নতুন দিল্লী
শতাধিক প্ৰতিযোগীক পৰাস্ত কৰি ৭৪ সংখ্যক মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰিছে মেক্সিকোৰ ফাতিমা বছে। এই প্ৰতিযোগিতাত থাইলেণ্ডৰ প্ৰবীনাৰ সিঙে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে। এই চূড়ান্ত সৌন্দৰ্য প্ৰতিযোগিতাখনত ৭৩ সংখ্যক মিছ ইউনিভাৰ্ছ ডেনমাৰ্কৰ ভিক্টোৰিয়া কেৰ থেইলভিগে বিজয়ী ফাতিমাক মুকুট পিন্ধায়। ২০২০ চনত আন্দ্ৰেয়া মেজাৰ পিছত পুনৰবাৰ মেক্সিকোলৈ গৌৰৱ কঢ়িয়াই আনিছে বছে।
জীৱ-জন্তুৰ প্ৰতি গভীৰ মমতা আৰু সহানুভূতিশীল মেক্সিকোৰ টাবাস্কোৰ ভিলাহেৰ্মোছাৰ বাসিন্দা ফাতিমা বছ ফাৰ্নাণ্ডেজৰ যাত্ৰা সহজ নাছিল। তেওঁক ডিছলেক্সিয়া, এডিএইচডি আৰু হাইপাৰেক্টিভিটি ৰোগত ভুগিছিল যদিও এই বাধাবোৰক নিজৰ আস্থা আৰু পৰিশ্ৰমক শক্তিৰূপে ব্যৱহাৰ কৰিছিল।
মেক্সিকো চহৰৰ ইউনিভাৰ্চিটি আইবেৰ’আমেৰিকানাত ফেশ্বন আৰু এপাৰেল ডিজাইনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ইটালীৰ মিলানৰ নুওভা একাডেমিয়া ডি বেলে আৰ্টিত (NABA Nuova Accademia di Belle Arti)ত অধ্যয়ন কৰে। বহনক্ষম ফেশ্বনৰ প্ৰতি তেওঁৰ আৱেগেৰে তেওঁ পুনঃব্যৱহাৰযোগ্য সামগ্ৰীৰে এনে নতুন শিল্প সৃষ্টি কৰিছে যিয়ে তেওঁক সম্পূৰ্ণ পৃথক পৰিচয় দিয়ে।
চূড়ান্ত প্ৰতিযোগিতাৰ পূৰ্বে মিছ ইউনিভাৰ্ছৰ পৰিচালক নাৱাট ইটছাৰাগ্ৰিচিলে মিছ মেক্সিকো ফাতিমা বছক চিঞৰি থকা এক ভিডিঅ’ৰ দৃশ্যই ব্যাপক বিতৰ্ক সৃষ্টি কৰিছিল। ইয়াৰ পিছতে সংস্থাটোৱে তৎক্ষণাৎ পদক্ষেপ লৈ তেওঁক প্ৰতিযোগিতাৰ পৰিচালনাৰ দ্বায়িত্বৰ পৰা আঁতৰাই দিয়ে। কিন্তু এই উত্তেজনাপূর্ণ পৰিস্থিতীয়ে ফাতিমাৰ যাত্ৰাক অলপো প্ৰভাৱিত পেলাব নোৱাৰিলে।