ধন, সম্পদ আৰু ঐশ্বৰ্যৰ প্ৰতীক লক্ষ্মী দেৱী

Story by  Pulin Deka | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
  পুলিন ডেকা
 
ভাৰতীয় আধ্যাত্মিক জীৱনবোধত দেৱ-দেৱীৰ পূজা-অর্চনাই সদায়ে বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। শাক্ত আৰু বৈদিক ধৰ্মত দেৱী পূজা, সনাতন ধৰ্মৰ এক উল্লেখনীয় দিশ। এই দেৱী পূজাৰ মূল ভিত্তি হৈছে আদ্য শক্তি বা প্রকৃতিক উপসনা কৰা। দেৱীক শিৱৰ শক্তি হিচাপে গণ্য কৰা হয় আৰু যাৰদ্বাৰা সমগ্ৰ বিশ্ব পৰিচালিত হৈ আহিছে। সনাতন ধর্মত দেৱী বিভিন্ন ৰূপত পূজিত। শক্তি, সাহস আৰু অসুৰবিনাশিনী হিচাপে দুর্গা, ধন, সম্পদ আৰু ঐশ্বৰ্যৰ প্ৰতীকৰূপে লক্ষ্মী, বিদ্যা, জ্ঞান আৰু সংগীতৰ দেৱীৰ ৰূপত সৰস্বতী, বিনাশ আৰু পুনৰ সৃষ্টিৰ ৰূপত কালী আদি দেৱীক কৰি অহা পূজাই আমাৰ আধ্যাত্মিক জীৱন অধিক শক্তিশালী কৰিছে। 
 
দেৱী মহাত্ম্য, দুর্গা সপ্তশতী, কালিকা পুৰাণ, মার্কণ্ডেয় পুৰাণ, শাক্ততন্ত্র আদি ধর্মীয় গ্রন্থত দেৱীক বন্দনা কৰা হৈছে। আত্মশুদ্ধি আৰু শক্তিৰ বিকাশ, মনোবাঞ্ছা পূৰণ, জ্ঞান আৰু ধৰ্ম ধাৰণ, সামাজিক শান্তি, ধৈর্য, ভক্তি আদি আহৰণৰ বাবে দেৱী পূজা কৰা হয়। এই দেৱীসমূহৰ ভিতৰত লক্ষ্মী দেৱীৰ পূজাৰ এক বিশেষ তাৎপর্য আছে। ধন, সৌভাগ্য, সম্পদ, মানিৱীয় সৌন্দৰ্য আৰু সমৃদ্ধিৰ দেৱী হিচাপে লক্ষ্মী পূজাই ভক্তৰ হৃদয়ত বিশেষ স্থান লাভ কৰি আহিছে। তেওঁ বিষ্ণুৰ পত্নী হিচাপেও পূজিত। 
 
প্ৰতিনিধিত্বামুলক ছবি
 
বিষ্ণু আৰু ভাগৱত পুৰাণ অনুসৰি সমুদ্র মন্থনৰ সময়ত দেৱীৰ আবিৰ্ভাৱ হয়। দেৱ আৰু দানৱে অমৃত লাভ কৰিবলৈ সাগৰ মন্থন কৰিছিল। এই মন্থনৰ সময়ত বহু মূল্যৱান সম্পদৰ লগতে দেৱীৰো আবিৰ্ভাৱ হৈছিল। দেৱীৰ আগমণৰ সময়ত পুষ্পবৃষ্টি হৈছিল আৰু দেৱতাসকলে তেওঁক আদৰিছিল। সেই কাৰণে দেৱীক ক্ষীৰসাগৰ কন্যা বা সমুগ্র তনয়া বুলি কোৱা হয়।
 
লক্ষ্মীদেৱী হৈছে ভগৱান বিষ্ণুৰ পত্নী। আনহাতে, বিষ্ণ হৈছে ত্রিনাথ-ব্ৰহ্ম, বিষ্ণু আৰু মহেশ্বৰ। লক্ষ্মী বিষ্ণুৰ শক্তিৰূপে পূজিত। যি ঠাইত বিষ্ণুৰ পূজা হয়, তাত লক্ষ্মী দেৱীৰো পূজা কৰা হয়। লক্ষ্মী দেৱীৰ চাৰিখন হাতে ধর্ম, অর্থ, কাম আৰু মোক্ষকে সূচায়। দেৱীক সাধাৰণতে কমলফুলত বহি থকা ৰূপত কল্পনা কৰা হয়। লক্ষ্মী পূজাৰ প্ৰধান উদ্দেশ্য হৈছে ধনৰ দেৱীক সন্তুষ্ট কৰা। মানুহে বিশ্বাস কৰে যে, লক্ষ্মী দেৱী য'ত সন্তুষ্ট হৈ থাকে, তাত ধন, সুখ আৰু শান্তি থাকে। লক্ষ্মী পূজাৰ মাজেৰে মানুহে এক গুৰুত্বপূৰ্ণ সামাজিক বাৰ্তা লাভ কৰে নাৰী মানেই শক্তি, সমৃদ্ধি আৰু শান্তিৰ আধাৰ। 
 
