বহু ভাবুকিৰ সন্মুখীন হৈও মছজিদত মহিলাৰ প্ৰৱেশ নিশ্চিত কৰিলে ফাৰাহ শ্বেইখে

Story by  atv | Posted by  Munni Begum • 4 h ago
ডঃ ফাৰাহ হুছেইন শ্বেইখ
ডঃ ফাৰাহ হুছেইন শ্বেইখ
 
ভক্তি চালক / পুনে
 
পুনেৰ কামাৰুদ্দিন মছজিদৰ বাহিৰত সংঘটিত এক ঘটনাই ফাৰহা শ্বেইখক সমাজ সংস্কাৰৰ বাবে উৎসাহিত কৰিছিল। ঘটনাটোৱে তেওঁক মুছলমান সমাজত এক ইতিবাচক পৰিৱৰ্তন আনিব পৰা এক শক্তিশালী আন্দোলনৰ সূচনা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। 
 
২০১৯ চনৰ ৰমজানৰ সময়ত এদিন প্ৰচণ্ড বৰষুণে ফাৰহা, তেওঁৰ স্বামী আনোৱাৰ আৰু কন্যাক সম্পূৰ্ণৰূপে তিয়াই পেলাইছিল। তেওঁলোকে আশ্ৰয় বিচাৰি মছজিদৰ ফালে আগবাঢ়ি গৈছিল।
 
যেতিয়া আনোৱাৰে প্ৰথমতে মছজিদত দৌৰা-দৌৰিকৈ প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁ ভাবিছিল যে, তেওঁ সময়মতে আছাৰ নামাজ পঢ়িব পাৰিব। ফাৰহা আৰু তেওঁলোকৰ কন্যাইও আনোৱাৰৰ পিছে পিছে মছজিদত প্ৰৱেশ কৰিব চেষ্টা কৰে। কিন্তু তেওঁলোকে এই কথা জানিব পাৰি হতবাক হৈ পৰে যে, মাতৃ-কন্যাই মছজিদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব।  
 
ফাৰাহ শ্বেইখ তেওঁৰ ডিগ্ৰীৰ সৈতে 
 
সেই মুহূৰ্তত বৰষুণৰ শব্দ আৰু বঞ্চনাৰ উপলব্ধিৰ মাজতে ফাৰহাৰ মনত এটা প্ৰশ্নৰ উদয় হ'ল, কিয় নাৰীসকলক আল্লাহৰ গৃহ (মছজিদ) ৰ পৰা নিষেধ কৰা হৈছে? এই প্ৰশ্নই তেওঁৰ মনত পৰিৱৰ্তনৰ বাবে এক শক্তিশালী আন্দোলনৰ সূচনা কৰিছিল।  
 
সামাজিক আৰু ধৰ্মীয় ন্যায়ৰ অৰ্থে তেওঁৰ স্বামী আনোৱাৰ শ্বেইখৰ সহায়ত ফাৰহাই ভাৰতৰ মছজিদসমূহৰ অধিকাৰক প্ৰত্যাহ্বান জনোৱাৰ বাবে এক সংকল্পবদ্ধ যাত্ৰা আৰম্ভ কৰে, য'ত মহিলাসকলক প্ৰৱেশৰ অনুমতি দিয়া নহয়। 
 
পুনেৰ এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা ফাৰহাই ধাৰাবাহিকভাৱে মহাৰাষ্ট্ৰৰ বিভিন্ন সামাজিক-ধৰ্মীয় আৰু সাংস্কৃতিক বিষয়ত গুৰুত্বপূৰ্ণ কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰি আহিছে আৰু প্ৰগতিশীল পৰিৱৰ্তনৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে।
 
কোৰাণ আৰু হাদীছৰ অধ্যয়নে মহিলাসকলৰ মছজিদত প্ৰৱেশৰ ক্ষেত্ৰত কোনো স্পষ্ট নিষেধাজ্ঞা প্ৰকাশ কৰা নাছিল, যাৰ ফলত ফাৰহাৰ প্ৰচলিত পুৰুষতান্ত্ৰিক ব্যাখ্যাক প্ৰত্যাহ্বান জনোৱাৰ সংকল্প শক্তিশালী হৈছিল। 
 
