৭০ বছৰীয়া মুছলমান দোকানীক দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা দীপকক সহায়ৰ হাত আগবঢ়ালে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই

Story by  atv | Posted by  Munni Begum • 1 h ago
মুছলমান দোকানীক দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা দীপক
মুছলমান দোকানীক দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা দীপক
 
আৱাজ - দ্য ভইচ ব্যুৰ’
 
কোটদ্ৰৱাৰত থকা 'মহম্মদ' দীপকৰ জিমটোৰ সদস্য সংখ্যা আৰু উপাৰ্জন কমি যোৱাৰ পিছত জিমটোক বচাই ৰাখিবলৈ আইনী ক্ষেত্ৰখন আগবাঢ়ি আহিছে। 'দ্য ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে দীপক কুমাৰৰ জিমৰ সদস্য সংখ্যা ১৫০ জনৰ পৰা হ্ৰাস পাই মাত্ৰ ১৫ জন হৈছিলগৈ। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ ১৫ জন জ্যেষ্ঠ অধিবক্তা দীপকৰ জীৱিকা সুৰক্ষিত কৰিবলৈ সহায় কৰিবলৈ আগবাঢ়ি আহে।
 
উল্লেখ্য যে যোৱা ২৬ জানুৱাৰীত ৩৮ বছৰীয়া দীপকে এদল লোকৰ বিৰুদ্ধে থিয় দিছিল, যিসকলে পাৰ্কিনচন ৰোগত আক্ৰান্ত ৭০ বছৰীয়া এজন মুছলমান দোকানীক তেওঁৰ দোকানৰ নামৰ পৰা "বাবা" শব্দটো আঁতৰাবলৈ হাৰাশাস্তি কৰি আছিল। সেই সংঘাতৰ সময়ত যেতিয়া লোকসকলে দীপকক তেওঁৰ নাম সুধিছিল, তেতিয়া তেওঁ কৈছিল— "মোৰ নাম মহম্মদ দীপক।" 
 
 
এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তেওঁ চৰ্চালৈ আহে যদিও ইয়াৰ ফলত তেওঁ বহু অবাঞ্ছিত সমস্যাৰো সন্মুখীন হ’বলগীয়া হয়। ৩১ জানুৱাৰীত বজৰং দলৰ একাংশ সদস্যই তেওঁক আগভেটি ধৰিছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে।
 
এই কাৰ্যৰ বাবে চহৰখন দুভাগত বিভক্ত হৈ পৰিছে। দীপকে জনোৱা মতে, চহৰৰ আধা মানুহে তেওঁক সমৰ্থন কৰিছে যদিও বহুতে তেওঁৰ বিৰোধিতা কৰিছে। ইয়াৰ প্ৰভাৱ পৰে তেওঁৰ জিমত। সদস্য কমি যোৱাৰ ফলত দীপকে জিমৰ মাহিলী ৪০,০০০ টকা ভাড়া আৰু ঘৰটো সজাবলৈ লোৱা ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে।
 
এই খবৰ পোৱাৰ পিছত জ্যেষ্ঠ অধিবক্তাসকলে প্ৰত্যেকেই ১০,০০০ টকাকৈ এবছৰৰ সদস্যপদ মাচুল আগবঢ়াইছে। চিপিআই (এম)ৰ সাংসদ জন ব্ৰিটাছে জিমখন ভ্ৰমণ কৰি সদস্যপদ লোৱাৰ পাছতে এই অধিবক্তাসকল অনুপ্ৰাণিত হৈ পৰে।
 
এই অভিযানৰ নেতৃত্ব দিয়া জ্যেষ্ঠ অধিবক্তাই দ্য ইণ্ডিয়ান এক্সপ্ৰেছক কয় যে তেওঁ দীপকৰ সৈতে কথা পাতিছিল, দীপকে ধন গ্ৰহণ কৰিবলৈ অমান্তি হৈছিল। তাৰ পিছত অধিবক্তাগৰাকীয়ে সদস্যপদৰ বাবে পুঁজি যোগান ধৰাৰ বিকল্পৰ কথা চিন্তা কৰে আৰু ভ্ৰাতৃত্ববোধ সম্পন্ন লোকসকলক বৰঙণি যোগাবলৈ সংগঠিত কৰে। তেওঁলোকে মাচুল বহন কৰিব নোৱাৰা স্থানীয় উচ্চাকাংক্ষী জিমগাৰ্ডসকলৰ বাবে বাৰ্ষিক সদস্যপদৰ বাবে পুঁজি যোগান ধৰাৰ সিদ্ধান্ত লৈছে। জিমলৈ যোৱা সদস্যক প্ৰদান কৰা সদস্যপদ কাৰ্ডত সদস্যপদৰ বাবে ধনৰাশি আগবঢ়োৱা ব্যক্তিৰ নাম থাকিব। দীপকে এই কথাত সন্মতি প্ৰদান কৰিছে আৰু গোটটোক ৰচিদ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।
 
