স্বাধীনতাৰ পূৰ্বৰ মছজিদ-মন্দিৰে বহন কৰিছে সম্প্ৰীতি-ভাতৃত্ববোধৰ বাৰ্তা

Story by  atv | Posted by  Munni Begum • 3 h ago
গুৱাহাটী মহানগৰীৰ পাণ্ডু এলেকাত এখন দেৱালৰ ইপাৰে-সিপাৰে থকা 'মজদুৰ পাণ্ডু বন্দৰ শিৱ মন্দিৰ' আৰু 'মছজিদ ই ৰহমত'
গুৱাহাটী মহানগৰীৰ পাণ্ডু এলেকাত এখন দেৱালৰ ইপাৰে-সিপাৰে থকা 'মজদুৰ পাণ্ডু বন্দৰ শিৱ মন্দিৰ' আৰু 'মছজিদ ই ৰহমত'
 
সুদীপ শৰ্মা চৌধুৰী / গুৱাহাটী
 
ভাৰতৰ অন্য ঠাইৰ তুলনাত অসমত বিভিন্ন জাতি-ধৰ্ম আৰু সম্প্ৰদায়ৰ মাজত সদায় এক সুকীয়া ভাতৃত্ববোধ দেখা যায়। তাহানিৰে পৰা অসমত জাতি-ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে মিলাপ্ৰীতি আৰু ভাতৃত্ববোধৰ মাজেৰে জীৱন অতিবাহিত কৰিছে। গুৱাহাটী মহানগৰীৰ পাণ্ডু এলেকাতো দেখা গৈছে ভাতৃত্ববোধৰ এক অনন্য নিদৰ্শন।  এখন দেৱালৰ ইপাৰে-সিপাৰে আছে মন্দিৰ আৰু মছজিদ। একেলগে থকা মন্দিৰ আৰু মছজিদটোৱে পাণ্ডু এলেকাৰ সেই অঞ্চলটোত সম্প্ৰীতিৰ এক সুন্দৰ বাৰ্তা বহন কৰিছে। 
 
আজি অসমৰ ৰেল, স্থল, জল আৰু বায়ু পথেৰে গুৱাহাটীলৈ অহাৰ সকলো ব্যৱস্থা আছে। কিন্তু এটা সময়ত অসমৰ যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল নদী। স্বাধীনতাৰ সময়ত অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ সৈতে সংযোগ স্থাপনৰ একমাত্ৰ মাধ্যম আছিল পাণ্ডু বন্দৰ। মহাত্মা গান্ধীৰ পৰা নেতাজী সুভাষচন্দ্ৰ বসু আৰু আন বহু ব্যক্তিয়ে এই জলপথেৰে অসমলৈ আহিছিল। ১৯৩০ চনত ব্ৰিটিছ শাসনৰ সময়ত এই পাণ্ডু বন্দৰটো বৃহৎ শিল্প আৰু বাণিজ্য কেন্দ্ৰ আছিল।
 
 
শৰাইঘাট ৰেল দলং নিৰ্মাণ হোৱাৰ আগলৈকে পান্ডুত জলপথেই আছিল অসমৰ সৈতে যোগাযোগৰ মূল চালিকা শক্তি। বন্দৰটোত কাম কৰিবলৈ বহু শ্ৰমিকৰ প্ৰয়োজন হৈছিল। মুছলমান আৰু হিন্দু শ্ৰমিকৰ সৈতে পাণ্ডু বন্দৰৰ দৈনন্দিন কাম-কাজ চলি আছিল। বন্দৰ কৰ্তৃপক্ষই শ্ৰমিকসকলৰ পূজা-অৰ্চনাৰ প্ৰতি সচেতন আছিল। ব্ৰিটিছ চৰকাৰৰ আমোলত ১৯৩০ চনত বন্দৰ কৰ্তৃপক্ষই শ্ৰমিকসকলৰ সুবিধাৰ্থে পাণ্ডুত স্থাপন কৰে "মজদুৰ পাণ্ডু বন্দৰ শিৱ মন্দিৰ" আৰু "মছজিদ ই ৰহমত"।
 
