ৰেষ্টুৰেণ্ট জোহাৰফা; খাদ্যৰসিকৰ বাবে ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ নতুন উপহাৰ

Story by  atv | Posted by  [email protected] • 1 d ago
খাদ্যৰসিকৰ বাবে ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ নতুন উপহাৰ
খাদ্যৰসিকৰ বাবে ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ নতুন উপহাৰ
 
হায়দৰাবাদ

ক্ৰিকেটৰ পথাৰত চমকপ্ৰদ বলিঙেৰে ভাৰতক কেইবাটাও স্মৰণীয় জয়ৰ সোৱাদ দিয়া তাৰকা বেগী বলাৰ মহম্মদ ছিৰাজে এইবাৰ হায়দৰাবাদৰ খাদ্যৰসিকৰ বাবে নতুন উপহাৰ লৈ আহিছে। ছুপাৰষ্টাৰ বিৰাট কোহলিয়ে মহানগৰীখনত One8 Commune নামৰ এখন ৰেষ্টুৰেণ্ট খোলাৰ পিছত এতিয়া ছিৰাজে হায়দৰাবাদৰ বঞ্জাৰা হিলছ ৰোডত নিজাকৈ মুকলি কৰিছে ৰেষ্টুৰেণ্ট জোহাৰফা। এই ৰেষ্টুৰেণ্টখনে ইতিমধ্যে বঞ্জাৰা হিলছ ৰোডক জনপ্ৰিয় কৰি তুলিছে আৰু খাদ্যৰসিকে অঞ্চলটোত ভিৰ কৰিবলৈ আৰম্ভ কৰিছে।
 
শেহতীয়াকৈ এজন ইউটিউবাৰে ৰেষ্টুৰেণ্টখনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত ইয়াৰ খাদ্যৰ মেনু আৰু চহকী ইণ্টেৰিয়ৰ ডিজাইন দেখুওৱা হৈছে। জোহাৰফা ৰেষ্টুৰেণ্টে মোগল, পাৰ্চী, আৰব, আৰু চীনা খাদ্যসম্ভাৰৰ ব্যৱস্থা আগবঢ়াইছে আৰু এই সকলোবোৰ ছিৰাজৰ অনন্য হায়দৰাবাদী শৈলীৰ। ৰেষ্টুৰেণ্টখনৰ ভিতৰভাগে খাদ্যৰসিকক এক ৰাজকীয় অনুভৱ দিয়ে আৰু গ্ৰাহকক প্ৰিমিয়াম ডাইনিং অভিজ্ঞতা প্ৰদান কৰে।
সাধাৰণতে চেলিব্ৰিটিৰ ৰেষ্টুৰেণ্টসমূহৰ খাদ্যৰ দাম তুলনামূলকভাৱে কিছু বেছি, আৰু জোহৰফাও ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰ এক প্লেট চালাডৰ দাম ৩৫৫ টকা। আনহাতে, চালাডৰ স্পেচিয়েল প্লেটৰ মূল্য হৈছে ৩,৯৯৯ টকা। এই দাম দেখি ইউটিউবাৰজন স্তম্ভিত হৈ পৰা দেখা যায়। তেওঁ কয় যে চাৰিজনীয়া এটা পৰিয়ালে এসাজ খাবলৈ আহিলে, তেওঁলোকৰ বিল প্ৰায় ৫,০০০ টকা স্পৰ্শ কৰিব পাৰে। আন কিছুমানে আকৌ কয় যে ৰেষ্টুৰেণ্টখনৰ স্থান, পৰিৱেশ আৰু গুণগত মানৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰীৰ দাম সঠিক আছে। 
 
উল্লেখ্য যে, মহম্মদ ছিৰাজ এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম প্ৰধান বেগী বলাৰ। টেষ্ট ক্ৰিকেটত তেওঁ ৪০ খন মেচ খেলি ১২০ টাতকৈও অধিক উইকেট দখল কৰিছে। এটা ইনিংছত তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন হৈছে ১৫ ৰানৰ বিনিময়ত ৬ উইকেট। এই প্ৰদৰ্শনে তেওঁৰ মেচ উইনিং দক্ষতা প্ৰদৰ্শন কৰে।
 
 
শেহতীয়াকৈ ভাৰতৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত ছিৰাজ আছিল সবাতোকৈ সফল বলাৰ। তেওঁ পাঁচখন টেষ্ট মেচত ২৩টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ক্ৰিকেটৰ পৰা খাদ্যলৈকে মহম্মদ ছিৰাজে এক সাহসী পদক্ষেপ লৈছে। ইতিমধ্যে হায়দৰাবাদত চৰ্চা হৈ পৰিছে ছিৰাজৰ ৰেষ্টুৰেণ্ট জোহাৰফা। যিসকলে বিলাসীতা আৰু ৰুচিৰ সংমিশ্ৰণ বিচাৰে তেওঁলোকৰ বাবে ই চহৰখনৰ এখন আৱশ্যকীয় ৰেষ্টুৰেণ্টত পৰিণত হ’ব পাৰে।