মুৰ্শিদাবাদত মানৱতাৰ উজ্জ্বল নিদৰ্শন; মৃত্যুৰ পিছত অংগদান কৰি চাৰিজন ব্যক্তিক নতুন জীৱন দিলে জাহানাৰা বিবিয়ে

Story by  atv | Posted by  Munni Begum • 1 Months ago
জাহানাৰা বিবি
জাহানাৰা বিবি
 
শম্পি চক্ৰৱৰ্তী পুৰকায়স্থ
 
মৃত্যুৰ পিছতো মানৱতাৰ পোহৰ বিলাই থৈ গ’ল মুৰ্শিদাবাদৰ কান্দিৰ এগৰাকী মহিলাই। ৫৮ বছৰীয়া জাহানাৰা বিবিয়ে এক মৰ্মান্তিক দুৰ্ঘটনাৰ পিছত অংগদান কৰি আজি একাধিক মানুহৰ জীৱনত নতুন আশাৰ সঞ্চাৰ কৰিছে। এই অঞ্চলটোত অংগদানৰ দৰে মহান কাম কৰা জাহানাৰাই প্ৰথম। জাহানাৰাই মৃত্যুৰ পিছত অংগদান কৰি এক মহান  নিদৰ্শন দেখুৱালে।
 
পৰিয়ালৰ পৰা জানিব পৰা গৈছে যে, কেইদিনমান আগতে পুত্ৰ মেহবুব আলমৰ সৈতে বাইকেৰে ঘৰলৈ উভতি আহি আছিল জাহানাৰা বিবি। হঠাৎ বাটতে অসুস্থ হৈ তেওঁ বাইকৰ পৰা পৰি যায় আৰু ৰাস্তাত ঢলি পৰে। লগে লগে তেওঁক মুৰ্শিদাবাদ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয়। তাত চিটি স্কেন (CT Scan) কৰাৰ পিছত জানিব পৰা যায় যে তেওঁ চেৰিব্ৰেল ষ্ট্ৰোকত আক্ৰান্ত হৈছে আৰু তেওঁৰ মগজু প্ৰায় বিকল হৈ পৰিছে। পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক কলকাতাৰ এছ.এছ.কে.এম. (SSKM) হাস্পতাললৈ স্থানান্তৰ কৰা হয়।
চিকিৎসকৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টা সত্ত্বেও অৱশেষত ৭ ডিচেম্বৰত তেওঁক 'ব্ৰেইন-ডেড' (Brain-dead) বুলি ঘোষণা কৰা হয়। এই কঠিন সময়ছোৱাত চিকিৎসসকলে পৰিয়ালৰ লোকক অংগদানৰ প্ৰস্তাৱ দিয়ে। প্ৰথমতে পৰিয়ালটো কিছু দ্বিধাত পৰিছিল যদিও পিছলৈ সন্মতি প্ৰদান কৰে। এই সিদ্ধান্তত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে জাহানাৰাৰ ভাতৃ তথা ভৰতপুৰ সমষ্টিৰ বিধায়ক হুমায়ুন কবীৰে।
 
এই সন্দৰ্ভত হুমায়ুন কবীৰে কয়, "ধৰ্মই দানক উৎসাহিত কৰে। মোৰ মতে, মৃত্যুৰ পিছত অংগদানতকৈ ডাঙৰ দান আৰু একো হ’ব নোৱাৰে। মোৰ ভগ্নীৰ অংগদানে চাৰিজন মানুহৰ জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনিছে।"
 
জানিব পৰা মতে, জাহানাৰ বিবিৰ হৃদযন্ত্ৰটো (Heart) প্ৰথমতে উপযুক্ত গ্ৰহণকাৰী নোপোৱাৰ বাবে হায়দৰাবাদলৈ পঠিওৱা হয়, য’ত ৭২ বছৰীয়া এগৰাকী মহিলাৰ শৰীৰত সেয়া সফলতাৰে সংৰোপণ কৰা হৈছে। তেওঁৰ যকৃৎ (Liver) এছ.এছ.কে.এম. হাস্পতালত এগৰাকী ২৫ বছৰীয়া যুৱতীৰ শৰীৰত সংৰোপণ কৰা হৈছে। ইয়াৰ লগতে তেওঁৰ দুয়োটা বৃক্কই (Kidney) ২১ আৰু ৩৫ বছৰীয়া দুজন ব্যক্তিক নতুন জীৱন প্ৰদান কৰিছে।
 
চিকিৎসকসকলে জনোৱা মতে, অংগ সংৰোপণৰ পিছত প্ৰতিগৰাকী ৰোগীয়েই ইতিবাচক সঁহাৰি দিছে। জাহানাৰা বিবিৰ এই মানৱীয় সিদ্ধান্তই কেৱল চাৰিটা জীৱনেই ৰক্ষা কৰা নাই, বৰঞ্চ সমাজত অংগদানৰ গুৰুত্ব সম্পৰ্কে এক নতুন বাৰ্তাও বিয়পাই দিছে। মৃত্যুৰ পিছতো মানুহৰ কাষত থিয় দিয়াৰ এই বিৰল উদাহৰণে ভৱিষ্যতে আৰু বহু লোকক অংগদান কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।