শ্ৰীলথা এম
"ৰাজনীতি কেৱল ক্ষমতাৰ ক্ষেত্ৰ নহয়, ই এক সেৱাৰো মঞ্চ" এই কথাক বাস্তৱত প্ৰতিপন্ন কৰিছে ফাতিমা মুজাফ্ফৰ আহমেদে। সামাজিক ন্যায়, সমতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ স্বপ্ন লৈ ৰাজনীতিত প্ৰৱেশ কৰা ফাতিমা মুজাফ্ফৰ আহমেদে আজি তামিলনাডুৰ ৰাজনীতি ক্ষেত্ৰত নাৰী নেতৃত্বৰ এগৰাকী শক্তিশালী কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছে।
ফাতিমা মুজাফ্ফৰ আহমেদ হৈছে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ (আইইউএমএল) একমাত্ৰ প্ৰাৰ্থী, যিগৰাকীয়ে ২০২২ চনৰ তামিলনাডুৰ স্থানীয় সংস্থাৰ নিৰ্বাচনত চেন্নাই নিগমত আসন লাভ কৰিছিল। তেওঁ সেই নিৰ্বাচনত সমগ্ৰ ৰাজ্যজুৰি নিৰ্বাচিত হোৱা মাত্ৰ ছয়গৰাকী মুছলমান মহিলা কাউন্সিলৰৰ ভিতৰত অন্যতম এগৰাকী আছিল।
ৰাজনৈতিক পৰিয়ালৰ পৰা অহা বাবে বহু লোকে তেওঁৰ বিজয়ত আচৰিত হোৱা নাছিল যদিও ফাতিমাই কয় যে, তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত একমাত্ৰ তেওঁৰ নিজৰ আছিল।
তামিলনাডু হাজ চাৰ্ভিচ ছ’চাইটি চেন্নাইত ফাতিমা মুজাফ্ফৰ আহমেদ
তেওঁৰ পিতৃ এ কে আব্দুল ছামুদ আই ইউ এম এলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল। তেওঁ লোকসভাত দুবাৰ আৰু ৰাজ্যসভাত দুবাৰকৈ ভেলুৰক প্ৰতিনিধিত্ব কৰিছিল। ফাতিমাই গৌৰৱেৰে স্মৰণ কৰি কয় যে, তেওঁ হাৰ্বাৰ সমষ্টিৰ পৰা এগৰাকী কাউন্সিলাৰ হিচাপে তেওঁ নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ তেওঁক এজন প্ৰগতিশীল নেতা হিচাপে উল্লেখ কৰে, যিয়ে সমগ্ৰ পৰিয়ালক অনুপ্ৰাণিত কৰিছিল।
ফাতিমাই তেওঁৰ ককাকৰ বিষয়েও উল্লেখ কৰিছে, যি এগৰাকী মৌলানা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ তামিলনাডুৰ খিলাফত আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু কোৰাণক তামিল ভাষালৈ অনুবাদ কৰা প্ৰথমগৰাকী ব্যক্তি আছিল। তেওঁ কয়, "এই কামটোৰ বাবে সেই সময়ত তীব্ৰ ক্ষোভ আৰুসমালোচনাৰ সন্মুখীন হৈছিল মোৰ ককা, কিন্তু মোৰ ককাই বিশ্বাস কৰিছিল যে, সাধাৰণ মুছলমান লোকসকলে কোৰাণক তেওঁলোকৰ নিজৰ ভাষাত বুজিব পৰা হওঁক।"
এই অনুবাদক ফাতিমাই কোৰাণৰ প্ৰথমটো বৃহৎ তামিল সংস্কৰণ বুলি বৰ্ণনা কৰি কয়, "আজিও মানুহে ইয়াক পঢ়ি আছে। বহু মৌলানাই কোৰাণৰ অনুবাদৰ ধাৰণাটোৰ বিৰোধিতা কৰিছিল, তেওঁলোকে বিশ্বাস কৰিছিল যে, ই কেৱল ইয়াৰ মূল ভাষাতহে থাকিব লাগে। কিন্তু মোৰ ককাই সাধাৰণ মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি ২৬ বছৰ ধৰি অনুবাদ সম্পূৰ্ণ কৰিছিল।"
