স্বপ্না দাস
দেশে স্বাধীনতা লাভৰ গৌৰৱৰ মুহূৰ্তক আৰু স্বৰাজ আন্দোলনৰ সেনানীসকলৰ স্বদেশপ্ৰীতি, ত্যাগ আৰু আত্মবলিদানৰ দৰে মহৎ কাৰ্যক সুঁৱৰি দশক দশক ধৰি ব্যতিক্ৰম পন্থাৰে আমাৰ অসমৰে এঠাইত প্ৰচলিত হৈ আহিছে এলানি নাওখেলৰ পৰম্পৰা। স্বাধীনতাৰ পূৰ্বৰ পৰাই আজিলৈকে চলি অহা সেই পৰম্পৰা ১৯৪৮ চনৰ পৰা দেশৰ স্বাধীনতা আৰু স্বৰাজ আন্দোলনৰ সেনানীক স্মৰণৰ উদ্দেশ্যে আয়োজিত হৈ আহিছে।
বৰপেটা জিলাৰ পূব প্ৰান্তৰ খিলঞ্জীয়া মুছলমান অধ্যূষিত ঐতিহাসিক চেঙাত এইদৰে ব্যতিক্ৰম পন্থাৰে নাওখেলৰ আয়োজন কৰি ভাৰতে স্বাধীনতা লাভৰ মুহূৰ্তৰ সোঁৱৰণ কৰি আহিছে। স্বাধীনতা আন্দোলনৰ সেনানীৰ ত্যাগকো সশ্ৰদ্ধ স্মৰণ কৰি অহা হৈছে ব্যতিক্ৰম পন্থাৰে আৰু আশাব্যঞ্জকভাৱে।
আদিতে পৃথিৱীৰ জলভাগত যাতায়তৰ বাবে নাও আছিল একমাত্ৰ যাতায়ত ব্যৱস্থা। সাধাৰণতে নৈপৰীয়া, চৰ-চাপৰি অঞ্চলৰ জনজীৱন আৰু নাৱৰ এক বিশেষ একাত্মতা গঢ়ি উঠে। তেনে একাত্মতাক কেন্দ্ৰ কৰিয়ে যাতায়তৰ বাবে ব্যৱহৃত নাওখনক লৈও যেন আনন্দৰ খোৰাক বিচাৰি লয় নৈপৰীয়া আৰু চৰাঞ্চলৰ জনসাধাৰণে। নদীমাতৃক দেশ হোৱা হেতুকে অসমতো অন্যান্য বিভিন্ন খেলৰ লগতে নাওখেলেও এক সুকীয়া স্থান দখল কৰি আহিছে।
অসমৰ নৈপৰীয়া প্ৰান্তৰ চৰ-চাপৰি অঞ্চলতো নাওখেল বৰ জনপ্ৰিয়। চৰবাসী জনসাধাৰণে এই খেলত ভাগ লৈ ইয়াৰ জৰিয়তে দেহ-মনৰ উৎকৰ্ষ সাধন কৰি উৎফুল্লিত হৈ আহিছে অতীজৰে পৰা। আকৃতি, প্ৰকৃতি আৰু ব্যৱহাৰৰ ভিত্তিত ভিন্ন প্ৰকাৰৰ ভিন্ন নামৰ নাও আছে। তাৰ ভিতৰত 'খেল নাও' বা 'বাইচেৰ নাও'হে প্ৰধানকৈ নাওখেলৰ বাবে ব্যৱহৃত হয়। চৰাঞ্চলত বাইচেৰ নাও হিচাপে পৰিচিত নাও দেখিবলৈ পাতল লাহী, ফুলকটা ৰংচঙীয়াকৈ সজাই পৰাই তোলা হয়। প্ৰায় চল্লিশৰ পৰা নব্বৈ ফুটমান দৈৰ্ঘ্যৰ; কিন্ত কম প্ৰস্থযুক্ত এনে নাৱৰ গোটা জোঙা আকৃতিৰ টিং দুটা ছয়ৰ পৰা দহ ফুটমান দীঘল। এই নাও কেৱল খেলতহে ব্যৱহাৰ হয়।
