আৰিফুল ইছলাম/ৰঙিয়া
মাতৃৰ কোলাত উমলি থকাৰ বয়সতে বহুতৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে এটি শিশু। নিজৰ দুৰ্বলতাক শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে এই ৫ বছৰীয়া কণমানিটিয়ে। বিশেষভাৱে সক্ষম হৈ জন্মগ্ৰহণ কৰা উমৰ ফাৰুক জিলিকিছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। উমৰে টাইকোৱাণ্ডোত চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাই লাভ কৰিবলৈ সক্ষম হৈছে সোণ তথা ৰূপৰ পদক। উমৰ ফাৰুকৰ ঘৰ নলবাৰী জিলাৰ বিলপাৰ নাৰিকুছিত।
২০২০ চনত জন্মগ্ৰহণ কৰা উমৰ ফাৰুকৰ জন্মৰ পৰাই দুয়োখন ভৰি ৯০ শতাংশ বেঁকা আছিল। উমৰে জীৱনত কেতিয়াও খোজকাঢ়িব নোৱাৰিব বুলি পিতৃ-মাতৃ তথা গাঁৱৰ ৰাইজে ভাবিছিল। কিন্তু আজি উমৰে যেতিয়া টাইকোৱাণ্ডো খেলে, তেতিয়া এনেকুৱা লাগে উমৰ যেন একেবাৰেই সাধাৰণ শিশু। কিন্তু পিতৃ-মাতৃৰ চেষ্টা আৰু একাগ্ৰতাৰ ফলত উমৰে আজি ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টাইকোৱাণ্ডো খেলি পদক লাভ কৰিবলৈ সক্ষম হৈছে।
এখন প্ৰতিযোগিতাত বিজয়ৰ পিছত উমৰ ফাৰুক
আৱাজ- দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উমৰ ফাৰুকৰ পিতৃ জুলু আলীয়ে কয়, "উমৰৰ ২০২০ চনত জন্ম হৈছিল আৰু জন্মৰে পৰা তাৰ দুয়োখন ভৰি ৯০ শতাংশ বেঁকা আছিল। আমি আৰম্ভণিতে যথেষ্ট দুখ পাইছিলোঁ যে, উমৰে চাগে কেতিয়াও খোজকাঢ়িব নোৱাৰিব। কিন্তু আমি তাৰ চিকিৎসা আৰম্ভ কৰিলোঁ। প্ৰথমতে গুৱাহাটীত দেখুৱালো, পিছত নলবাৰীৰ এখন চিকিৎসালয়ত উমৰৰ ভৰিৰ অপাৰেচন কৰা হয়। অপাৰেচন হোৱাৰ পিছত ভৰি দুখন একেবাৰে শক্তিহীন হৈ পৰে। দুয়োখন ভৰিত দীঘলীয়া সময় প্লাষ্টাৰ আৰু বিশেষ জোতা পিন্ধাই থোৱা আছিল। সেইবোৰ খুলি দিয়াৰ পিছতো উমৰৰ ভৰি দুখনলৈ শক্তি ঘূৰি অহা নাছিল। ২ বছৰ ৭ মাহ বয়সত আমি ডাক্তৰৰ পৰামৰ্শ মতে উমৰক টাইকোৱাণ্ডোত নামভৰ্তি কৰি দিছিলোঁ।"
আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত ভাৰতীয় দলৰ সতীৰ্থসকলৰ সৈতে উমৰ ফাৰুক
উল্লেখ্য যে, উমৰ ফাৰুক বৰ্তমান ৰঙিয়াৰ আল-হিদায়াহ ইণ্টাৰনেচনেল পাব্লিক স্কুলৰ UKG ৰ ছাত্ৰ। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা উমৰ ফাৰুকৰ পিতৃ-মাতৃয়ে বিগত ৫ বছৰ ধৰি ল'ৰাটোৰ নামত যথেষ্ট কষ্ট কৰি আহিছে। টাইকোৱানণ্ডোত নামভৰ্তি কৰি দিয়াৰ পিছৰে পৰাই এদিনো ক্ষতি নকৰাকৈ পিতৃয়ে উমৰক প্ৰশিক্ষণৰ বাবে লৈ যায়। তেওঁলোকৰ ঘৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ কেঁচা ৰাস্তা। বৰষুণৰ বতৰত বাইক বা গাড়ী চলোৱাটো দূৰৰে কথা, চাইকেল চলাবলৈও যথেষ্ট অসুবিধা হয়। বৰষুণৰ বতৰত উমৰক কান্ধত তুলি পিতৃয়ে ৰাষ্ট্ৰীয় ঘাইপথলৈ আহি গাড়ীত উঠাই প্ৰশিক্ষণ চেণ্টাৰলৈ লৈ যায়।
ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ স্বত্ত্বাধিকাৰী তথা মুখ্য প্ৰশিক্ষক সুজল গুহই কয়, "আঢ়ৈ বছৰমান বয়সত যেতিয়া দেউতাকে তাক মোৰ ওচৰলৈ লৈ আহিছিল, তেতিয়া তাৰ ভৰিত ৰোড লগোৱা আছিল, ভালদৰে খোজকাঢ়িব পৰা নাছিল। পিতৃ-মাতৃয়ে উমৰৰ নামত যথেষ্ট কষ্ট কৰিছিল। উমৰৰ অপাৰেচনৰ পিছত ডাক্তৰে ভাল এবিধ ক্ৰীড়াত নামভৰ্তি কৰাই দিয়াৰ পৰামৰ্শ দিছিল। তেতিয়া উমৰৰ দেউতাকে তাক মোৰ ওচৰলৈ লৈ আহিছিল। প্ৰথমতে বহু দিন ব্যায়াম কৰালোঁ। বহুদিন দৌৰা আৰু শৰীৰ চৰ্চা কৰাৰ পিছত টাইকোৱাণ্ডোৰ প্ৰাৰম্ভিক বিষয়বোৰ শিকোৱা আৰম্ভ কৰিলোঁ। লাহে লাহে প্ৰশিক্ষণ লৈ লৈ এতিয়া সি খুব সুন্দৰভাৱে খেলিব পৰা হৈছে। উমৰৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সি প্ৰতিটো কামত ভালদৰে মনোযোগ দিয়ে। তাৰ যথেষ্ট আগ্ৰহ আছে। এতিয়া ৰাজ্যিক পৰ্যায়ত সোণ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত ৰূপৰ আৰু সোণৰ পদক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ৰূপ আৰু সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে।"
মেডেল আৰু ট্ৰফীৰ সৈতে উমৰ ফাৰুক
"উমৰক আজি মানুহে দেখিলে কল্পনাও কৰিব নোৱাৰে যে এই ল'ৰাজনৰ জন্মতে দুয়োখন ভৰি ৯০ শতাংশ বেঁকা আছিল। মোৰ কোচিং চেণ্টাৰত তাৰ আঢ়ৈ বছৰ হ'ল। এই আঢ়ৈ বছৰ বয়সৰ ভিতৰত সি ব্লেক বেল্ট অৰ্জন কৰিলে। ব্লেক বেল্টৰ কাৰণে যেতিয়া পৰীক্ষা দিছিল, তেতিয়া সি বহুত ধুনীয়া প্ৰদৰ্শন কৰিছিল। কিন্তু আমাৰ এটা আক্ষেপ ৰৈ গ'ল যে, যদি এই শিশুটিয়ে দুমাহ আগত ব্লেক বেল্ট পালেহেঁতেন, তেন্তে আটাইতকৈ কম বয়সত ব্লেক বেল্ট পোৱাৰ বাবে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত তাৰ নাম আহিলহেঁতেন। এতিয়া আটাইতকৈ কম বয়সত ব্লেক বেল্ট পোৱা উমৰ অসমৰ দ্বিতীয়। যিটো পৰ্যায়ত উমৰে খেলি আছে, উমৰে ১৮-১৯ বছৰ বয়সতে গ্ৰেণ্ড মাষ্টৰ হ'ব পাৰিব। উমৰৰ প্ৰতিভা দেখি আমি অনুমান কৰিব পাৰিছোঁ যে, উমৰ অলিম্পিক পৰ্যায়লৈ যাব পাৰিব আৰু তাৰ বাবে আমি তাক প্ৰশিক্ষণ দি থাকিম", সুজল গুহই কয়।
উল্লেখ্য যে, উমৰ ফাৰুকে জুলাইত দিল্লীলৈ আকৌ নেচনেল খেলিবলৈ যাব। চলিত বৰ্ষতে কোৰিয়াত অনুষ্ঠিত হ'বলগীয়া জুনিয়ৰ টাইকোৱাণ্ডো অলিম্পিকত সি অংশগ্ৰহণ কৰিব বুলি প্ৰশিক্ষকে কয়।
স্থানীয় বাসিন্দা মহম্মদ ৰেজেক আলীয়ে কয়, "মই এওঁলোকৰ ঘৰলৈ প্ৰায় আহোঁ, এইখন ঘৰৰ লগত মোৰ ভাল সম্পৰ্ক আছে। জন্মতে উমৰৰ ভৰি দুখন দেখি ভবাই নাছিলোঁ যে সি এদিন খোজকাঢ়িবও পাৰিব। এতিয়াতো আন্তঃৰাষ্ট্ৰীয় খেল খেলি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আচলতে মাক-দেউতাকে তাৰ লগত যথেষ্ট কষ্ট কৰিছে। আমি গাঁওবাসী যথেষ্ট সুখী আৰু অনাগত দিনত আৰু আগবাঢ়ি যোৱাৰ কামনা কৰিছোঁ।"