বসিত জাৰ্গাৰ / শ্ৰীনগৰ
জম্মু-কাশ্মীৰৰ পাহাৰৰ ওখ শৃংগবোৰ শুভ্ৰ বৰফেৰে আৱৰি ধৰাৰ লগতে উপত্যকাৰ সমভূমি অঞ্চলত হোৱা অবিৰত বৰষুণে অঞ্চলটোত শীতৰ প্ৰভাৱ অধিক তীব্ৰতৰ কৰি তুলিছে, যেন অক্টোবৰ মাহেই শীতৰ আগমনৰ বতৰা কঢ়িয়াই আনিছে। প্ৰকৃতিয়ে এই নান্দনিক ৰূপেৰে ধীৰে ধীৰে সকলোকে শীতকালৰ অনুভৱ কৰোৱাইছে।
বতৰ বিশেষজ্ঞসকলে জনোৱা মতে, কুপৱাৰা আৰু ভাদেৰৱাহৰ উষ্ণতা প্ৰায় ১৬.০ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পোৱাৰ ফলত বতৰ সম্পূৰ্ণৰূপে জানুৱাৰী সদৃশ অনুভৱ হৈছে। জম্মু-কাশ্মীৰ উপত্যকাৰ অধিকাংশ অঞ্চলৰ সৰ্বোচ্চ উষ্ণতা স্বাভাৱিকতকৈ বহু নিম্ন আছিল। শ্ৰীনগৰত সৰ্বোচ্চ উষ্ণতা ১২.৫ ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিক ১৩.০ ডিগ্ৰী চেলছিয়াছৰ বহু তলত।
প্ৰতিনিধিত্বমূলক ছবি
গুৰ্জ অঞ্চলৰ বাসিন্দা আব্দুল ৰহিম ল'নে কয় যে, "পাহাৰৰ শৃংগবোৰ বৰফে আৱৰি ধৰিছে। উপত্যকাত বৰষুণ দি আছে আৰু ঠাণ্ডাৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পোৱাৰ বাবে সকলোৱে ঊলৰ গৰম কাপোৰ পৰিধান কৰাৰ উপৰিও খৰি জ্বলাবলগীয়াও হৈছে, আৰু এই জুইৰ উম লোৱাৰ বাবে চাৰিওফালে লোকসকল গোট খোৱাও পৰিলক্ষিত হৈছে।"
ৰাউৰ আৰু নদী-মোহনাল জিলাক সংযোগ কৰা প্ৰায় ১২,০০০ ফুট উচ্চতাত অৱস্থিত ৰাজডান টপত ২–৩ ইঞ্চি ডাঠ বৰফৰ তৰপ পৰিছিল। বিষয়াসকলে জনোৱা মতে, বৰফ পৰাৰ ফলত বান্দিপোৰা– গুৰ্জ পথৰ যাতায়ত সাময়িকভাৱে বন্ধ হৈ পৰিছে। স্থানীয় এজন এছডিএমে কয়, "আমি অহৰহ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। বতৰে ভাল হ'লেই লঘু বাহনসমূহ পথত যাত্ৰা কৰিবলৈ দিয়া হ'ব। কিন্তু প্ৰচণ্ড তুষাৰপাতৰ সময়ত মাহৰ পিছত মাহ ধৰি পথটো বন্ধ হৈ থাকে, যাৰ ফলত উপত্যকাৰ একমাত্ৰ পথটোৰ সংযোগ বিচ্ছিন্ন হৈ পৰে।"
সীমান্ত পথ সংস্থাই (BRO) নিয়মিতভাৱে বৰফ পৰিস্কাৰৰ বাবে গধুৰ যন্ত্ৰপাতি নিয়োগ কৰি আহিছে। কিন্তু ধুমুহা বতাহ আৰু পিছল ঢালে এই অভিযানসমূহ অধিক প্ৰত্যাহ্বানজনক কৰি তোলে। চলিত বৰ্ষৰ আৰম্ভণিতে হোৱা তুষাৰপাতে উপত্যকাটোৰ নান্দনিক সৌন্দৰ্য্য বৃদ্ধি কৰিছে যদিও জন জীৱনত ব্যাঘাত জন্মাইছে। দীঘলীয়া সময়ৰ বাবে শীতকালত সুচাৰুৰূপে কাম কৰাটো নিশ্চিত কৰিবলৈ প্ৰশাসনে অক্টোবৰ মাহলৈকে খাদ্য শস্য, ইন্ধন, ঔষধ আদি অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰি ৰাখে।