ফাৰাহ শ্বেইখ তেওঁৰ ডিগ্ৰীৰ সৈতে
 
আৰম্ভণিতে তেওঁ মছজিদ প্ৰতিষ্ঠানসমূহৰ পৰা বাধা লাভ কৰিছিল, কোনেও তেওঁৰ এই পদক্ষেপক ইতিবাচকভাৱে গ্ৰহণ কৰা নাছিল। কিন্তু ফাৰহা হতাশ হোৱা নাছিল আৰু মুছলমান সমাজলৈ যিকোনো প্ৰকাৰে পৰিৱৰ্তন কঢ়িয়াই আনিবলৈ তেওঁ সংকল্পবদ্ধ হৈছিল। 
 
তেওঁৰ প্ৰচেষ্টাৰ পৰিণামস্বৰূপে এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ দাৰস্থ কৰোৱা হয়, য'ত সমতাৰ সাংবিধানিক নীতি আৰু ইছলামীয় শিক্ষাৰ মৌলিক মনোভাৱৰ কথা উল্লেখ কৰা হৈছে।  
 
সেই গুৰুত্বপূৰ্ণ মুহূৰ্তৰ কথা স্মৰণ কৰি ফাৰহাহে এইদৰে প্ৰশ্ন উত্থাপন কৰে, "মছজিদটো আল্লাৰ ঘৰ নহয় নেকি? আল্লাহে কৈছে নেকি যে কেৱল পুৰুষেহে তেওঁৰ গৃহত প্ৰৱেশ কৰিব পাৰিব আৰু মহিলাসকলে তেওঁৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰিব"।
 
অৱশেষত ফাৰহাৰ বহু বছৰৰ দৃঢ় সংকল্পৰ পিছত তেওঁৰ প্ৰচেষ্টাই এক গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰে। মুছলিম ব্যক্তিগত আইন বোৰ্ডে (Muslim Personal Law Board) মুছলিম মহিলাসকলৰ নামাজৰ বাবে মছজিদত প্ৰৱেশ কৰাৰ অধিকাৰক স্বীকৃতি প্ৰদান কৰে, যি এক অধিক অন্তৰ্ভুক্তিমূলক অনুশীলনৰ পথ প্ৰশস্ত কৰে। 
 
এটা সময়ত ফাৰহাক বৰ্জন কৰা মহাৰাষ্ট্ৰৰ বোপোডী মছজিদতো মহিলাসকলে আজি মুক্ত মনেৰে নামাজ আদায় কৰি আহিছে। কেৱল মুম্বাইতে মহম্মদ আলী ৰোডৰ জামা মছজিদকে ধৰি প্ৰায় পোন্ধৰটা মছজিদত এতিয়া মহিলাসকলক স্বাগতম জনোৱা হৈছে। 
 
ফাৰহা শ্বেইখ
 
মহিলাৰ ন্যায়ৰ বাবে ফাৰহাৰ এই যুঁজ সহজসাধ্য নাছিল। তেওঁ সমাজৰ ব্যাপক বিৰোধিতাৰ সন্মুখীন হৈছিল। প্ৰাৰম্ভিক প্ৰতিক্ৰিয়াসমূহ স্মৰণ কৰি তেওঁ কয়, "প্ৰথমতে মানুহে আমাক ভাবুকি দিছিল, 'এইবোৰ নকৰিবা, এইবোৰ কৰিলে পাপী হব'। তথাপিও আমি ভাগি পৰা নাছিলো। আমাৰ সংকল্প অটল আছিল।"
 
ফাৰহাই স্বীকাৰ কৰে যে তেওঁৰ সংগ্ৰাম কেৱল ধৰ্মীয় স্থানৰ বাবে নহয়, সকলো সম্প্ৰদায়ৰ মহিলাৰ মৌলিক অধিকাৰৰ বাবে তেওঁ যুঁজ দিছে। তেওঁ কয়, "এইটো হৈছে নাৰীৰ অধিকাৰৰ বিষয়। ই কেৱল এটা ধৰ্মৰ বাবে নহয়, সকলো জাতি আৰু ধৰ্মৰ মহিলাৰ অধিকাৰক প্ৰতিফলিত কৰে"।
 
