ইক্ৰাম হুছেইনৰ পিতলৰ শিল্পকৰ্মই মুগ্ধ কৰিছে প্ৰধানমন্ত্ৰী মোদীক

Story by  atv | Posted by  Munni Begum • 10 h ago
 92 নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইক্ৰাম হুছেইন (টুপী পিন্ধি থকা গৰাকী)
92 নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইক্ৰাম হুছেইন (টুপী পিন্ধি থকা গৰাকী)
 
দয়াৰাম বশিষ্ঠ
 
তেওঁৰ বয়স তেতিয়া ১৫ বছৰ, সেই সময়তে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত থকা ঈদগাহ গুৰুদ্বাৰৰ পৰিচালকে তেওঁক তেওঁৰ মাতৃৰ নামটো এখন এলুমিনিয়াম প্লেটত খোদিত কৰিবলৈ দিছিল। ১৫ বছৰীয়া এই কিশোৰজন তেতিয়ালৈকে স্কুললৈ যোৱা নাছিল, কিন্তু পিতৃৰ পৰা ধাতুৰ ওপৰত নক্সা খোদিত কৰাৰ কৌশল আয়ত্ত কৰিছিল। নিৰক্ষৰ আছিল বাবে কিশোৰজনে লাজ অনুভৱ কৰি মেনেজাৰক মাতৃৰ নামটো লিখি দিবলৈ অনুৰোধ কৰিছিল। 
 
কিশোৰজনে সেই নামটো সুন্দৰকৈ প্লেটটোত খোদিত কৰি দিছিল আৰু এই কামৰ বাবে ১০ টকা লাভ কৰিছিল। এই ধনৰাশিয়ে কিশোৰজনক ইমানেই আত্মবিশ্বাসী কৰি তোলে যে তেওঁ এই কামটোক গুৰুত্বসহকাৰে লোৱাৰ সিদ্ধান্ত লয়। এসময়ৰ এই কিশোৰটিয়েই আজি হৈ পৰে প্ৰখ্যাত শিল্পী। যাৰ নাম ইক্ৰাম হুছেইন। আজি উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ ৬১ বছৰীয়া এই শিল্পীগৰাকীয়ে লাভ কৰিছে ৰাষ্ট্ৰীয় বঁটা। স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শিল্পকৰ্মৰ উচ্চ প্ৰশংসা কৰিছে। 
তেওঁৰ জীৱনৰ এক গৌৰৱোজ্জ্বল মুহূৰ্ত আছিল যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ নতুন দিল্লীৰ ভাৰত মণ্ডপমস্থিত দ্বাদশ গ্ৰামীণ ভাৰত মহোৎসৱত তেওঁৰ সুন্দৰ কাৰুকাৰ্য প্ৰত্যক্ষ কৰি মুগ্ধ হৈছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰুকাৰ্যসমূহ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিছিল আৰু তেওঁৰ কৰ্ম আৰু নিষ্ঠাৰ বাবে পিঠিত থপৰিয়াই তেওঁক প্ৰশংসা কৰিছিল। মহোৎসৱত তেওঁ এই শিল্পকৰ্ম প্ৰদৰ্শন কৰিছিল।
 
"ব্ৰাছ চিটি" নামেৰে পৰিচিত মোৰাদাবাদ ইয়াৰ উৎকৃষ্ট পিতলৰ শিল্পৰ বাবে বিখ্যাত। ইক্ৰাম হুছেইনে কয় যে তেওঁ ঘৰৰ আৰ্থিক অসুবিধাৰ বাবে অধ্যয়ন কৰিব পৰা নাছিল। তথাপি তেওঁ কেতিয়াও আশা হেৰুওৱা নাছিল।
 
অতি কম বয়সতে তেওঁ ককাক আৰু দেউতাকৰ কামত সহায় কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ পিতৃ হাজী আব্দুল হামিদ আৰু খুৰাক ৰজক পদক বিজয়ী হাজী গোলাম নবীও মোৰাদাবাদৰ প্ৰখ্যাত শিল্পী আছিল। মাত্ৰ সাত বছৰ বয়সৰ পৰাই ইক্ৰামে এই বিদ্যা শিকিবলৈ লৈছিল।
 
আজিও পঢ়া-শুনা শেষ কৰিব নোৱাৰাৰ কথা সুধিলে তেওঁৰ চকু চলচলীয়া হৈ পৰে। তেওঁ জনোৱা মতে, পৰিয়ালৰ অৱস্থা ইমানেই শোচনীয় আছিল যে দিনে-ৰাতিয়ে কাম কৰিও তেওঁলোকে সপ্তাহত মাত্ৰ ৫-৭ টকাহে উপাৰ্জন কৰিব পাৰিছিল। কিন্তু তেওঁ এই দুৰ্বলতাক নিজৰ বাধা হ’বলৈ নিদিলে। পৰিয়ালটোক সহায় কৰিবলৈ তেওঁ স্কুল এৰি কাম কৰিবলৈ আৰম্ভ কৰে। 
 
সুৰাজকুণ্ড মহোৎসৱত নিজৰ বিপণিত ইক্ৰাম হুছেইন
 
একাগ্ৰতাৰে তেওঁ পিতলত মানুহৰ মুখ অবিকলভাৱে খোদিত কৰাৰ কলা আয়ত্ত কৰিলে। তেওঁৰ শিল্পত এক গভীৰতা আৰু প্ৰাণৱন্ত ভাব থাকে, যাৰ বাবে তেওঁৰ শিল্পকলাই হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান- সকলো সম্প্ৰদায়ৰ লোকক সমানে আকৰ্ষিত কৰে। তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে ২০০৪ চনত উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক তেওঁৰ অসাধাৰণ কলা-কুশলতাৰ বাবে পুৰস্কাৰ প্ৰদান কৰে। তেওঁ ৫০০০ টকাৰ নগদ পুৰস্কাৰো লাভ কৰে।
 
তেওঁ জানিবলৈ দিয়ে যে যেতিয়া তেওঁ বঁটাৰ ৫০০০ টকাৰ চেকখন বেংকত জমা দিবলৈ গৈছিল, বেংক মেনেজাৰে তেওঁক চাহ যাচিছিল। এই স্বীকৃতি তেওঁৰ বাবে সপোন বাস্তৱায়িত হোৱাৰ দৰে আছিল। তেওঁৰ পৰিয়ালৰ মাজত এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছিল আৰু তেওঁৰ মনোবল বহুগুণে বৃদ্ধি পাইছিল।
 
আজি ইক্ৰাম হুছেইন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সন্মান আৰু বঁটা লাভ কৰিছে।  আজি ইকৰাম হুছেইন এজন সফল উদ্যোগী। তেওঁ তেওঁৰ কোম্পানীটো পৰিচালনা কৰে, যিটো তেওঁ বেংকৰ ঋণ লৈ আৰম্ভ কৰিছিল। যিজন শিল্পীয়ে এদিন সপ্তাহত মাত্ৰ ৫ টকা উপাৰ্জন কৰিছিল, তেওঁ এতিয়া বেংকৰ ঋণ লৈ নিজাকৈ কোম্পানী চলাইছে আৰু বহু লোকক কৰ্মসংস্থাপন তথা প্ৰশিক্ষণ দিছে। তেওঁৰ ব্যৱসায় এতিয়া লাখ লাখ টকাৰ। বিহাৰ চৰকাৰে তেওঁক শিল্পীসকলক প্ৰশিক্ষণ দিবলৈ নিযুক্তি দিছে আৰু তেওঁ ইতিমধ্যে ৪০০-ৰো অধিক শিল্পীক প্ৰশিক্ষণ দিছে।
 
ইক্ৰাম হুছেইন (বাওঁফালে)
 
ইক্ৰাম হুছেইনে তেওঁৰ শিল্পৰ জৰিয়তে একতা আৰু ভাতৃত্ববোধৰ বাৰ্তাও দি আহিছে। তেওঁ পিতলৰ সামগ্ৰীত হিন্দু, মুছলমান, শিখ আৰু খ্ৰীষ্টান— সকলো ধৰ্মৰ চিহ্ন খোদিত কৰি এক নিদৰ্শন দাঙি ধৰিছে। ২০২২ চনত তেওঁক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। তেওঁ বিশ্বাস কৰে যে সকলো ধৰ্ম এটা পৰিয়ালৰ দৰে আৰু আমি ধৰ্ম-জাতিৰ ঊৰ্ধত উঠি প্ৰেম আৰু ভাতৃত্ববোধ জীয়াই ৰাখিব লাগে।
 
তেওঁ নিৰ্মাণ কৰা ৰাম মন্দিৰৰ কাৰুকাৰ্য আৰু অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ ৪০ ইঞ্চিৰ ভাস্কৰ্য লক্ষ্ণৌ সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।তেওঁ উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যিক বঁটা দ্বিতীয়, ভীম ৰাও আম্বেদকাৰ বঁটা, ড০ ৰাম মনোহৰ লোহিয়া ৰাজ্যিক বঁটা, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ পৰা ৰাষ্ট্ৰীয় বঁটা দ্বিতীয়, অসম চৰকাৰৰ পৰা দুটাকৈ সন্মান আৰু প্ৰধানমন্ত্ৰীৰ পৰা সন্মানসহ বহুতো বঁটা লাভ কৰিছে।
 
তেওঁ মুঠ ২০টা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে তেওঁ 'গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ'তো স্থান লাভ পাইছে। তেওঁৰ এই কাহিনী- সংগ্ৰাম, ধৈৰ্য আৰু আত্মবিশ্বাসৰ এক অনন্য নিদৰ্শন।