সমাজ সলনি কৰা কেৰালাৰ ১০ জন অসাধাৰণ পুৰুষ-মহিলা

Story by  atv | Posted by  Munni Begum • 2 h ago
কেৰালাৰ ১০ জন অসাধাৰণ পুৰুষ-মহিলা
কেৰালাৰ ১০ জন অসাধাৰণ পুৰুষ-মহিলা
 
আৱাজ দ্য ভইচ ব্যুৰ'
 
সমাজ সলনি কৰা কেৰালাৰ ব্যক্তিসকলৰ ভিতৰত আছে জীৱনৰ বিভিন্ন ক্ষেত্ৰত আগৰণুৱা আৰু সফল ব্যক্তি। তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত  দক্ষতা আৰু অৰিহণাৰে সমাজলৈ পৰিৱৰ্তন কঢ়িয়াই অনাৰ চেষ্টা অব্যাহত ৰাখিছে।
 
এই তালিকাত সমাজ কৰ্মী, গায়ক, আধ্যাত্মিক গুৰু, উকীল, শিক্ষক আনকি আই এ এছ বিষয়াও আছে।
 
আয়িছা আব্দুল বাছিথ
 
আয়িছা আব্দুল বাছিথঃ
 
আয়িছাই নাট বা মুছলমান ভক্তিমূলক গীত গায় আৰু ২০ বছৰ বয়সত তেওঁ ৮০ খনতকৈও অধিক দেশৰ শ্ৰোতাক মোহিত কৰিছে। কেৰালাত জন্মগ্ৰহণ কৰা আয়িছাই আবুধাবিলৈ প্ৰব্ৰজন কৰিছে আৰু তাত তেওঁ সাৰ্বজনীন শান্তি আৰু আনন্দৰ পথ হিচাপে আধ্যাত্মিক সংগীতক আঁকোৱালি লৈছে।
 
ছাফনা নাজৰুদ্দিন
 
ছাফনা নাজৰুদ্দিনঃ
 
সমাজৰ বঞ্চিত শ্ৰেণীক সহায় কৰিব পৰা এগৰাকী ব্যক্তি হোৱাৰ সপোন দেখিছিল ছাফিনা নাজৰুদ্দিনে। তেওঁ ভাবিছিল যে আই এ এছ অফিচাৰ হৈ তেওঁ সেই লক্ষ্যত উপনীত হ'ব পাৰিব। তেওঁ নিজৰ সপোনটোক ইমানেই গুৰুত্বসহকাৰে লৈছিল যে ২৩ বছৰ বয়সত ছাফিনাই কেৰালাৰ আটাইতকৈ কম বয়সীয়া মুছলমান আই এ এছ বিষয়া হিচাপে চিহ্নিত হয়।
 
পি চি মুস্তাফা
 
পি চি মুস্তাফাঃ
 
তেওঁ নিজৰ পৰিয়ালক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব বিচাৰিছিল। ৱায়ানাড়ৰ গ্ৰামাঞ্চলত ডাঙৰ-দীঘল হোৱা মুস্তাফাই দেউতাকক খেতিপথাৰৰ শ্ৰমিক হিচাপে পথাৰত কষ্ট কৰা দেখিছিল আৰু ডাঙৰ হৈ তেওঁ পিতৃ-মাতৃৰ জীৱনটো ভালৰ দিশে সলনি কৰিব বিচাৰিছিল। 
 
আই আই এমত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ৫০০ বৰ্গফুটৰ কোঠা এটাত এজন আত্মীয়ৰ সৈতে সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিছিল। বাংগালুৰুৰ ৩০খন দোকানত তেওঁ ১০০ পেকেট ইডলি বিক্ৰী কৰিছিল। 
 
আজি তেওঁ ভাৰতৰ বাহিৰৰ ১০খনতকৈও অধিক দেশত ইডলি বিক্ৰী কৰি এই ব্যৱসায়ৰ অন্যতম সফল উদ্যোগী হিচাপে পৰিচিত হৈছে। এতিয়া তেওঁ ৪০০০ কোটিৰ ব্যৱসায়েৰে ইডলি উদ্যোগত ৰাজত্ব কৰি আছে।
 
ভি পি ছুহাৰা
 
ভি পি ছুহাৰাঃ
 
ভি পি ছুহাৰাই মুছলমান ব্যক্তিগত আইন পৰিৱৰ্তনৰ বাবে যুঁজি আহিছে আৰু উত্তৰাধিকাৰৰ ক্ষেত্ৰত লিংগৰ সমতাৰ বাবে আবেদন জনোৱা আবেদনকাৰীসকলৰ ভিতৰত অন্যতম। ছুহাৰাই কয় যে তেওঁ বৰ আশাবাদী নহয় যদিও যুঁজ এৰিবলৈ সাজু নহয়।
 
কাদীজা মুমতাজ
 
কাদীজা মুমতাজঃ
 
কাদীজা মুমতাজ হৈছে উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা এগৰাকী ঔপন্যাসিক। কিন্তু আজি তেওঁ পূৰ্ণকালীন ভিত্তিত সমাজকৰ্মী হিচাপে কাম কৰিবলৈ লৈছে আৰু তেওঁৰ মূল ব্যস্ততা হৈছে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ক একত্ৰিত কৰি পাৰস্পৰিক বুজাবুজি আৰু যোগাযোগ উন্নত কৰা।
 