তেওঁৰ প্ৰভাৱশালী যাত্ৰা আৰু দৃষ্টিকোণসমূহ "Echoes of Equality: Farah Shaikh's Journey" শীৰ্ষক গ্ৰন্থত লিপিবদ্ধ কৰা হৈছে। নাৰী সবলীকৰণ আৰু সামাজিক সংস্কাৰৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানসমূহৰ বিষয়ে গ্ৰন্থখনত আলোকপাত কৰা হৈছে। প্ৰভাৱশালী সামাজিক কামৰ স্বীকৃতিস্বৰূপে তেওঁক দিল্লীৰ এখন সন্মানীয় বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰে।
 
ফাৰহা শ্বেইখৰ যাত্ৰাই ন্যায় আৰু সমতাৰ প্ৰতি এগৰাকী মহিলাৰ অটল প্ৰতিশ্ৰুতিৰ শক্তিৰ উদাহৰণ দাঙি ধৰিছে। স্বামী আনোৱাৰ শ্বেইখৰ সহায়ত তেওঁ প্ৰগতিশীল পৰিৱৰ্তনৰ বাবে এক গুৰুত্বপূৰ্ণ কণ্ঠস্বৰ হৈ পৰিছে। ফাৰাহে মহাৰাষ্ট্ৰ আৰু দেশৰ আন প্ৰান্তৰ মহিলাসকলৰ অধিকাৰ আৰু মৰ্যাদাৰ হকে মাত মাতি আহিছে। 
 
ফাৰহাহে তেওঁৰ দীৰ্ঘদিনীয়া অভিযানৰ বিষয়ে কয়, "ইছলাম ধৰ্মই মহিলাসকলক পুৰুষৰ সমানে বহু অধিকাৰ প্ৰদান কৰিছে। সেয়া সামাজিক, অৰ্থনৈতিক বা ব্যক্তিগত অধিকাৰ। সেইবাবে মহিলাসকলেও এই অধিকাৰসমূহ লাভ কৰিব লাগে, আৰু তেওঁলোকেও এই অধিকাৰসমূহৰ বিষয়ে অৱগত হ'ব লাগে। সেইবাবেই মোৰ সংগ্ৰাম চলি আছে"।
 
ফাৰহা শ্বেইখ আৰু তেওঁৰ স্বামী আনোৱাৰ শ্বেইখ
 
মহাৰাষ্ট্ৰৰ সামাজিক, শৈক্ষিক, ৰাজনৈতিক আৰু ধৰ্মীয় কাম-কাজত ফাৰহা আৰু তেওঁৰ ফাৰহা চ্যাৰিটেবল ট্ৰাষ্ট (Farha Charitable Trust) সদায়েই অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁৰ কৰ্মই এক অনুপ্ৰেৰণা হিচাপে কাম কৰে, যিয়ে প্ৰমাণ কৰে যে শিক্ষা, সজাগতা আৰু আলোচনাৰ জৰিয়তে অৰ্থপূৰ্ণ সামাজিক পৰিৱৰ্তন সম্ভৱ।
 
ফাৰহা আৰু তেওঁৰ ট্ৰাষ্টে কেৱল মতামত ব্যক্ত কৰাই নহয়, আইনী আৰু সামাজিক মাধ্যমৰ জৰিয়তে পৰিৱৰ্তনৰ বাবে সক্ৰিয়ভাৱে যুঁজ দি মহাৰাষ্ট্ৰ আৰু ভাৰতৰ জৰুৰী বিষয়সমূহৰ ক্ষেত্ৰত আগভাগ লয়। উচচতম ন্যায়ালয়ত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে যুঁজ দিয়াই হওঁক বা জাতি-ধৰ্ম নিৰ্বিশেষে সকলো বানাক্ৰান্তক সাহায্য প্ৰদান কৰাই হওঁক, তেওঁ অগ্ৰণী ভূমিকা পালন কৰি আহিছে।ি
 
বিশিষ্ট মুছলমান পুৰুষসকলেও য'ত মাত মাতিবলৈ দ্বিধাবোধ কৰে, তেনে পৰিস্থিতিতো ফাৰহাই কেৱল নিজৰ মতামত ব্যক্ত কৰাই নহয়, পৰিৱৰ্তন আনিবলৈ ৰাজপথলৈ ওলাই আহে। এই সাহসী দৃষ্টিভংগীয়ে তেওঁক প্ৰকৃত পৰিৱৰ্তনকাৰী হিচাপে চিহ্নিত কৰে।