ভাৰতীয় আধ্যাত্মিক সংস্কৃতিৰ ইতিহাস অতি প্রাচীন। ইয়াৰ মূল ভেটি নিৰ্মাণ হৈছিল বৈদিক যুগত। এই বৈদিক যুগত দেৱতাৰ পূজা আৰম্ভ হৈছিল যদিও পূৰ্ণ ৰূপত লক্ষ্মী দেৱীৰ পূজা হোৱা দেখা নাযায়। তথাপি লক্ষ্মীৰূপী শক্তিৰ উপাসনাৰ বহু কথা ঋগ্বেদ আৰু অন্যান্য বৈদিক সাহিত্যত পোৱা যায়। বৈদিক যুগত ধর্মীয় বিশ্বাস প্রধানকৈ ঋগ্বেদ, যর্জুবেদ, সামবেদ আৰু অথর্ববেদৰ ওপৰত আধাৰিত আছিল। এই গ্রন্থসমূহত সূর্য, বায়ু, অগ্নি, ইন্দ্ৰ, বৃহস্পতি আদি শক্তিৰ পূজা দেৱতাসকল মূলত প্রাকৃতিক শক্তিৰ প্ৰতীক আছিল। 
 
বৈদিক যুগৰ এক দৃশ্য
 
ঋগ্বেদত লক্ষ্মীৰ নাম উল্লেখ নাথাকিলে 'শ্রী' নামৰ কথা উল্লেখ আছে আৰু ইয়াক ধন আৰু সৌভাগ্যৰ প্ৰতীক হিচাপে কোৱা হৈছে। ঋগ্বেদত শ্ৰীসুক্তত শ্ৰীক ধনৰ দেৱী, ভাগ্যৰ প্ৰতীক আৰু সকলো কল্যাণৰ উৎস বুলি কোৱা হৈছে। এই সুক্তত শ্রীক অন্নদায়িনী, সৌভাগ্যপ্রদায়িনী আৰু মঙ্গলৰূপিণী বুলি আখ্যা দিয়া হৈছে। বৈদিক যুগত পূজাৰ কার্যকলাপ মূলত যজ্ঞকেন্দ্ৰিক আছিল। দেৱ-দেৱীৰ উদ্দেশ্যি যজ্ঞ কৰা হ'ল তেতিয়াৰ উপাসনাৰ মূল পদ্ধতি। শ্রীসুক্ত পাঠৰ জৰিয়তে যজ্ঞত লক্ষ্মী দেৱীৰ আৰাধনা কৰা হৈছিল। বেদিক যুগত শ্ৰীৰ প্ৰতীকি ৰূপত লক্ষ্মীদেৱীক কেৱল ধনৰ গৰাকী হিচাপে নহয়, নৈতিকতা, শুভ্রতা আৰু কল্যাণৰ প্ৰতীক হিচাপেও ধৰা হৈছিল। 
 
লক্ষ্মীদেৱীৰ মুখ্য ৰূপসমূহ হৈছে ধনলক্ষ্মী, ধ্যানলক্ষ্মী, গজলক্ষ্মী, সন্তানলক্ষ্মী, বিজয়লক্ষ্মী, বিদ্যালক্ষ্মী, আদিলক্ষ্মী। ৰজা বলীয়ে লক্ষ্মী দেৱীক পূজা কৰিছিল। ভগৱান বিষ্ণুৱে বামণ অৱতাৰ লৈ তেওঁৰ পৰা পৃথিৱী লৈছিল। কিন্তু বলি লক্ষ্মীৰ ভক্ত আছিল। কেতবোৰ কাহিনীত উল্লেখ আছে যে লক্ষ্মী দেৱীয়ে বলিৰ ঘৰলৈ পদ্মৱতী ৰূপে গৈছিল। সত্যৰ প্ৰতীক আছিল ৰজা হৰিশ্চন্দ্ৰ। তেওঁ লক্ষ্মীৰ উপাসক আছিল। মৌর্য আৰু গুপ্ত ৰাজবংশত লক্ষ্মীদেৱীৰ পূজা ৰাজদেৱী হিচাপে কৰিছিল। 
 
