আমেৰিকাৰ সৈতে ঐতিহাসিক এলপিজি চুক্তিত স্বাক্ষৰ কৰিলে ভাৰতে

Story by  atv | Posted by  [email protected] • 1 h ago
কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী
কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী
 
নতুন দিল্লী

ভাৰতীয় ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা তৰলীকৃত পেট্ৰলিয়াম গেছ(LPG) আমদানি কৰাৰ এবছৰীয়া চুক্তিত স্বাক্ষৰ কৰিছে। ভাৰতৰ শক্তি সুৰক্ষা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সোমবাৰে এই কথা ঘোষণা কৰে।
 
মন্ত্ৰীগৰাকীয়ে সোমবাৰে সামাজিক মাধ্যমৰ পোষ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰি ইয়াক দেশৰ LPG বজাৰৰ বাবে "ঐতিহাসিকভাৱে প্ৰথম" বুলি অভিহিত কৰে।
 
তেওঁ কয়, "এয়া ঐতিহাসিকভাৱে প্ৰথম! বিশ্বৰ অন্যতম বৃহৎ আৰু দ্ৰুত বিকশিত LPG বজাৰ যাক আমেৰিকাৰ বাবে মুকলি কৰা হৈছে। ভাৰতৰ জনসাধাৰণক সুৰক্ষিত, সুলভ মূল্যত এলপিজি যোগান ধৰাৰ বাবে আমি আমাৰ এলপিজি উৎসক বৈচিত্ৰময় কৰি তুলিছো। ভাৰতীয় PSU তেল কোম্পানীসমূহে বছৰি প্ৰায় ২.২ মেট্ৰিক টন LPG আমদানিৰ বাবে এক বছৰীয়া চুক্তি সফলতাৰে সম্পন্ন কৰিছে।’’
 
বিশ্বৰ অন্যতম বৃহৎ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা এল পি জি বজাৰ হিচাপে ভাৰতৰ স্থিতিৰ ওপৰত আলোকপাত কৰি পুৰীয়ে কয় যে এই নতুন চুক্তিখন দেশৰ এল পি জি উৎসৰ বৈচিত্ৰ্যতা বৃদ্ধিৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
 
মন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতীয় PSU কোম্পানীসমূহে ২০২৬ চনৰ চুক্তি বৰ্ষৰ বাবে বছৰি প্ৰায় ২.২ মেট্ৰিক টন এলপিজি আমদানি কৰাৰ বাবে চুক্তি কৰিছে। এই পৰিমাণ ভাৰতৰ বাৰ্ষিক LPG আমদানিৰ প্ৰায় ১০ শতাংশ আৰু এই পৰিমাণ আমেৰিকাৰ উপসাগৰীয় উপকূলৰ পৰা আমদানি কৰা হ'ব। তেওঁ উল্লেখ কৰে যে ভাৰতীয় বজাৰৰ বাবে আমেৰিকাৰ LPGৰ সৈতে এইটো হ'ব প্ৰথমটো সুসংগঠিত দীৰ্ঘম্যাদী চুক্তি।
 
এই ক্ৰয়ক বৈশ্বিক এল পি জি বাণিজ্যৰ বাবে মূল মূল্য নিৰ্ধাৰণৰ এক বিন্দু মাউণ্ট বেলভিউৰ সৈতে তুলনা কৰা হৈছে বুলি কয় পুৰীয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ লগতে কয় যে ইণ্ডিয়ান অইল কৰ্প'ৰেচন লিমিটেড (IOCL), ভাৰত পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেড (BPCL) আৰু হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্প'ৰেচন লিমিটেড (HPCL)ৰ দলে বিগত কেইটামান মাহত আমেৰিকা ভ্ৰমণ কৰি আমেৰিকাৰ প্ৰধান উৎপাদকসকলৰ সৈতে আলোচনাত মিলিত হৈছিল, যিবোৰ এতিয়া সফলতাৰে সম্পূৰ্ণ হৈছে।
 
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত লাভান্বিত হোৱা মহিলাসকলৰ বাবে সুলভ মূল্যত এলপিজি যোগান ধৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে যোৱা বছৰ বিশ্বজুৰি এল পি জিৰ মূল্য ৬০ শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিত কৰিছিল যে উজ্জ্বলা গ্ৰাহকে প্ৰতিটো চিলিণ্ডাৰত মাত্ৰ ৫০০-৫৫০ টকাহে দিব লাগিব, যাৰ প্ৰকৃত মূল্য ১১০০ টকাতকৈ অধিক আছিল।
 
আন্তঃৰাষ্ট্ৰীয় মূল্য সংকটৰ পৰা গ্ৰাহকক ৰক্ষা কৰিবলৈ, ভাৰত চৰকাৰে এই বৰ্ষত ৪০,০০০ কোটি টকাৰ বোজা বহন কৰে। তেওঁ লগতে কয় যে আমেৰিকাৰ সৈতে স্বাক্ষৰিত নতুন আমদানি চুক্তিখনে দেশৰ জনসাধাৰণৰ বাবে নিৰ্ভৰযোগ্য আৰু সুলভ শক্তি যোগান সুনিশ্চিত কৰাৰ বাবে চৰকাৰে চলাই থকা প্ৰচেষ্টাসমূহক অধিক শক্তিশালী কৰিব।