ইয়াৰ উপৰি অধিবক্তাৰ গোটটোৱে তেওঁক ন্যায়িক প্ৰক্ৰিয়াত সহায় কৰিবলৈ বিনামূলীয়া আইনী সাহায্যৰ প্ৰতিশ্ৰুতি দিও সমৰ্থন আগবঢ়াইছে। এজন অধিবক্তাই কয় যে, “এতিয়া ২০ জনতকৈ অধিক অধিবক্তাই এই পদক্ষেপত যোগদান কৰিছে, যাৰ ফলত দীপকে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে ২৬ জানুৱাৰীৰ আইনী প্ৰতিক্ৰিয়াক প্ৰত্যাহ্বান জনাবলৈ সম্ভৱপৰ সৰ্বোত্তম প্ৰ’ ব’নো প্ৰতিনিধিত্ব লাভ কৰাটো নিশ্চিত কৰিছে।”
 
দীপক কুমাৰৰ সৈতে 'বাবা' মহম্মদ যাক তেওঁ আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিছিল
 
অধিবক্তাগৰাকীয়ে লগতে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে কুমাৰৰ এই কাৰ্যৰ প্ৰতি সংহতি প্ৰকাশ কৰা আৰু প্ৰমাণ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰা। অধিবক্তাগৰাকীয়ে কয়, "সঠিক কামটো কৰিবলৈ গৈ যাতে কাৰো জীৱন ধ্বংস নহয়, আমি সেয়া নিশ্চিত কৰিব বিচাৰোঁ।"
 
সামাজিক মাধ্যমত বহু লোকে তেওঁক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছে। অভিনেতা স্বৰা ভাস্কৰ আৰু লেখক হৰ্ষ মান্দৰেও সদস্যপদ ক্ৰয় কৰাৰ ধাৰণাটো উত্থাপন কৰিছিল। যোগাযোগ কৰাৰ সময়ত দীপকে কয় যে তেওঁ ধন নহয়, সদস্যপদৰ বাবে আগ্ৰহী। তেওঁ কয়, ''যিসকল লোকে মোক যোগাযোগ কৰিছে, মই তেওঁলোকক কৈছো যে মই নগদ ধন গ্ৰহণ নকৰো।’’ তেওঁ কয় যে বহু লোকে সদস্যপদৰ বাবে আহ্বান জনাইছে।
 
ইফালে, হিন্দু ৰক্ষা দল দলৰ নেতা পিংকি চৌধুৰীয়ে দীপকক ভাবুকি প্ৰদান কৰি একাধিক ভিডিঅ' পোষ্ট কৰিছে। এটা ভিডিঅ'ত তেওঁ আৰক্ষীৰ ওচৰত থিয় হৈ কুমাৰক 'নিস্তব্ধ' কৰি পেলোৱাৰ ভাবুকি দিয়া দেখিবলৈ পোৱা যায়। বৃহস্পতিবাৰে তেওঁ অনুগামীসকলক দীপকৰ জিমৰ সন্মুখত একত্ৰিত হ'বলৈ আহ্বান জনাইছিল।
 
''উত্তৰাখণ্ড চৰকাৰে আমাক সেই ঠাইলৈ যোৱাত বাধা দিছে, কিন্তু মোৰ অনুগামীসকল সেই ঠাইলৈ যাবলৈ ওলাইছে... আমি তেওঁক চিধা কৰি দিম। যদি কোনোবাই সনাতনসকলৰ অনুভূতিত আঘাত কৰে আৰু যদি কোনো হিন্দুয়ে ধৰ্মক আঘাত কৰে, আমি তেওঁক শুধৰাই দিম।’’- নেতাগৰাকীয়ে কয়।
 
ইয়াৰ পৰিপ্ৰেক্ষিতত পাউৰী গড়ৱাল আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। সন্দেহজনক ব্যক্তিৰ চিনাক্তকৰণ আৰু পৰীক্ষণো সুনিশ্চিত কৰা হৈছে। মহানগৰীৰ মুখ্য পথ, সংযোগী পথ, স্পৰ্শকাতৰ স্থান, বজাৰ, ৰাজহুৱা স্থান আৰু জনবহুল অঞ্চলত পৰ্যাপ্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীৰ দলসমূহে পদযাত্ৰা আৰু ম'বাইল পেট্ৰ'লিঙৰ জৰিয়তে নিৰন্তৰ নিৰীক্ষণ অব্যাহত ৰাখিছে। কোটদ্ৰৱাৰ পৰিৱেশ বিঘ্নিত কৰিবলৈ বা যিকোনো প্ৰকাৰে শান্তি বিঘ্নিত কৰিবলৈ বাহিৰৰ পৰা অহা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰিছে।