শৌৰ্য, বীৰ্য, জাতিপ্ৰেমৰ অম্লান‌ স্বাক্ষৰ আলাবৈ ৰণ

Story by  atv | Posted by  Munni Begum • 3 h ago
আলাবৈৰ যুদ্ধৰ স্মৃতিসৌধ
আলাবৈৰ যুদ্ধৰ স্মৃতিসৌধ
 
স্বপ্না দাস
 
১৬১৫ খ্ৰীষ্টাব্দত বৰনগৰ, হাজো, কাজলী আৰু চামধৰাৰ দুৰ্গত হোৱা আক্ৰমণৰ পৰা ১৬৮২ খ্ৰীষ্টাব্দৰ ইটাখুলিৰ ৰণলৈকে--- সৰ্বমুঠ ১৭বাৰকৈ মোগলৰ বিৰুদ্ধে সমুখ সমৰত থিয় হৈ নিৰ্ভীকতাৰে আৰু  বীৰদৰ্পে যুঁজ আহোমসকলে দিছিল। এবাৰ দুবাৰ নহয়, ১৭বাৰ পৰ্যন্ত যুদ্ধ কৰিবলৈ কিমান সাহস, কিমান আত্মবিশ্বাসৰ প্ৰয়োজন একোজন যোদ্ধাক! জাতিৰ প্ৰতি সমৰ্পিত মন কিম্বা দেশপ্ৰীতিয়েইবা থাকিব লাগিব কিমান! শৰীৰৰ প্ৰতিডাল সিৰা, ধমনীয়েদি প্ৰবাহিত ৰক্ত কণিকাত স্বদেশ প্রেম বিয়পি থাকিলেহে এখনৰ পিছত আনখন যুঁজ দিবলৈ হয়তো কোনোৱে দেহে-প্ৰাণে আগবাঢ়ি আহিব পাৰে; যুঁজিব পাৰে দেহত শেষ বিন্দু তেজ থকালৈ অথবা অন্তিম উশাহপৰ্যন্ত। তেনে একো-একোজন যোদ্ধাৰ স্বদেশপ্ৰীতি আৰু ৰক্তেৰেই ৰচিত হয় দেশৰ জয়গান! বুৰঞ্জীৰ পাতত লিপিবদ্ধ হয় বীৰগাঁথা।
 
আহোম ৰাজ্যৰ ওপৰত মোগলৰ আক্ৰমণৰ কেবাখনো ৰক্তক্ষয়ী সংগ্ৰামত অসমীয়াই জন্মভূমিৰ স্বতন্ত্ৰতাৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি শত্ৰুপক্ষৰ বিপক্ষে যুজঁ দিছিল। ভাগৰি পৰা নাছিল আমাৰ আই অসমীৰ সেনানীসকল--- ইখনৰ পিছত সিখন ৰণত জিকাৰ মন লৈ পূৰ্বতকৈ অধিক সাহস আৰু মনোবলেৰে শত্ৰুৰ সন্মুখীন হৈছিল। উল্লেখ্য যে মোগলে আহোম ৰাজ্যৰ ওপৰত চলোৱা আক্ৰমণাত্মক যুঁজৰ ভিতৰত অন্যতম এখন আছিল আলাবৈৰ ৰণো। 
 
আহোম আৰু মোগলৰ যুদ্ধ
 
১৬৬৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ৰাজভাৰ গ্ৰহণ কৰে। স্বাধীন চেতিয়া মন আৰু পিতৃৰ শেষ ইচ্ছা শিৰোধাৰ্য কৰি মোগলক অসমৰ পৰা উৎখাট কৰিবলৈ মনে-প্ৰাণে বিচাৰিছিল স্বৰ্গদেউ চক্ৰধ্বজ সিংহই। সেইমৰ্মে ৰজমন্ত্ৰী আঁতন বুঢ়াগোহাঁই আৰু সেনাপতি লাচিত বৰফুকনৰ সৈতে আলচ কৰি তেওঁ সেনাবাহিনীও প্ৰস্তুত কৰিছিল। সেই সময়ত অসমতে বাহৰ পাতি থকা মোগলৰ কৰতলীয়া অম্বৰৰ ৰজা ৰামসিংহই মগোল সম্ৰাট ঔৰংজেৱৰ নিৰ্দেশত স্বৰ্গদেউ চক্ৰধ্বজ সিংহলৈ কেবাবাৰো দ্বন্দযুদ্ধৰ প্ৰস্তাৱ আগবঢ়ায়। বাৰে বাৰে অহা এনে প্ৰস্তাৱত ভীষণভাৱে ক্ৰোধিত আৰু ধৈর্যচ্যুত হৈ বৰসেনাপতি লাচিত বৰফুকনক মগোলৰ বিৰুদ্ধে ৰণৰ বাবে সাজু হ'বলৈ তেওঁ আদেশ দিয়ে। কিন্তু সেই সময়ত অসমীয়া সেনাবাহিনী যুদ্ধৰ বাবে অপৈনত আৰু সুসজ্জিত অৱস্থাত নথকাত তথা আলাবৈ পাহাৰৰ সুউচ্চতাত কৌশলগত আৰু পূৰ্বপৰিকল্পিত  অৱস্থান কৰা মগোলৰ বিপক্ষে ভৈয়ামৰ দিশৰ পৰা কৰা প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ সাজু নথকাৰ অনুমান কৰি সেয়া যুদ্ধৰ বাবে উচিত সময় নহয় বুলি জনাই যুদ্ধত অংশগ্ৰহণত অমান্তি প্ৰকাশ কৰিছিল সেনাপতি লাচিত বৰফুকনে। 
 
ইতিহাসবিদ স্বৰ্ণলতা বৰুৱাকে ধৰি দুই-এগৰাকীৰ বাদেও সূৰ্যকুমাৰ ভূঞা ৰচিত গ্ৰন্থ 'Lachit Borphukan and His Times'ত এই কথা সন্নিৱিষ্ট হোৱাৰ উপৰি উল্লেখ থকামতে অমান্তি প্ৰকাশ কৰিলেও কিন্তু সৰ্বশেষত স্বৰ্গদেউৰ আদেশ উলংঘা কৰিব নোৱাৰি নিৰুপায় লাচিত বৰফুকনে ৪০ হেজাৰ সেনা লগত লৈ আলাবৈ পথাৰত মোগল সেনাবাহিনীৰ সৈতে সমুখ সমৰত লিপ্ত হয়। সেয়াই আছিল ১৬৬৯ চনৰ ৫ আগষ্টত সংঘটিত হোৱা ইতিহাসপ্ৰসিদ্ধ, ৰক্তক্ষয়ী আলাবৈ ৰণ। 
 
আলাবৈৰ যুদ্ধৰ স্মৃতিসৌধ
 
বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ ওচৰৰ পছৰীয়া দলৰপথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল। এই যুঁজৰ বাবেই যেন সুযোগ বিচাৰি আছিল ৰামসিংহই। সেই উদ্দেশ্যে ৰামসিংহই ৰজা তথা সেনাক উত্তেজিত কৰি বিপদসংকুল ঠাইত অনুচিত সময়ত যুদ্ধৰ বাবে ওলাই আহিবলৈ বাৰে বাৰে দ্বন্দযুদ্ধৰ প্ৰস্তাৱ আগবঢ়াইছিল। উদ্দেশ্যত সফল হৈ পূৰ্ব পৰিকল্পনা অনুসৰিয়েই মোগল সেনাবাহিনীৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হয় অসমীয়া সেনাবাহিনী। 
 
ইতিহাসৰ পাতত উল্লিখিত যে,  এই ৰণত ৰাজপুত নাৰী মদনাৱতীয়ে মোগল সেনাবাহিনীক নেতৃত্ব দিছিল। মদনাৱতীৰ বিজুলীবেগী তৰোৱালৰ আঘাতত অনেক অসমীয়া সেনাৰ মৃত্যু হৈছিল। কিন্তু যুদ্ধকালীন সময়ত আহোম সেনাই অতি চতুৰীৰে খান্দি থোৱা খাৱৈত পেলাই গুলীয়াই হত্যা কৰে মদনাৱতীক। প্ৰথমাৱস্থাতেই আহোম সেনাৰ পৰাক্ৰম দেখি ৰামসিংহই আহোমৰ জয় হ'ব যেন অনুমান কৰি  চক্ৰান্তৰে 'দীঘল বাৰু'ৰে সজ্জিত অশ্বাৰোহী সেনাবাহিনী মেলি দিয়ে অসমৰ সেনাৰ সন্মুখত। এইক্ষেত্ৰত তেতিয়ালৈ অপৈনত আহোম সেনা মোগল অশ্বাৰোহীৰ সন্মুখত তিষ্ঠিব নোৱাৰে। যাৰ পৰিপ্ৰেক্ষিতত মাথোন এটা দিনতেই একেখন ৰণভূমিত পৰি ৰয় ১০হাজাৰকৈ আহোম সেনাৰ ৰক্তাক্ত নিথৰ দেহ। 
 
যুদ্ধৰ এক দৃশ্য
 
এই দৃশ্য দেখি শোকত ভাঙি পৰা লাচিত বৰফুকনে কৈছিল, "আমাৰ সৈন্য একো একোটা হাতী, মই আজি তেনেকুৱা দহহেজাৰটা সৈন্য একেদিনাই হেৰুৱালোঁ।" বৰফুকনৰ দুখ দেখি ৰজমন্ত্ৰী আঁতন বুঢ়াগোহাঁইয়ে তেওঁক বুজনি দি কৈছিল, "বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোঁটা-দহোটা মানুহক শিঙিয়ে বিন্ধেই। এইখন ৰণহে, এইজানি দুই-চাৰিলোক কিয় নপৰিব!" বুঢ়াগোহাঁইৰ  বুদ্ধিদীপ্ত যুক্তিভৰা উৎসাহজনক মন্তব্যই লাচিত বৰফুকনক পূৰ্বতকৈ দুগুণ উৎসাহেৰে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ হেনো সাহস দিছিল। সেই উৎসাহ আৰু সাহসৰ পৰিণতিত আলাবৈ ৰণৰ দুবছৰ পিছত হোৱা শৰাইঘাটৰ ৰণত মোগলক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় অসমীয়া সেনাই।   
 
তিনি শতাধিক বছৰৰো পূৰ্বেই ৰক্তাক্ত হোৱা আলাবৈৰ ভূমিত যেন জাতিৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সেনাৰ দেশভক্তিৰে উদ্বেলিত তেজৰ গোন্ধ আৰু আলাবৈ পাহাৰত খুন্দা খোৱা মৃত্যমুখী যন্ত্ৰণাকাতৰ চিঞৰ  আজিও প্ৰতিগৰাকী অসমীয়াৰ কৰ্ণকুহৰত গুঞ্জৰিত হয়; সোঁৱৰাই দিয়ে অসমীয়া সেনাৰ জাতিপ্ৰীতিৰ গাঁথা। আজিও সগৌৰৱেৰে স্মৰণ কৰোঁ অসমীয়াৰ বীৰত্বৰ উপৰি জাতি আৰু মাটিৰ হকে আত্মবলিদান দিয়া সেইসকল বীৰৰ অদম্য সাহৰ লগতে অতুলনীয় ত্যাগক। ভৱিষ্যতেও তেওঁলোকক সুঁৱৰি প্ৰতিগৰাকী অসমীয়াই কৰিব সশ্ৰদ্ধ নমন। অসমীয়া জাতি যিদৰে সদায়েই থাকিব, একেদৰে এই জাতিৰ মাটিৰ গোন্ধত জীপাল  ইতিহাসৰ পৃষ্ঠাত অন্যবোৰৰ দৰেই অসমীয়া সেনাৰ অদম্য সাহস আৰু অতুলনীয় জাতিপ্ৰীতিৰ অনন্য নিদৰ্শন হিচাপে আলাবৈ ৰণৰ গাঁথাও নিঃসন্দেহে লিপিবদ্ধ হৈ থাকিব।
 
(লেখিকা এগৰাকী স্বতন্ত্ৰ লেখক। আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে।)