স্কুলৰ মাচুল দিব নোৱাৰা ছাফিন হাছান এতিয়া ভাৰতৰ আটাইতকৈ কম বয়সীয়া আই পি এছ বিষয়া

Story by  atv | Posted by  [email protected] • 15 h ago
আই পি এছ ছাফিন হাছান
আই পি এছ ছাফিন হাছান
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
কেতিয়াবা টকাৰ অভাৱত তেওঁৰ স্কুলৰ মাচুল দিয়াত অসুবিধা হৈছিল, কেতিয়াবা তেওঁৰ কিতাপ কিনিবলৈ মাকে আনৰ ঘৰত ভাত ৰান্ধিবলগীয়া হৈছিল, কেতিয়াবা ঘৰৰ খৰচ চলাবলৈ তেওঁৰ দেউতাকে দিনে নিশাই কাম কৰিছিল।
 
এনে এক কষ্টকৰ পৰিস্থিতিত ডাঙৰ-দীঘল হোৱা ছাফিন হাছানে কোনেও কল্পনা কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে। মাত্ৰ ২২ বছৰ বয়সতে ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ দেশৰ আটাইতকৈ কম বয়সীয়া আইপিএছ বিষয়া হোৱাৰ গৌৰৱ অৰ্জন কৰা ছাফিন হাছানৰ কাহিনী দৃঢ়তা, সাহস আৰু কঠোৰ অধ্যাৱসায়ৰ নিদৰ্শন।
 
ছাফিন হাছানে ১৯৯৫ চনত গুজৰাটৰ পালানপুৰৰ এটা শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰা তেওঁ যিমান প্ৰত্যাহ্বান আৰু অসুবিধাৰ সন্মুখীন হৈছিল, সিমান অসুবিধাৰ সন্মুখীন হৈছিল বিষয়া হোৱাৰ পথতো। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ পিতৃ-মাতৃয়ে আগতে হীৰা উদ্যোগত কাম কৰিছিল।
 
কিন্তু ২০০০ চনত মন্দাৱস্থাৰ বাবে তেওঁলোকে সংস্থাপন হেৰুৱালে। ইয়াৰ পিছত মাকে মানুহৰ ঘৰত খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰিলে আৰু দেউতাকে ইটা কঢ়িওৱা কাম কৰিবলৈ ধৰে। ঘৰৰ খৰছ পূৰাবলৈ তেওঁলোকে সন্ধিয়া গাড়ী এখনত সিজোৱা কণীও বিক্ৰী কৰিছিল।
 
গুজৰাটৰ এখন সৰু গাঁও পালানপুৰৰ পৰা আহি দেশৰ সবাতোকৈ কঠিন পৰীক্ষা UPSCত উত্তীৰ্ণ হোৱাটো ছাফিনৰ বাবে সহজ নাছিল। শৈশৱত এদিন স্কুলৰ পৰা উভতি আহোঁতে জিলা উপায়ুক্তৰ কনভয়টো দেখি ছাফিনে সিদ্ধান্ত লৈছিল যে তেৱোঁ এদিন উচ্চ পদস্থ বিষয়া হ’ব।
 
সীমিত সম্পদেৰে জীৱন-যাপন কৰা ছাফিনে দিন-ৰাতি একাকাৰ কৰি পঢ়া-শুনা কৰে আৰু প্ৰতিটো অসুবিধাক সুযোগলৈ ৰূপান্তৰিত কৰে।  কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বলত ছাফিন হাছানে এই কথা প্ৰমাণ কৰে যে প্ৰতিভাক কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে। তেওঁৰ এই যাত্ৰা লাখ লাখ যুৱক-যুৱতীৰ বাবে এক আশাৰ ৰেঙণি।
 
অভিযান্ত্ৰিক বিষয়ত অধ্যয়ন কৰি থকাৰ সময়তো ছাফিন হাছানৰ মনোযোগ সদায় অসামৰিক সেৱাৰ ওপৰত আছিল। কলেজৰ পৰাই তেওঁ ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল।
 
ব্যয়বহুল কোচিং আৰু ডাঙৰ চহৰৰ সুবিধা নাছিল যদিও তেওঁ মাত্ৰ কেইখনমান কিতাপ, ইণ্টাৰনেট আৰু নিজৰ অধ্যয়ন কৌশলৰ সহায়ত নিজৰ প্ৰস্তুতি অব্যাহত ৰাখিছিল। ছাফিন হাছানে দৈনিক ১০-১২ ঘণ্টাকৈ পঢ়া-শুনা কৰি মক টেষ্ট দিয়ে আৰু নিজৰ দুৰ্বলতাবোৰ উন্নত কৰি থাকিল।
 
ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষাৰ প্ৰথম প্ৰচেষ্টাতে ছাফিন হাছানে ইমানেই ডাঙৰ বাধাৰ সন্মুখীন হৈছিল যে বহুতে ইয়াক হাৰ মানি লোৱাৰ কাৰণ হিচাপে ল’লেহেঁতেন। ইউ পি এছ চি মেইনছ পৰীক্ষাৰ পূৰ্বে গুৰুতৰ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ হাৰ মনা নাছিল আৰু হুইল চেয়াৰত বহি পৰীক্ষা গৃহ পালেগৈ।
 
এই মনোভাৱে তেওঁক আনতকৈ পৃথক কৰি তোলে। ছাফিন হাছানৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ ফল আছিল যে তেওঁ প্ৰথম প্ৰচেষ্টাতে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। সাক্ষাৎকাৰৰ পূৰ্বেও তেওঁ অসুস্থ হৈ পৰিছিল। তথাপি তেওঁ হতাশ হোৱা নাছিল আৰু ২০১৭ৰ ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষাত ৫৭০সংখ্যক স্থান লাভ কৰে।
 
এই পৰীক্ষাত সফলতা লাভ কৰাৰ পিছত গুজৰাট কেডাৰত আই পি এছ বিষয়া হিচাপে তেওঁ নিযুক্তি লাভ কৰে। আই পি এছৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ইতিমধ্যে বহু জিলাত সেৱা আগবঢ়াইছে। 
 
আই পি এছ ছাফিন হাছান ছচিয়েল মিডিয়াত অতি সক্ৰিয়। ইনষ্টাগ্ৰামত ৮ লাখৰো অধিক লোকে তেওঁক ফ’ল’ কৰে। তেওঁৰ জীৱনে প্ৰমাণ কৰে যে অসুবিধা আৰু প্ৰত্যাহ্বানে আপোনাৰ সফলতাৰ কাহিনীক অধিক শক্তিশালীহে কৰি তোলে, ই আপোনাক বাধা নিদিয়ে।