলাইৰ পৰা ৩ জুলাইলৈকে অনুষ্ঠিত হোৱা ৪৯ সংখ্যক আন্তঃজিলা ডবা প্ৰতিযোগিতাত যোৰহাটৰ দেলীশা আহমেদ জিলানী আৰু সৃষ্টি জাকাৰীয়াই ক্ৰমে ১১ বছৰ অনুৰ্ধৰ ছোৱালী আৰু ১৯ বছৰ অনুৰ্ধৰ ছোৱালীৰ শাখাত ৰাজ্যিক খিতাপ দখল কৰিছে।
অল আছাম চেচ এছ’চিয়েশ্যনৰ দ্বাৰা ১১ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধ শাখাৰ বাবে আয়োজন কৰা এই চেম্পিয়নশ্বিপত অসমৰ প্ৰায় আটাইকেইখন জিলাই অংশগ্ৰহণ কৰিছিল।
যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰা দেলীশাই কৰ্ণাটকত হ’বলগীয়া আগন্তুক ৰাষ্ট্ৰীয় ১১ বছৰ অনুৰ্ধ ডবা প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰিছে, আনহাতে সৃষ্টিয়ে পশ্চিম বংগত হ’বলগীয়া ৰাষ্ট্ৰীয় ১৯ বছৰ অনুৰ্ধ ডবা প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব।