গুৱাহাটী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা নৱেম্বৰ মাহত বড়ো লোকনৃত্য ‘বাগুৰুম্বা’ ১০ হাজাৰৰো অধিক শিল্পীয়ে উপস্থাপন কৰিব। ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা অভিলেখ সৃষ্টিকাৰী বিহু আৰু ঝুমইৰ অনুষ্ঠানৰ সৈতে সংগতি এই সিদ্ধান্ত লোৱা হৈছে।
''বিহু আৰু ঝুমইৰৰ ব্যাপক সফলতাৰ পিছত বাগুৰুম্বাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সময় আহি পৰিছে। চলিত বৰ্ষৰ নৱেম্বৰ মাহত ১০,০০০ৰো অধিক শিল্পীয়ে সমগ্ৰ বিশ্বৰ সন্মুখত এই সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিব আৰু আমাৰ বডো সম্প্ৰদায়ৰ ঐতিহ্য জিলিকাই তুলিব",মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'এক্স'ত পোষ্ট কৰে।
সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত বিষয়াসকলৰ সৈতে এক বৈঠকত ‘মেগা বাগুৰুম্বা’ প্ৰদৰ্শনৰ জৰিয়তে বড়ো নৃত্যক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
এই অনুষ্ঠানত ২৬ খন জিলাৰ ১০ হাজাৰ নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰিব।বৈঠকত সাজ-পোছাক, বাদ্যযন্ত্ৰ, মাষ্টাৰ ট্ৰেইনাৰৰ বিষয়েও পৰ্যালোচনা কৰা হয়।
উল্লেখযোগ্য যে, ২০২৩ চনৰ এপ্ৰিল মাহত ১১,৩০৪ জন নৃত্যশিল্পী আৰু ঢোলবাদকে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰা বিহু প্ৰদৰ্শন আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ঝুমইৰ দুয়োটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছিল।