শান্তি প্ৰিয়া ৰয়চৌধুৰী
শেহতীয়াকৈ অসমৰ দলটোৱে বংগৰ বিৰুদ্ধে ৰঞ্জী মেচ খেলিবলৈ কল্যাণীলৈ গৈছিল। অসমৰ দৰে দুৰ্বল দল এটাত এনে এজন খেলুৱৈ আছিল, যিয়ে সকলোৰে চকু কপালত তুলিব পাৰিছিল। তেওঁ আছিল অসমৰ পেচ তাৰকা বেগী বলাৰ মুখতাৰ হুছেইন, যিয়ে প্ৰতি ঘণ্টাত ১৪০ কিলোমিটাৰ বেগেৰে বলিং কৰিছিল।
এইবাৰ অসম দলৰ এইজন ক্ৰিকেটাৰক লৈ ক্ৰিকেট বিশেষজ্ঞসকলৰ মাজত বিশেষ চর্চা হৈছিল। কল্যাণীত তেওঁ বংগৰ বিৰুদ্ধে মাত্ৰ এটা ইনিংছত বল কৰাৰ সুযোগ পাইছিল। তেওঁ নিয়ন্ত্ৰিত বলিং কৰি ৩১ অভাৰত ৯৯ ৰানত ২ উইকেট দখল কৰিবলৈ সক্ষম হয়। ইয়াৰে এজন বিশেষজ্ঞ বিচিচিআইৰ প্ৰাক্তন সভাপতি তথা কেবৰ সভাপতি সৌৰভ গাংগুলীয়ে মুখতাৰৰ বলিঙৰ প্ৰদৰ্শন দেখাৰ পিছত কয় যে, “যদি তেওঁ সঠিক যত্ন লয়, তেন্তে বলাৰগৰাকীয়ে ভৱিষ্যতে ভাৰতীয় দলৰ বাবে এক সম্পদ হ’ব পাৰে।”
খেলৰ মুহূৰ্তত মুখতাৰ হুছেইন
উল্লেখযোগ্য যে, কিছু মাহ পূৰ্বেও বিচিচিআইৰ দৃষ্টি আকৰ্ষণ কৰিছিল মুখতাৰ হুছেইনে। পূব অঞ্চলৰ আকাশ দীপ ইঞ্জিঅ’ৰ ঠাইত অসমৰ ডিব্ৰুগড়ৰ পৰা ঘণ্টাত ১৪০ কিলোমিটাৰ স্পীডষ্টাৰ ২৫ বছৰীয়া মুখতাৰ হুছেইনে পূব অঞ্চলৰ হৈ দুলীপ ট্ৰফীত খেলাৰ সুযোগ লাভ কৰে। তেওঁ দুলীপ ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত উত্তৰ অঞ্চলৰ বিৰুদ্ধে পূব অঞ্চলৰ হৈ খেলিছিল। যদিও তেওঁ এটাও উইকেট নাপালে, তথাপিও তেওঁৰ নিয়ন্ত্ৰিত বলিঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সেই প্ৰদৰ্শনেৰে তেওঁ নিৰ্বাচকসকলৰ চকু কপালত তুলিছে। যদি তেওঁ নিজৰ প্ৰদৰ্শন উন্নত কৰিব পাৰে, তেন্তে ভৱিষ্যতে ভাৰতীয় দলত প্ৰৱেশৰ সুযোগো পাব পাৰে।
তেওঁ কিয় বিশেষ ?
২০১৭-১৮ বৰ্ষৰ কুচ বিহাৰ ট্ৰফীত ১৭.৮৮ গড়ে ৩৫ টা উইকেটৰে শিৰোনাম দখল কৰিছিল মুখতাৰ হুছেইনে। তাৰ পিছত ২০১৮ চনৰ বিজয় হাজাৰে ট্ৰফীত লিষ্ট এত অভিষেক ঘটায় আৰু ৰঞ্জি ট্ৰফীত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই প্ৰথম ছিজনত ৪০ টা উইকেট দখল কৰে। ঝাৰখণ্ড, ত্ৰিপুৰা, জম্মু-কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ বিৰুদ্ধে তেওঁৰ বলিং প্ৰদৰ্শন স্মৰণীয়।
এতিয়ালৈকে মুখতাৰে ৪৬ খন প্ৰথম শ্ৰেণীৰ মেচত ১৪০ টা উইকেট দখল কৰিছে, য’ত ৬ খনত ৫টা উইকেট আছে। লিষ্ট এত তেওঁৰ ৫২ টা আৰু টি-২০ত ৩৯ টা উইকেট আছে। তেওঁৰ লাইন-লেংথ আৰু ধাৰাবাহিক গতিবেগে তেওঁক অইনসকলৰ পৰা পৃথক কৰি তুলিছে।