প্ৰায় ১৬ বছৰৰ পাছত শীতকালত অনুষ্ঠিত হব এইবছৰৰ ৰমজান

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
অৰ্চলা খান / নতুন দিল্লী
 
ৰজব মাহৰ আৰম্ভণিৰ লগে লগে এক আধ্যাত্মিকৰ পৰিৱেশে গঢ় লৈ উঠে। ইছলামিক পঞ্জিকা অনুসৰি ২০২৬ চনৰ ৰমজান শীতকালত অনুষ্ঠিত হ'ব। উপবাস, উপাসনা আৰু আত্মসংযমৰ এই মাহে এইবাৰ মুছলমানসকলক বিশেষভাৱে সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।  
 
২০২৬ চনৰ ৰমজানৰ আৰম্ভণি ১৮ ফেব্ৰুৱাৰী বুধবাৰৰ পৰা হ’ব আৰু ১৯ মাৰ্চ বৃহস্পতিবাৰে ইয়াৰ অন্ত পৰিব আৰু ২০ বা ২১ মাৰ্চত ঈদ-ঊল-ফিটৰ উদযাপন কৰাৰ লগতে ইয়াৰ সামৰণি পৰিব। যি আকাশত জোন দেখাৰ ওপৰত নিৰ্ভৰ কৰি সঠিক তাৰিখ নিৰ্ধাৰণ কৰা হ’ব। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
মুছলমানসকলৰ বাবে ৰমজান হৈছে এক মাহজোৰা উদযাপন। যি ইছলামিক চন্দ্ৰ কেলেণ্ডাৰ অনুসৰণ কৰি এই মাহত সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে দৈনিক উপবাস, উপাসনা, দান আৰু আধ্যাত্মিক চিন্তা-চৰ্চা কৰা হয়। ৰমজানৰ মাহটো হৈছে আধ্যাত্মিক বৃদ্ধি, বৰ্ধিত ভক্তি আৰু উপাসনাৰ বাবে উৎসৰ্গিত এক সময়। 
 
ৰমজানত মুছলমানসকলে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে ৰোজা পালন কৰে। ৰোজা পালন কৰা লোকসকলে দিনৰ পোহৰৰ সময়ত খাদ্য, মদ্যপান, ধূমপান আদিৰ পৰা বিৰত থাকে। ছাউম নামেৰে জনাজাত এই ৰোজা ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম এটা বুলি গণ্য কৰা হয় আৰু ইয়াৰ উদ্দেশ্য হৈছে মুছলমানসকলক ঈশ্বৰৰ অধিক ওচৰলৈ লৈ যোৱা আৰু কম সৌভাগ্যৱান লোকসকলৰ দুখ-কষ্টৰ কথা সোঁৱৰাই দিয়া।  
 
ৰমজানৰ প্ৰাৰম্ভিক সময়ছোৱাত ভাৰতকে ধৰি বহু দেশৰ উপবাসকাৰীসকলে যথেষ্ট সকাহ লাভ কৰিব, কিয়নো তেওঁলোকে শীতল ফেব্ৰুৱাৰী মাহত পুৱাৰ ভাগত সোনকালেই আহাৰ গ্ৰহণ কৰি ৰোজা পালন কৰিব আৰু সন্ধিয়াৰ ভাগতো সোনকালে আহাৰ গ্ৰহণ কৰি উপবাস ভংগ কৰিব পাৰিব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
২০০৯-২০১০ চনত শেষবাৰৰ বাবে শীতকালত ৰমজান আৰম্ভ হৈছিল। তেতিয়াৰে পৰা প্ৰতি বছৰে ৰমজান ইছলামিক কেলেণ্ডাৰ অনুসৰি ১০-১১ দিন আগলৈ স্থানান্তৰিত হৈ আহিছে আৰু বিগত কেইবা বছৰ ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে তীব্ৰ গৰম আৰু দীঘলীয়া দিনত ৰোজা পালন কৰি আহিছে। যি ২০২৬ চনত সলনি হ'ব। 
 
বতৰৰ ফালৰ পৰা উত্তৰ ভাৰতত ৰোজাৰ প্ৰথম দিনটোত তাপমাত্ৰা ১০ৰ পৰা ২০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ আদি ৰাজ্যত পুৱা আৰু নিশা মৃদু ঠাণ্ডা হোৱাৰ সম্ভাৱনা আছে। আনহাতে দিনৰ ভাগৰ বতৰ সুখদায়ক হৈ থাকিব। দক্ষিণ ভাৰতত তাপমাত্ৰা অলপ বেছি হ’ব পাৰে, যদিও গৰম অতিমাত্ৰা নহয় বুলি আশা কৰা হৈছে। মুঠৰ ওপৰত ৰমজান ২০২৬ৰ ৰোজা পালন কৰা লোকসকলৰ বাবে অনুকূল হ’ব বুলি আশা কৰা হৈছে।  
 
যিহেতু এইবাৰ ৰমজান শীতকালত আৰম্ভ হব, সেয়েহে উপবাসৰ সময়ও তুলনামূলকভাৱে কম হ'ব। ফেব্ৰুৱাৰী মাহত দিনৰ সময় কম হোৱাৰ বাবে উপবাসৰ সময় প্ৰায় ১১-১২ ঘন্টা হ'ব বুলি আশা কৰা হৈছে, যিটো গ্ৰীষ্মকালত ১৫-১৬ ঘন্টা হব বুলি ধৰা হয়। এই কম উপবাসৰ সময়সীমাই বৃদ্ধ, মহিলা আৰু কৰ্মৰত ব্যক্তিৰ বাবে বিশেষভাৱে সহায়ক হ’ব বুলি আশা কৰা হৈছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
ৰজবমাহৰৰ জোন দেখাৰ লগে লগে মছজিদসমূহত এক আধ্যাত্মিক পৰিবেশৰ আৰম্ভ হয়। বহু ঠাইত, স্বেচ্ছামূলক উপবাস, দোৱা আৰু উপাসনাৰ সঘনাই বৃদ্ধি পায়। ইছলামিক পণ্ডিতসকলে কয় যে, ৰজব হৈছে আত্মনিৰীক্ষণ আৰু প্ৰস্তুতিৰ মাহ, শ্বাৱন হৈছে অনুশীলনৰ মাহ আৰু ৰমজান হৈছে নামাজ আৰু ধৈৰ্য্যৰ শীৰ্ষ সময়। সকলোৰে মনোযোগ এতিয়া শ্বাৱন মাহৰ জোন দেখাৰ ওপৰত কেন্দ্ৰিত হৈ আছে, যিয়ে ৰমজানৰ আৰম্ভণিৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰিব।