ইংলিছ চেনেল জয় কৰি ইতিহাস ৰচিলে অসম কন্যা অংকিতা কোঁৱৰে

Story by  atv | Posted by  [email protected] • 6 h ago
অসম কন্যা অংকিতা কোঁৱৰ
অসম কন্যা অংকিতা কোঁৱৰ
 
সুদীপ শৰ্মা চৌধুৰী
 
ইতিহাস ৰচিবলৈ সক্ষম হৈছে অসমৰ জীয়ৰী অংকিতা কোঁৱৰে। তেওঁ অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা, যিয়ে এক আন্তঃৰাষ্ট্ৰীয় ৰিলে দলৰ সদস্য হিচাপে বিশ্বৰ অন্যতম কঠিন 'ইংলিছ চেনেল' সফলতাৰে সাঁতুৰী অতিক্ৰম কৰিছে। ডোভাৰ (ইংলেণ্ড)ৰ পৰা কেলিলৈকে (ফ্ৰান্স) এই ঐতিহাসিক ৰিলে সাঁতোৰ সম্পূৰ্ণ কৰিবলৈ দলটোক ১৩ ঘণ্টা ৫ মিনিট সময় লাগে।
 
ইংলিছ চেনেল বিশ্বৰ আটাইতকৈ কঠিন মুকলি পানীৰ সাঁতোৰসমূহৰ ভিতৰত অন্যতম। হাড় কঁপোৱা ঠাণ্ডা পানী, প্ৰবল সোঁত, অনিশ্চিত জোৱাৰ-ভাটা আৰু দ্ৰুতগতিত সলনি হোৱা বতৰৰ বাবে এই পথ অতিক্ৰম কৰাটো সহনশীলতাৰ এক ডাঙৰ পৰীক্ষা বুলি গণ্য কৰা হয়। অংকিতাই ছয়জনীয়া এটা আন্তঃৰাষ্ট্ৰীয় ৰিলে দলৰ সৈতে এই কৃতিত্ব অৰ্জন কৰে।
 
স্বামী তথা এণ্ডুৰেন্স এথলীট মিলিন্দ সোমনৰ সৈতে অংকিতা কোঁৱৰ
 
এই সাফল্য অধিক তাৎপৰ্যপূৰ্ণ, কাৰণ মাত্ৰ তিনি বছৰ আগতেহে অংকিতাই সাঁতোৰ শিকিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছৰে পৰা তেওঁ নিজক ভাৰতৰ অন্যতম পৰিচিত 'এণ্ডিউৰেন্স এথলীট' হিচাপে গঢ়ি তুলিছে। ইয়াৰ পূৰ্বে তেওঁ 'ফুল আইৰনমেন বাৰ্চিলোনা', 'টি১০০ ট্ৰাইথলন ডুবাই'কে ধৰি একাধিক আন্তঃৰাষ্ট্ৰীয় সহনশীলতাৰ প্ৰতিযোগিতা সফলতাৰে সম্পূৰ্ণ কৰিছে।

সাফল্যৰ পিছত অংকিতাই কয়, "ইংলিছ চেনেল কেৱল এটা সাঁতোৰ নহয়, এয়া মানসিক দৃঢ়তা, দলগত একতা আৰু নিজৰ ওপৰত থকা বিশ্বাসৰ পৰীক্ষা। অসম তথা উত্তৰ-পূব ভাৰতক প্ৰতিনিধিত্ব কৰি ভাৰতৰ পতাকা বহন কৰিবলৈ পাই মই গৌৰৱান্বিত।" তেওঁ লগতে জনায় যে ভৱিষ্যতে অকলে ইংলিছ চেনেল পাৰ হোৱাটোৱেই তেওঁৰ পৰৱৰ্তী লক্ষ্য।
 
তেওঁ আৰু কয়, "মই এসময়ত সাঁতোৰিবই জনা নাছিলো, মই যদি ইয়াত উপনীত হ’ব পাৰো, তেন্তে ধাৰাবাহিক পৰিশ্ৰম আৰু সাহস থাকিলে যিকোনো ব্যক্তিয়েই নিজৰ সপোন পূৰণ কৰিব পাৰে।"
 
অংকিতা কোঁৱৰ
 
অংকিতাই জনায় যে তেওঁৰ এই সাফল্যই দেশৰ অধিক সংখ্যক মহিলা আৰু যুৱ ক্ৰীড়াবিদক ডাঙৰ সপোন দেখিবলৈ আৰু কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। ইংলিছ চেনেল জয় কৰাৰ পিছতো তেওঁ ইতিমধ্যে পৰৱৰ্তী এণ্ডিউৰেন্স প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিছে।
 
অংকিতাই তেওঁৰ এই সাফল্যৰ বাবে স্বামী তথা এণ্ডিউৰেন্স এথলীট মিলিন্দ সোমান, প্ৰশিক্ষক অৰ্জুন কাওলে আৰু পৰিয়ালৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁৰ ভাষাত, কঠিন সময়ত তেওঁলোকৰ সমৰ্থনেই তেওঁক এই অসাধাৰণ কৃতিত্ব অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।