এক অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত ফাতিমা মুজাফ্ফাৰ আহমেদ
যদিও ফাতিমাৰ পিতৃ এজন সুপৰিচিত ৰাজনীতিবিদ আছিল, তথাপিও তেওঁৰ পাঁচজন ভাই-ভনীৰ ভিতৰত ফাতিমা একমাত্ৰ আছিল, যিয়ে ৰাজনীতিত প্ৰৱেশ কৰিছে। তেওঁ কনিষ্ঠ আছিল আৰু তেওঁৰ আন চাৰিজন ভাই-ভনীৰ ভিতৰত তিনিজনে পুৰুষ আছিল। তেওঁ কয় যে, "মোৰ পৰিয়ালত কোনো লিংগ বৈষম্য নাছিল, কিয়নো মোৰ মা-দেউতাই পুত্ৰ-কন্যাক সমান ব্যৱহাৰ কৰিছিল। মই স্কুলত ৰাজহুৱা ভাষণ দিয়াত ভাল আছিলোঁ আৰু এগৰাকী সমাজ কৰ্মীও আছিলোঁ। কলেজত এগৰাকী ছাত্ৰ সন্থাৰ নেত্ৰী হোৱাৰ পৰা আই ইউ এম এলৰ মহিলা শাখাত নেতৃত্বৰ পদত অধিষ্ঠিত হোৱালৈকে মোৰ ৰাজনৈতিক যাত্ৰা সুচাৰুৰূপে আগবাঢ়িছিল।"
তেওঁ কয় যে, ২০২২ চনৰ নিৰ্বাচনত তেওঁ বৃহৎ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল আৰু চেন্নাই নিগমত নিৰ্বাচিত হোৱা একমাত্ৰ আই ইউ এম এল কাউন্সিলৰ আছিল। তেওঁ বৰ্তমান চেন্নাই নিগমৰ শিক্ষা বিষয়ক স্থায়ী সমিতিৰ সদস্য। তেওঁক তৃতীয় কাৰ্যকালৰ বাবে ৱাকফ বোৰ্ড আৰু হজ কমিটীলৈ মনোনীত কৰা হৈছে। ইয়াৰ উপৰিও, তেওঁ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব'ৰ্ড (এআইএমপিএলবি) ৰ কাৰ্যবাহী সমিতিত কাৰ্যনিৰ্বাহ কৰি আছে।
এ আই এম পি এল বি কমিটীখনত ৪০ জন সদস্য আছে, ইয়াৰে মাত্ৰ ৬ জনহে মহিলা। ফাতিমা আৰু আন এগৰাকী মহিলাই তামিলনাডুক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ কয়, এই ভূমিকাই মই মোৰ ৰাজ্যৰ মহিলাসকলে এআইএমপিএলবিত আলোচনাৰ বাবে আহিলে বিভিন্ন ব্যক্তিগত আইন বিষয়ত তেওঁলোকৰ মতামত প্ৰকাশ কৰিব পাৰো।"
ফাতিমা মুজাফ্ফৰ আহমেদ
সম্প্ৰদায়সমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা বিভাজনক লৈ ফাতিমাই উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে, ইচ্ছাকৃতভাৱে মেৰুকৰণ কৰি কাহিনী সৃষ্টি ইছলামোফ’বিয়াক প্ৰচাৰ কৰা হৈছে। যদিও আই ইউ এম এলে ধৰ্মনিৰপেক্ষ পথ অনুসৰণ কৰিবলৈ চেষ্টা কৰে, তথাপিও তেওঁ অনুভৱ কৰে যে আজিৰ বহু যুৱক-যুৱতীয়ে সন্ত্ৰাসৰ মাজত ডাঙৰ-দীঘল হৈ আ ছে।
কেৰালাৰ আই ইউ এম এলৰ নেতা তথা সুপৰিচিত লেখক ছাদিক আলী থাংগলৰ পৰা তেওঁ প্ৰেৰণা লাভ কৰে, যাক তেওঁ ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক হিচাপে গণ্য কৰি আহিছে। তেওঁৰ ব্ৰীজিং কমিউনিটিজ, বিল্ডিং ডেম’ক্ৰেচিজ নামৰ কিতাপখনে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে।
ফাতিমাই কয় যে, তামিলনাডু বৰ্তমান মুছলমানসকলৰ বাবে অন্যতম সুৰক্ষিত ৰাজ্য। আমাৰ এটা দ্ৰাবিড় মডেল আছে, য’ত সকলো নাগৰিককে হিন্দু বা মুছলমান হিচাপে নহয়, তামিল পৰিচয়ৰ সন্তান হিচাপে গণ্য কৰে। তেওঁৰ মতে, এই ঐক্যই তামিলনাডুক বহু ক্ষেত্ৰত আন ৰাজ্যতকৈ ভাল প্ৰদৰ্শন কৰাত সহায় কৰিছে। তেওঁ কয়, "আমাৰ ৰাজ্যখনৰ জনমূৰি আয় দেশৰ ভিতৰতে সৰ্বাধিক আৰু ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দিশত আগবাঢ়িছে।"
এক অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত ফাতিমা মুজাফ্ফাৰ আহমেদ
ফাতিমাৰ ব্যক্তিগত লক্ষ্যসমূহ সামাজিক বিকাশৰ ওপৰত কেন্দ্ৰীভূত। তেওঁ সমাজৰ দৰিদ্ৰ, পিছপৰা, অশিক্ষিত আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক সবলীকৰণ কৰিব বিচাৰে। তেওঁ সমতা, বৈচিত্ৰতাৰ মাজত একতা, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু বিশ্ব শান্তি প্ৰচাৰ কৰাৰ লক্ষ্য লৈছে। তেওঁ কয়, "এগৰাকী কাউন্সিলৰ হিচাপে আৰু বিভিন্ন সংগঠনৰ সদস্য হিচাপে মোৰ ভূমিকা ধৰ্মৰ বিভিন্ন প্ৰান্তত অৱস্থিত জনগোষ্ঠীসমূহক সহায় কৰা। কিয়নো দৰিদ্ৰতা ধৰ্মৰ ওপৰত নিৰ্ভৰ নকৰে।"
সামাজিক কামৰ বাবে মাদাৰ টেৰেছা বিশ্ববিদ্যালয়ৰ পৰা সামাজিক কৰ্মৰ সন্মানীয় ডক্টৰেট আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা জীৱনজোৰা সাধনা বঁটালৈ তেওঁ কেইবাটাও বঁটা লাভ কৰিছে।
ফাতিমাই সামাজিক আৰু ৰাজনৈতিক বিষয়ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি হিচাপে ২৫ খন দেশ ভ্ৰমণ কৰিছে। শেহতীয়াকৈ, তেওঁ আবু ধাবিত বিশ্ব মহিলা সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গৈছিল। ইয়াৰ পূৰ্বে, তেওঁ চেন্নাইত থকা মাৰ্কিন কনচুলেটৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এক সন্মিলনত অংশগ্ৰহণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল, য'ত তেওঁ সন্ত্ৰাসবাদ আৰু নিৰাপত্তাৰ ওপৰত ভাষণ প্ৰদান কৰিছিল।
তেওঁৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ বিষয়ে সোধাত ফাতিমাই কয় যে, মোৰ সপোন হৈছে তামিলনাডুৰ উন্নয়নত অৰ্থপূৰ্ণভাৱে অৰিহণা আগবঢ়োৱা।