অধিবক্তা ছুকুৰ
 
অধিবক্তা ছুকুৰঃ
 
অধিবক্তা ছুকুৰে এটা অসম্ভৱ যেন লগা কাম কৰি দেখুৱাইছে। তেওঁ নিজৰ পত্নীক পুনৰ বিয়া কৰাই মুছলমানক দেখুৱাব বিচাৰিছিল যে কন্যাই সমান সম্পত্তিৰ অধিকাৰ পাব পাৰে। বিশেষ বিবাহ আইনৰ অধীনত যদি কোনো দম্পতীয়ে বিবাহ কৰে, তেন্তে ই আইনী সমস্যা দূৰ কৰি কন্যা সন্তানক তেওঁলোকৰ অংশ লাভ কৰাত সহায় কৰিব পাৰে।
 
নূৰ জলীলা
 
নূৰ জলীলাঃ
 
নূৰ জলীলাৰ অৰ্থ হৈছে “পোহৰ” আৰু তেওঁৰ উজ্জ্বল হাঁহিটো নামৰ সৈতে মিলি গৈছে। জন্মতে নূৰ জলীলাৰ হাত ভৰি নাছিল যদিও ই তেওঁক কেতিয়াও বাধা দিব পৰা নাছিল। জীৱনৰ জটিল সময়ত তেওঁ সকলোৰে বাবে সাহস আৰু সৃষ্টিশীলতাৰ নিদৰ্শন হৈ পৰে। নূৰ এজন ইনফ্লুৱেন্সাৰৰ লগতে শিল্পী আৰু গায়িকাও।
 
পদ্মশ্ৰী মুমতাজ আলী
 
মুমতাজ আলীঃ
 
শ্ৰী এম নামেৰেও পৰিচিত পদ্মশ্ৰী মুমতাজ আলী তিৰুৱনন্তপুৰমৰ এগৰাকী ৰহস্যবাদী আৰু আধ্যাত্মিক শিক্ষক। তেওঁ সৎসঙ্গ ফাউণ্ডেশ্যন নামৰ আধ্যাত্মিক গোট এটাৰ নেতৃত্ব দিয়ে। 
 
তেওঁৰ আধ্যাত্মিক সাধনা, মানৱতা আৰু ঐশ্বৰিকতাৰ একতাৰ প্ৰতীক হিচাপে জনসাধাৰণৰ মাজত কৰা কামে তেওঁক মানুহে সৃষ্টি কৰা সকলো সীমা আৰু বিভাজন অতিক্ৰম কৰি তুলিছে। তেওঁ বিভিন্ন দেশ আৰু ধৰ্মৰ মানুহক অনুপ্ৰাণিত কৰে। মুমতাজ আলীয়ে শিকাইছে যে মানুহে নিজৰ প্ৰকৃত স্বৰূপটো জানিবলৈ ধ্যান আৰু অন্যান্য আধ্যাত্মিক কাম-কাজৰ অভ্যাস কৰাৰ লগতে নিজৰ ধৰ্ম অনুসৰণ কৰিব পাৰে।
 
হাদিয়া হাকিম
 
হাদিয়া হাকিমঃ
 
হাদিয়া হাকিমে দেখুৱাইছে যে ফুটবল কেৱল খেলতকৈও বেছি হ’ব পাৰে। তেওঁ ইয়াক নাৰী সবলীকৰণৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। কোঝহিকোডৰ ফুটবলাৰগৰাকীয়ে প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে জাতি-ধৰ্ম আৰু লিংগৰ বাধাসমূহ অতিক্ৰম কৰি এক অনন্য সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে।
 
অনমপল্লী ফাইজী
 
অনমপল্লী ফাইজীঃ
 
অনমপল্লী ফাইজী হৈছে কেৰালাৰ থ্ৰিছুৰৰ এগৰাকী প্ৰগতিশীল পণ্ডিত আৰু সংস্কৃত অনুৰাগী। তেওঁ নিজৰ মাদ্ৰাছাত আন্তঃধৰ্মীয় শিক্ষাৰ প্ৰসাৰ ঘটায়। তেওঁ কেৰালাৰ মুছলমান আৰু অন্যান্য সম্প্ৰদায়ৰ মাজত বুজাবুজি আৰু যোগাযোগ গঢ়ি তোলাৰ কাম কৰে। 
 
প্ৰথমে নিজকে সলনি কৰাত বিশ্বাসী ফাইজীয়ে নিজৰ মাদ্ৰাছাত অন্য ধৰ্মৰ পবিত্ৰ কিতাপ শিকোৱা আৰম্ভ কৰে, যাতে ইয়াৰদ্বাৰা অজ্ঞানতা দূৰ কৰিব পাৰি আৰু সম্প্ৰদায়সমূহৰ মাজত সমন্বয় গঢ়িব পাৰি।