উল্লেখ্য যে, প্রাচীন ভাৰতৰ মৌৰ্য আৰু গুপ্ত যুগত ধৰ্ম, সংস্কৃতি আৰু পূজাৰ আচাৰ-অনুষ্ঠান বিশেষভাৱে বিকশিত হৈছিল। এই দুয়োটা যুগেই ভাৰতীয় সভ্যতাৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে পৰিগণিত। এই সময়ছোৱাত লক্ষ্মী পূজাই এক বিশেষ স্থান লাভ কৰিছিল, বিশেষকৈ আর্থিক সমৃদ্ধি, ধন-সম্পদ আৰু সৌভাগ্যৰ আৰাধনাৰ ৰূপত। খ্ৰীষ্টপূর্ব চতুৰ্থ শতিকাৰ পৰা দ্বিতীয় শতিকালৈ ভাৰতত গঠিত বৃহৎ সাম্রাজ্য আছিল মৌর্য সাম্রাজ্য। চাণক্যৰ অৰ্থশাস্ত্ৰত ধন, সম্পত্তিআৰু সমৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল আৰু এই ক্ষেত্ৰত লক্ষ্মী দেৱীৰ পূজাৰ পৰম্পৰা লক্ষ্য কৰা যায়। যদিও মৌর্য যুগত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ অধিক আছিল, তথাপি হিন্দু ধৰ্ম আৰু দেৱ-দেৱীৰ পূজাও সমান্তৰালবাবে চলি আছিল। 
 
হিন্দু ধৰ্মগ্ৰন্থৰ এক ছবি
 
এই সময়ছোৱাত লক্ষ্মী দেৱীক কেৱল ধনৰ দেৱী হিচাপে নহয়, ৰাজসিক সমৃদ্ধিৰ প্ৰতীক হিচাপেও পূজা কৰা হৈছিল। বিশেষকৈ ৰাজদৰবাৰ আৰু ৰাজসভাত লক্ষ্মীৰ প্ৰতিচ্ছবি বা মূৰ্ত্তি ৰখা হৈছিল। চতুৰ্থ আৰু ষষ্ঠ শতিকাত গুপ্ত যুগ হৈছে স্বর্ম যুগ। এই সময়ত হিন্দু ধৰ্মৰ বিস্তাৰ আৰু পুনৰ উত্থান হৈছিল। গুপ্ত ৰজাসকলে বিষ্ণু আৰু তেওঁৰ পত্নী লক্ষ্মীৰ উপাসনা বিশেষভাৱে কৰিছিল। গুপ্ত যুগত প্রকাশিত মুদ্রাসমহত লক্ষক্ষ্মী দেৱীৰ প্রতিচ্ছবি স্পষ্টভাৱে দেখিবলৈ পোৱা যায়। দেৱীয়ে পুষ্পময় আসনত বহি হাতত পদ্ম আৰু ধনৰ পাত্ৰ লৈ থাকে। এই প্রতিচ্ছবি ৰাজসিক সমৃদ্ধি আৰু জনকল্যাণৰ প্রতীক আছিল। লক্ষ্মী পূজা সেই সময়ত সমাজৰ সকলো স্তৰৰ মাজত জনপ্রিয় হৈছিল। বহু সংখ্যক মন্দিৰত লক্ষ্মীদেৱীক মূল দেৱী হিচাপে প্রতিষ্ঠা কৰা হৈছিল। 
 
আমাৰ ৰাজ্যখনত লক্ষ্মী পূজাৰ এক শক্তিশালী ইতিহাস আছে। লক্ষ্মী পূজাৰ অন্তনির্হিত অর্থ হৈছে ব্যক্তিৰ নৈতিক উন্নয়নৰ জৰিয়তে সমাজত স্থায়ী ধন-সম্পত্তি, শান্তি আৰু উন্নতি কঢ়িয়াই অনা। প্রাচীনকালত দেৱীৰ আশীৰ্বাদক কেৱল বাহ্যিক ধন-সম্পদৰ দৃষ্টিৰে চোৱা হোৱা নাছিল, গুণ আৰু জ্ঞানৰ বিকাশ সাধনত গুৰুত্ব দিয়া হৈছিল। অসমীয়া মানুহে ৰাজহুৱা স্থানৰ উপৰি নিজ গৃহত অতি আড়ম্বৰৰে লক্ষ্মী পূজা পালন কৰি আহিছে। লক্ষ্মী দেৱীৰ আশীৰ্বাদৰ জৰিয়তে সকলোৰে জীৱনত সুখ, শান্তি, ধন-সম্পদ আৰু মানসিক সমৃদ্ধি হওঁক, এয়াই হ'ল মূল আৱেদন।