সুখৰ বিষয় যে, ১৯৩৫ চনৰ পৰাই চেঙা মুছলমান গাঁৱত চলি অহা নাওখেল প্ৰতিযোগিতা ১৯৪৮ চনৰ পৰা আয়োজিত হৈ আছে দেশৰ স্বাধীনতাক সুঁৱৰি স্বৰাজ আন্দোলনৰ সেনানীক সশ্ৰদ্ধ স্মৰণ কৰাৰ উদ্দেশ্যে। চেঙাৰ লগতে সমগ্ৰ বৰপেটা জিলাৰ ঐতিহ্য বহন কৰি অহা এই নাওখেল প্ৰতিযোগিতা ২০১৬ চনৰ পৰা চেঙা আঞ্চলিক উদীয়মান যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে। ইয়াৰ পূৰ্বে ১৯৩৫ চনৰ পৰা ২০১৫ চনলৈ চাউলখোৱা নৈত পৰম্পৰাগত প্ৰতিযোগিতামূলক নাওখেলৰ অনুষ্ঠানটি বৰপেটা জিলাৰ চেঙা মুছলমান গাঁও উন্নয়ন সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হৈছিল।
এদিনীয়াকৈ ৰাজ্যিকভিত্তিত আয়োজিত নাওখেলৰ প্ৰতিযোগিতা চাবলৈ অহা বিভিন্ন জাতি-উপজাতি, বিভিন্ন সম্প্ৰদায়ৰ হেজাৰ হেজাৰ লোকেৰে লোকৰণ্য হৈ পৰে চেঙাৰ চাউলখোৱাপাৰ। সমন্বয়ৰ বাহক ৰূপে পৰিগণিত চেঙা মুছলমান গাঁৱৰ এই নাওখেলে সম্প্ৰীতিৰ মিলনভূমিলৈ পৰিণত কৰে চাউলখোৱা নৈৰ দুয়োপাৰ। ডাঙৰ আৰু সৰু দুটা শাখাত অনুষ্ঠিত এই নাওখেল প্ৰতিযোগিতাৰ ডাঙৰ নাওবোৰ ৬০ৰ পৰা ৭০ হাত দীঘল হয়, য'ত ৫৫ৰ পৰা ৬০গৰাকীলৈ 'বাইচা' থাকে। আনহাতে, ৩০ৰ পৰা ৪৫ হাত দৈৰ্ঘ্যৰ সৰু নাওবোৰত ২২ৰ পৰা ২৭ গৰাকীলৈ 'বাইচা' থাকে।
স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি চেঙা মুছলমান গাঁৱত আয়োজিত হৈ অহা নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হয় দুটা শাখাত--- সৰু নাও আৰু ডাঙৰ নাৱৰ দুটা পৃথক শাখাত। দুয়োটা শাখাতে প্ৰথম আৰু দ্বিতীয় বিজয়ী দলক নগদ ধনৰ লগতে একোটাকৈ ট্ৰফীৰেও পুৰস্কৃত কৰা হয়। এই নাওখেল প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলক অধিক কর্মদ্যমেৰে লক্ষপ্ৰাপ্তি কৰাৰ উদ্দেশ্যে উৎসাহিত কৰিবলৈ বিভিন্ন নাওখেলৰ গীত গোৱা হয়। চেঙা মুছলমান গাঁৱত স্বাধীনতা দিৱস উপলক্ষে ব্যতিক্ৰম পন্থাৰে আয়োজিত নাওখেল চাবলৈ ৬০-৮০ হাজাৰৰো অধিক লোকৰ বছৰি সমাগম হয়।
পূৰ্বে প্ৰতিযোগিতাখন ১৬ আগষ্টত অনুষ্ঠিত হৈছিল; কিন্তু সম্প্ৰতি ১৫ আগষ্টৰ আগেয়ে অনুষ্ঠিত হয় যদিও প্ৰতিযোগিতাখন আয়োজিত হৈ আহিছে স্বাধীনতা লাভৰ গৌৰৱৰ মুহূৰ্তক আৰু স্বৰাজ আন্দোলনৰ সেনানীসকলৰ স্বদেশপ্ৰীতি, ত্যাগ আৰু আত্মবলিদানৰ দৰে মহৎ কাৰ্যক সুঁৱৰি। স্থানীয় আফতাৰ আলী প্ৰভৃতিৰ চিন্তাৰ ফলশ্ৰুতিত ১৯৩৫ চনৰ পৰা চেঙা মুছলমান গাঁৱত চলি অহা নাওখেল প্ৰতিযোগিতা নিশ্চয় কৈ স্বাধীনতা দিৱস উপলক্ষত এক ব্যতিক্ৰমী পদক্ষেপ হিচাপে চিহ্নিত হৈ ল'ব। এইখিনিতে উল্লেখ্য যে, সম্প্ৰতি নিজ চেঙা আৰু চেঙা মুছলমান গাঁও নামেৰে দুখন গাঁৱৰ অৱস্থিতি দেখা যায় যদিও ১৯৩২ চনলৈ দুয়োখন গাঁও একত্ৰিতভাৱে চেঙা নামেৰেহে জনাজাত আছিল।
