খনক যোশী, যিয়ে সংগীতৰ জৰিয়তে গঢ়িছে সমন্বয়ৰ সেতু

Story by  atv | Posted by  Munni Begum • 1 d ago
খনক যোশী
খনক যোশী
 
বিগত ২০২৫ বৰ্ষটো দেশৰ বাবে বহু ক্ষেত্ৰত তিক্ততাৰে ভৰা আছিল। ধৰ্ম আৰু জাতিৰ নামত সমাজৰ তন্ত্ৰত যি ফাঁট মেলা দেখিবলৈ পোৱা গৈছিল, সেই ফাঁটবোৰে প্ৰতিটো সংবেদনশীল মনক অস্থিৰ কৰি তুলিছিল। এনে সময়ত নতুন বছৰ অৰ্থাৎ ২০২৬ৰ আগমনে এক আশা কঢ়িয়াই আনে— এয়ে আশা যে অনাগত সময়ত ঘৃণা নহয়, প্ৰেমৰ ভাষাৰে কথা ক’ব; দেৱাল নহয় সেতু নিৰ্মাণ কৰিব। এই মনোভাৱেৰে 'আৱাজ-দ্য ভইচ'-এ নতুন বছৰৰ প্ৰথম দিনাই সমন্বয়, মানৱীয় অনুভূতি আৰু হৃদয়ৰ শুদ্ধিকৰণৰ দুটা এনে কাহিনী পাঠকৰ সন্মুখলৈ আনিছে যিয়ে মনলৈ প্ৰশান্তি আনি দিয়ে। প্ৰথম কাহিনীটো নিজৰ সুৰৰ যোগেদি মানৱতাৰ বাৰ্তা বিয়পাই দিয়া খনক যোশীৰ আৰু দ্বিতীয়টো মহম্মদ ছুজাতুল্লাৰ, দুয়ো বিভিন্ন ক্ষেত্ৰত সক্ৰিয়, কিন্তু দুয়ো লক্ষ্য একেটাই, সেয়া হ’ল- মানুহৰ ভিতৰত জমা হোৱা ঘৃণাৰ তৰপবোৰ আঁতৰোৱা।
 
— মুখ্য সম্পাদক
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী
 
দেশৰ প্ৰখ্যাত জ্যোতিষী ৰাজেশ যোশীক যেতিয়াই তেওঁৰ কন্যা খনক যোশীৰ বিষয়ে সোধা হয় তেতিয়াই তেওঁৰ দুচকুত গৰ্ব আৰু প্ৰশান্তিৰ হাঁহি বিয়পি পৰা দেখিবলৈ পোৱা যায়। তেওঁ আগ্ৰহেৰে তথা বিশদভাৱে খনকৰ কাহিনী বৰ্ণনা কৰে, যিটো সাধাৰণ পাৰিবাৰিক সিদ্ধান্তৰ পৰা আৰম্ভ হৈছিল আৰু আজি সম্প্ৰীতি আৰু চুফী পৰম্পৰাৰ এক অনন্য নিদৰ্শন হৈ পৰিছে।
 
ৰাজেশ যোশীয়ে কয় যে, যেতিয়া খনক বহুত সৰু আছিল, তেতিয়াই তেওঁৰ ভিতৰত সংগীতৰ প্ৰতি এক স্বাভাৱিক আত্মীয়তা দেখিবলৈ পোৱা গৈছিল। তেওঁৰ কণ্ঠত আছিল এক অনন্য মিঠা আমেজ আৰু আছিল সুৰ কৰাৰ জন্মগত ক্ষমতা। এইবোৰ দেখি দেউতাকে খনকক সংগীতৰ আনুষ্ঠানিক শিক্ষা দিয়াৰ কথা ভাবে। ওচৰৰ সংগীত বিদ্যালয় এখনত নামভৰ্তি কৰি দিয়ে। খনকে বহুদিন গায়কী আৰু সংগীতৰ প্ৰশিক্ষণ লয়। কিন্তু তেওঁৰ দেউতাকৰ মনত এনে লাগিছিল যে, এই পথটো খনকৰ প্ৰকৃত লক্ষ্য নহয়।
 
খনক যোশী
 
এই অনুসন্ধানৰ সময়ত তেওঁ চুফী সংগীতৰ ধাৰণাটো নিজৰ মাজত ধাৰণ কৰিছিল— এয়া এনে এক সংগীত যি ধৰ্মৰ সীমা ভেদি মানুহৰ হৃদয়ৰ সৈতে কথা পাতে। কিন্তু চুফী সংগীত কেৱল সুৰৰ অনুশীলন নহয়; ইয়াৰ লগত উৰ্দু আৰু পাৰ্চী ভাষাৰ গভীৰতা, তেওঁলোকৰ শব্দৰ আত্মা আৰু উচ্চাৰণৰ বিশুদ্ধতাও জড়িত হৈ আছে। এইটোৱেই আছিল সেই টাৰ্নিং পইণ্ট য’ত এটা হিন্দু পৰিয়ালে, নিঃসংকোচে নিজৰ ছোৱালীজনীক মাদ্ৰাছালৈ পঠিয়াবলৈ সিদ্ধান্ত লৈছিল।
 
খনকে বোৰ্খা পৰিধান কৰি মাদ্ৰাছাত অধ্যয়ন কৰা আৰম্ভ কৰে। এয়া কোনো হেঁচা বা সামাজিক ভয়ৰ বাবে কৰা হোৱা নাছিল, তাত অধ্যয়ন কৰা আন ছোৱালীবোৰৰ পৰা তেওঁক যাতে বেলেগ দৃষ্টিৰে নাচায় বা কাকো অস্বস্তিত নেপেলায়, তাৰ বাবে এনে কৰা হৈছিল। মাদ্ৰাছাত তেওঁ উৰ্দু আৰু পাৰ্চী ভাষা শিকিছিল, সেই ভাষাবোৰৰ ভিতৰত লুকাই থকা সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য তেওঁ বুজি পাইছিল। আজি খনকে পাৰ্চী ভাষাত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ লগতে এখন জনপ্ৰিয় পাৰ্চী গ্ৰন্থও অনুবাদ কৰিছে। পাৰ্চী ভাষাত তেওঁৰ দক্ষতা দেখি ইৰানৰ মানুহে তেওঁক কিতাপ উপহাৰ দিছে। কিন্তু এই সকলোবোৰ সাফল্যৰ বাহিৰেও খনক যোশী দেশৰ এজন প্ৰখ্যাত চুফী গায়িকা আৰু নোহাখানিত পৰিচিত এক নাম হৈ পৰিছে। 
 
খনক মহাৰাষ্ট্ৰৰ শিৰডীত জন্মগ্ৰহণ কৰিছিল যদিও তেওঁৰ শিপা দিল্লীৰ দৰিয়াগঞ্জৰ সৈতে সম্পৰ্কিত। তেওঁৰ পিতৃ আৰু ককাক দুয়ো জ্যোতিষশাস্ত্ৰৰ ক্ষেত্ৰত বিখ্যাত আছিল। মাতৃ কোমল যোশীৰ মতে, পৰিয়ালটোত সদায় আধ্যাত্মিকতা আৰু ধৰ্মীয় সহাৱস্থানৰ পৰম্পৰা আছে। খনকে বেংগালুৰুৰ গ্ল’বেল চিটি ইণ্টাৰনেচনেল স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু তাতেই দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰে।
 
 
ৰাজেশ যোশীয়ে তেওঁৰ লালন-পালনৰ কথা মনত পেলাই কয় যে তেওঁৰ শৈশৱ হিন্দু-মুছলমান ভাতৃত্ববোধৰ এক নিদৰ্শন। দৰিয়াগঞ্জত তেওঁলোকৰ ঘৰ যিটো ৰাস্তাত আছিল, সেই ৰাস্তাটোৰ এফালে হিন্দু পৰিয়ালৰ ঘৰ আৰু আনটো ফালে মুছলমান পৰিয়ালৰ ঘৰ আছিল। কিন্তু ধৰ্মৰ বাবে কেতিয়াও কোনো সংঘৰ্ষ হোৱা নাছিল। খনক এই পৰিৱেশতেই ডাঙৰ হৈছিল। তেওঁ হাঁহি হাঁহি কয় যে খনক যেতিয়া বোৰ্খা পিন্ধি মাদ্ৰাছালৈ গৈছিল, তেতিয়া মাকে ধেমালি কৰি কৈছিল, "কিছুদিন পিছত তুমি তোমাৰ নামৰ পৰা 'যোশী' আঁতৰাই খান ব্যৱহাৰ কৰা আৰম্ভ কৰিবা।"
 
খনকৰ পৰিচয় কেৱল উৰ্দু আৰু পাৰ্চী ভাষা শিকা বা মাদ্ৰাছাত অধ্যয়ন কৰাৰ মাজতে সীমাবদ্ধ নাছিল। সংগীত জগতত শংকৰ মহাদেৱনৰ দৰে কিংবদন্তি শিল্পীৰ পৰা তেওঁ আশীৰ্বাদ লাভ কৰিছিল। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত, চুফী সংগীত, ভজন, কাৱালী, গজলকে ধৰি প্ৰতিটো ধাৰাত তেওঁ দক্ষতা অৰ্জন কৰিছিল। পণ্ডিত হৰিকিষণ পাহোৱা, ওস্তাদ গুলাম মুৰ্তুজা খান নিয়াজি, ওস্তাদ তনবীৰ আহমেদ খানৰ দৰে গুৰুৰ পৰা সংগীতৰ সূক্ষ্ম বিষয়সমূহ শিকিছিল।
 
তিনি বছৰ বয়সৰ পৰা সংগীত শিকি অহা খনকে আন্তঃবিদ্যালয়, চহৰ পৰ্যায় আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসংখ্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনৰ পৰা আৰম্ভ কৰি ভাৰত আৰু বিদেশৰ অসংখ্য প্লেটফৰ্মলৈকে তেওঁৰ কণ্ঠৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি আহিছে। শংকৰ মহাদেৱন একাডেমীৰ উদ্যোগত আয়োজিত ৱৰ্ল্ডৱাইড টেলেণ্ট হাণ্ট প্ৰতিযোগিতাত বিজয়ী হোৱাৰ বাবে তেওঁ কেৱল বৃত্তি লাভ কৰাই নহয়, বিনামূলীয়া সংগীতৰ পাঠ লাভ কৰাৰ সুযোগো লাভ কৰে।
 
খনকৰ আটাইতকৈ সুকীয়া বৈশিষ্ট্য হ’ল দেৱ-দেৱীৰ প্ৰতি থকা বিশ্বাসৰ সমান্তৰালকৈ তেওঁ হজৰত মহম্মদকো সমান ভক্তিৰে শ্ৰদ্ধা কৰে। তেওঁ যিমান আৱেগেৰে ভজন গায় সিমানেই কাৱালী আৰু নোহাখানি গায়। তেওঁৰ দেউতাকে কয় যে নোহাখানি গান গাই থাকোঁতে হজৰত হাছান আৰু হজৰত হুছেইন কেনেদৰে খনকৰ হৃদয়ত প্ৰৱেশ কৰিছিল তাই গমেই পোৱা নাছিল।
 
 
খনক যেতিয়াই ইমাম হুছেইন আৰু হজৰত আলীৰ স্মৃতিত নোহাখানি গান গাবলৈ নিমন্ত্ৰণ কৰা হয়, তেতিয়াই তেওঁ ভ্ৰমণ খৰচৰ বাহিৰে কোনো পাৰিশ্ৰমিক নলয়। তেওঁৰ বাবে এয়া কোনো মঞ্চ প্ৰদৰ্শন নহয়, বৰং এক প্ৰাৰ্থনা, মানৱতাৰ প্ৰতি উৎসৰ্গিত এক প্ৰাৰ্থনা। ধৰ্ম আৰু জাতিৰ নামত সমাজ বিভাজনমুখী হোৱাৰ সময়তে খনক যোশীৰ কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে সংগীত, ভাষা, সহানুভূতিৰ কোনো সীমা নাই। তেওঁ সংগীতৰ জৰিয়তে 'হৃদয়ক একত্ৰিত কৰা’ৰ দৰে যি কাম কৰি আছে, সেয়া ডাঙৰ ডাঙৰ বক্তৃতা আৰু শ্ল’গানেও কৰিব নোৱাৰে।
 
নতুন বছৰ ২০২৬ৰ আৰম্ভণিতে খনক যোশীৰ কাহিনী কেৱল এগৰাকী শিল্পীৰ সফলতাৰ কাহিনী নহয়, বৰং এনে এখন ভাৰতৰ আভাস য’ত বৈচিত্ৰ সংঘাত নহয়, শক্তিত পৰিণত হয়; য'ত মাদ্ৰাছা আৰু মন্দিৰ, ভজন আৰু কাৱালীয়ে একেলগে মানৱতাৰ গান গায়। এয়াই প্ৰত্যাশা- যাৰ সহায়ত নতুন বছৰটো অতি উত্তম আৰু অধিক মানৱীয় হ’ব পাৰে।