গুৱাহাটীলৈ আহি ভাড়াঘৰ-হোষ্টেল বিচৰাৰ বিড়ম্বনা দূৰ কৰিলে ৪ জন প্ৰতিভাৱান শিক্ষাৰ্থীয়ে
Story by Ariful Islam | Posted by Munni Begum • 1 Months ago
এপ্লিকেচনটোৰ চাৰিওগৰাকী প্ৰস্তুতকৰ্তা
আৰিফুল ইছলাম / গুৱাহাটী
পঢ়িবলৈ বা কামৰ সন্ধানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মহানগৰীলৈ অহা ছাত্ৰ-ছাত্ৰী বা অন্য লোকৰ বাবে থাকিবলৈ হোষ্টেল বা ভাড়াঘৰ বিচৰাটো এক জটিল আৰু বিড়ম্বনাৰ কাম হৈ পৰে। পচন্দৰ ভাড়াঘৰ এটা অথবা হোষ্টেল এখনৰ সন্ধানত বহু ব্যক্তি মানসিক চাপৰো সন্মুখীন হ'বলগীয়া হয়।
কিয়নো ভাড়াঘৰ বা পেয়িং গেষ্ট দেখুৱাই দিয়াৰ বাবদ দালালসমূহক নূন্যতম ৫০০ টকা দিব লাগে। আৰু ৰূমটো ঠিক কৰি দিলে এমাহৰ ৫০% ভাড়াৰ মূল্য দালালজনক দিব লাগে। অচিনাকি চহৰখনত নতুনকৈ অহা এজন ব্যক্তিক এইসমূহ কামে অস্বস্তিত পেলায়। শেহতীয়াকৈ এই সমস্যাসমূহৰ সমাধান উলিয়াই ৪ গৰাকী ছাত্ৰই এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।
গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম ইঞ্জিনিয়াৰিং কলেজৰ ৪জন ছাত্ৰই মিলি প্ৰস্তুত কৰিছে 'ৰূমী' (Roomie) নামৰ এটা বিশেষ মোবাইল এপ্লিকেচন। গুৱাহাটীত পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰী তথা কামৰ সন্ধানত অহা ব্যক্তিসকলৰ ভাড়াঘৰ বিচৰাত একেবাৰে সহজ হোৱাৰ উদ্দেশ্যে এই এপ্লিকেচনটো প্ৰস্তত কৰা হৈছে।