ব্ৰিটিছ শাসনৰ সময়ত স্থাপিত এই মন্দিৰ আৰু মছজিদে অঞ্চলটোত বসবাস কৰা দুই সম্প্ৰদায়ৰ মাজত একতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি আহিছে। এই মছজিদৰ ইমামৰ পৰা আৰম্ভ কৰি মছজিদ পৰিচালনা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ জনোৱা মতে, দুয়োটা সম্প্ৰদায়ে ইটোৱে সিটোৰ শান্তি-সমৃদ্ধি কামনা কৰি তেওঁলোকৰ প্ৰজন্মৰ পিছত প্ৰজন্মই এই মছজিদ আৰু মন্দিৰটো পৰিচালনা কৰি আহিছে। তেওঁলোকৰ মাজত আজিলৈ কেতিয়াও মতভেদ হোৱা নাই। 
 
মছজিদ ই ৰহমতৰ পৰিচালনা সমিতিৰ সভাপতি মনোবৰ আলীয়ে আৱাজ দ্য ভইচক জনোৱা মতে, "প্ৰতিষ্ঠাকালৰে পৰাই দুয়োটা সম্প্ৰদায়ে মিলাপ্ৰীতিৰে পূজা আৰু মহৰম আদি উদযাপন কৰি আহিছে। মছজিদৰ আজানৰ সময়ত মন্দিৰৰ লাউডস্পীকাৰ বন্ধ কৰি দিয়া হয় আৰু মন্দিৰৰ পূজা-অৰ্চনা কৰাৰ সময়ত মছজিদৰ লাউডস্পীকাৰ বন্ধ কৰি দিয়া হয়। তাৰোপৰি মন্দিৰত অনুষ্ঠিত শিৱৰাত্রী বা অন্য পূজাত মছজিদ কমিটি তথা মুছলমানসকলে সহযোগিতা আগবঢ়াই। আনহাতে মছজিদত অনুষ্ঠিত মহৰম বা ফাতেহা আদিত মন্দিৰ কমিটিৰ লগতে হিন্দু ৰাইজে সহযোগিতা আগবঢ়াই। এনেদৰেই আমাৰ মাজত ভাতৃত্ববোধ বৰ্তাই ৰখা হৈছে।" 
 
শিৱ মন্দিৰ
 
আনহাতে মন্দিৰ পৰিচালনা কমিটিৰ সদস্য যোগেন্দ্ৰ সিঙে কয় যে বন্দৰ কৰ্তৃপক্ষই এই মন্দিৰ আৰু মছজিদটো নিৰ্মাণ কৰিছিল। ফেৰী ঘাটৰ এই মন্দিৰ বা মছজিদটো আজিলৈ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। সকলোৱে নিজৰ ভগৱানৰ আৰাধনা কৰে আৰু পৰস্পৰৰ মাজত কোনো আপত্তি কৰিবলগীয়া নাই। তেওঁ কয় যে "মছজিদত নামাজ পঢ়াৰ সময়ত আমি মন্দিৰৰ ঘণ্টা বজোৱা বা পূজা পাঠ কৰা বন্ধ কৰি দিওঁ।" 
 
"মই মোৰ বিয়াৰ পিছৰে পৰাই এই মন্দিৰ আৰু মছজিদৰ কাষত বাস কৰি আহিছোঁ। বর্তমানলৈ মই কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ইয়াত দেখা নাই। আৰু আশা কৰিছোঁ, আমাৰ মাজত থকা এই সম্প্ৰীতি আজীৱন অটুট থাকিব", স্থানীয় বাসিন্দা মীৰা সিঙে কয়। 
 
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ পাণ্ডুৰ চাৰি নং ৱাৰ্ডত এই মন্দিৰ আৰু মছজিদটো অৱস্থিত। এই মন্দিৰ আৰু মছজিদৰ সমন্বয়ৰ ফলত দুয়োটা সম্প্ৰদায়ৰ মাজত আস্থা আৰু মিলনৰ গভীৰতা বৃদ্ধি পাইছে। মহৰম বা শিৱ ৰাত্রিত দুয়োটা সম্প্ৰদায়ৰ মাজত সমন্বয়ৰ বিনিময়ৰ এক অনন্য দৃষ্টান্ত চিহ্নিত হৈছে। ১৯৩০ৰ পৰা ২০২৫ৰ এই অমৃত কালছোৱাত দুয়োটা সম্প্ৰদায়ৰ মাজত চলি অহা মধুৰ সম্পৰ্কই সঁচা অৰ্থত, "শংকৰ-আজানৰ দেশ"ৰ বাৰ্তা বহন কৰে।