প্ৰতিনিধিত্বমূলক ছবি
ল'নে কয়, "যোৱা কেইবছৰমানৰ পৰা বতৰটো খুবেই নিষ্ঠুৰ হৈ পৰিছে। কেতিয়াবা গোটেই শীতকালটো শুকান, আৰু কেতিয়াবা ইমানেই বৰফ পৰে যে, বাহিৰলৈ যোৱাটো প্ৰায় অসম্ভৱ হৈ পৰে।"
কুপৱাৰাৰ সৰ্বোচ্চ উষ্ণতা ১০.৮ ডিগ্ৰী চেলছিয়াছ, যি ১৬.০ ডিগ্ৰী চেলছিয়াছৰ পৰা হ্ৰাস পাইছে। কাজিগুণ্ডত ১৩.৫ ডিগ্ৰী চেলছিয়াছ (১০.৬ ডিগ্ৰী চেলছিয়াছৰ পৰা হ্ৰাস), পাহালগামত ৯.২ ডিগ্ৰী চেলছিয়াছ (১৩.২ ডিগ্ৰী চেলছিয়াছৰ পৰা হ্ৰাস) আৰু কোকেৰনাগত ১২.১ ডিগ্ৰী চেলছিয়াছ (১১.৭ ডিগ্ৰী চেলছিয়াছৰ পৰা হ্ৰাস) ৰেকৰ্ড কৰা হৈছে। স্কি-ৰিজৰ্টৰ সুনাম থকা গুলমাৰ্গ অত্যন্ত ঠাণ্ডা ঠায় হৈয়ে আছে। সৰ্বোচ্চ উষ্ণতা আছিল মাত্ৰ ৪.৪ ডিগ্ৰী চেলছিয়াছ, যিটো ১২.১ ডিগ্ৰী চেলছিয়াছৰ পৰা হ্ৰাস পাইছে।
জম্মু অঞ্চলত বাণীহালত ১১.২ ডিগ্ৰী চেলছিয়াছ (১৫.৩ ডিগ্ৰী চেলছিয়াছৰ পৰা হ্ৰাস) আৰু জম্মু চহৰত ২১.৩ ডিগ্ৰী চেলছিয়াছ (১১.১ ডিগ্ৰী চেলছিয়াছৰ পৰা হ্ৰাস) ৰেকৰ্ড কৰা হৈছে। ইফালে ভাদেৰৱাহৰ তাপমাত্ৰা ১০.০ ডিগ্ৰী চেলছিয়াছ (১৬.১ ডিগ্ৰী চেলছিয়াছ হ্ৰাস), বাট’টে ১২.৬ ডিগ্ৰী চেলছিয়াছ (১২.৫ ডিগ্ৰী চেলছিয়াছ হ্ৰাস) আৰু কাট্ৰাত ১৮.০ ডিগ্ৰী চেলছিয়াছ (১১.১ ডিগ্ৰী চেলছিয়াছ হ্ৰাস)।
প্ৰতিনিধিত্বমূলক ছবি
খবৰ অনুসৰি, পীৰ কি গালি, ৰাজডান টপ, সাদনা পাছ, সিন্থান টপ, ডাকছুম, কংডোৰী, গুলমাৰ্গ, মিনিমাৰ্গকে ধৰি অঞ্চলটোৰ অন্যান্য অঞ্চলতো নতুনকৈ বৰফ পৰিছে। শ্ৰীনগৰকে ধৰি ভৈয়ামৰ ব্যাপক অঞ্চলবোৰত বহু বৰষুণ হৈছে। বতৰ বিজ্ঞান বিভাগে এক পূৰ্বাভাস প্ৰকাশ কৰি কয় যে, পিছদিনা অৰ্থাৎ মঙলবাৰলৈকে লঘুৰ পৰা মধ্যমীয়া বৰষুণ (উচ্চ অঞ্চলত লঘু বৰফ) হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত ৯ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ সাধাৰণতে শুকান বতৰৰ সম্ভাৱনা আছে।
চৰকাৰে ভূমিস্খলন আৰু শিল বৰষুণ হোৱাৰ সম্ভৱনাৰ বাবে কৃষকসকলক ৬ আৰু ৭ অক্টোবৰত কৃষি কাৰ্যকলাপ বন্ধ কৰিবলৈ পৰামৰ্শ দিছে। বিশেষকৈ উপত্যকা, চেনাব আৰু পীৰ পাঞ্জাল অঞ্চলত লঘুৰ পৰা মধ্যমীয়া বৰফ পৰাৰো সম্ভৱ আছে। কিছুমান ওখ অঞ্চলত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰফ পৰাও সম্ভৱ আছে।