প্ৰতিনিধিত্বমূলক ছবি
নাওখেলৰ গীত নাওখেলৰ এক অনন্য অংগ। ই অসমৰ লোকসাহিত্যৰ ভঁৰাল চহকী কৰি ৰখাৰ লগতে নাওখেলৰ গীতসমূহে গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবিক সুন্দৰভাৱে প্ৰতিফলিত কৰে বুলিব পাৰি। স্থানীয়ভাৱে প্ৰচলিত কথিত শব্দৰ সমাহাৰ আৰু পৰম্পৰাগত সুৰবোৰে সংগীতৰ মাধুৰ্যতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰি আহিছে। নদী মাতৃক দেশ অসমত বিভিন্ন উৎসৱ-পাৰ্বন উপলক্ষে আয়োজন কৰা নাওখেল অতি জনপ্ৰিয় আৰু আনন্দদায়ক খেল হিচাপে পৰিগণিত হোৱাৰ উপৰি অতীজৰে পৰা নাওখেলৰ গীতসমূহো প্ৰচলিত হৈ আহিছে।
চেঙা মুছলমান গাঁৱো ব্যতিক্ৰম নহয়। গাঁওখনত নাওখেলৰ গীতক নাওশাৰী গীত বোলা হয় । শতায়ু গৰকাৰ পিছতো সংশ্লিষ্ট গীতৰ সৈতে জড়িত আৰফান আলী অঞ্চলটোৰ নাওশাৰী গীতৰ এগৰাকী প্ৰখ্যাত শিল্পী। অঞ্চলটোত প্ৰচলিত কিছুসংখ্যক নাওশাৰী গীত এনেধৰণৰ---
অ’ মোৰ মলুৱা ৰে
মোৰে মলুৱাক কোনে মাৰিলা
হায় অ', হায় মোৰ মলুৱা হে...৷
শংকৰগুৰু আমাৰে
লুকেই আছা দেখা নেদা
মনিকূটৰ ভিতাৰে
শংকৰগুৰু আমাৰে...।
সৰুজনী উঠি বোলে
ডাঙৰজনী বাই এ
আজি দিপ্ৰাক লগি বাই মোৰ
আঞ্জাৰ দিহা নাই এ...।
অ' ডিংগা সাজিলোৰে
আইসো মা মোৰ সৰস্বতী
শিৰে দিয়া পাও...।
ঘাটে নাও চাপে দিয়া অ' গুণৰ মালি
আৰু একহাত তলেদি না
নাওতে উৰি জুৰি...
বাজুৰ বা হা হা...।
অ' বাইচাল ভায়াৰে, ঘাৰীয়া বইঠা মাৰিয়া যাও ৰে
বইঠা মাৰো বইঠা মাৰো ৰে
অ' বাইচাল ভাইয়াৰে, ঘাৰীয়া বইঠা মাৰিয়া যাওৰে...।
যি কি নহওঁক, ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাওখেলৰ প্ৰচলন পৰিলক্ষিত হয় যদিও চেঙা মুছলমান গাঁৱত ভাৰতৰ স্বাধীনতাক আৰু স্বৰাজ আন্দোলনৰ সেনানীক স্মৰণৰ উদ্দেশ্যে নাওখেলৰ আয়োজন কেৱল এক ব্যতিক্ৰমী পদক্ষেপেই নহয়, এয়া দেশপ্ৰীতি আৰু স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধা জ্ঞাপনৰো অনন্য নিদৰ্শন।
(স্থানীয় সৰবৰহী ব্যক্তি চৈয়দ মইদুল ইছলামলৈ কৃতজ্ঞতা--- স্বপ্না দাস। লেখিকা এগৰাকী স্বতন্ত্ৰ লেখক)